--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা খেলুৱৈ তথা প্ৰাক্তন অধিনায়ক বিৰাট কোহলিয়ে এতিয়া খেলৰ সমান্তৰালভাৱে ব্যৱসায়তো হাত উজান দিবলৈ সাজু হৈছে। আচলতে বিৰাটে এখন ৰেষ্টুৰেণ্ট খোলাৰ পৰিকল্পনা কৰিছে, যাৰ বাবে তেওঁ প্ৰস্তুতিও আৰম্ভ কৰিছে। নিজাকৈ ৰেষ্টুৰেণ্ট এখন খোলাৰ দিশে আগবাঢ়িছে বিৰাট কোহলী। ইয়াৰ বাবে তেওঁ স্থানো নিৰ্বাচন কৰিছে। বিৰাট কোহলীয়ে বলীউডৰ প্ৰখ্যাত অভিনেতা-গায়ক প্ৰয়াত কিশোৰ কুমাৰৰ বাংলোটো ৰেষ্টুৰেণ্ট খোলাৰ বাবে নিৰ্বাচন কৰিছে। অতি সোনকালেই ক্ৰিকেটাৰ বিৰাট কোহলীয়ে মুম্বাইৰ জুহুৰ কিশোৰ কুমাৰৰ বাংলোত নিজাকৈ ৰেষ্টুৰেণ্ট আৰম্ভ কৰিবলৈ আগবাঢ়িছে।

বিগত কেইবাদিন ধৰি দুৰ্বল ফৰ্মৰ সৈতে যুঁজি থকা বিৰাটে অধিনায়কত্ব এৰি নিজৰ খেলত মনোনিৱেশ কৰিবলৈ আৰম্ভ কৰিছে। ইয়াৰ ফলত এছিয়া কাপত ভাৰতৰ হৈ ভাল প্ৰদৰ্শন কৰিছে বিৰাটে। তেওঁ উভতি অহাত সমগ্ৰ দেশ সুখী হৈ থকাৰ সময়তে এতিয়া খবৰ আহি আছে যে বিৰাটে অতি সোনকালে ৰেষ্টুৰেণ্টৰ জৰিয়তে মানুহৰ সৈতে সংযোগ স্থাপন কৰিবলৈ গৈ আছে আৰু ক্ৰিকেটাৰজনেও এই কামৰ বাবে বহুত উৎসাহী হৈ পৰিছে। খবৰ অনুসৰি, ক্ৰিকেটাৰ বিৰাট কোহলীয়ে কিশোৰ কুমাৰৰ জুহু বাংলোৰ এটা ডাঙৰ অংশ ৫ বছৰৰ বাবে লিজত লৈছে আৰু ইয়াক দ্ৰুতগতিত উচ্চমানৰ ৰেষ্টুৰেণ্টলৈ ৰূপান্তৰিত কৰি আছে। কিশোৰ কুমাৰৰ বাংলোৰ চৌহদত দৈনিক কাম চলি আছে।

শীঘ্ৰেই আৰম্ভ হ’ব বিৰাট কোহলীৰ এই ৰেষ্টুৰেণ্ট। জানিব পৰা অনুসৰি অহা মাহৰ কোনোবা এটা দিনত বিৰাট কোহলীয়ে এই ৰেষ্টুৰেণ্টখন মুকলি কৰিব। এই খবৰসমূহ সত্য বুলিয়েই পোহৰলৈ আহিছে। কিশোৰ কুমাৰৰ পুত্ৰ অমিত কুমাৰে কয় যে ''এই সকলোবোৰ তেতিয়া আৰম্ভ হৈছিল যেতিয়া কেইমাহমান আগতে লীনা চন্দাৱৰকাৰৰ পুত্ৰ সুমিতে বিৰাট কোহলীক লগ পাইছিল আৰু দুয়োজনে কথা পাতিছিল। আমি ৫ বছৰৰ বাবে বিৰাট কোহলীক সেই স্থান লিজত দিছো।''

উল্লেখ্য যে এইখন বিৰাটৰ প্ৰথম ৰেষ্টুৰেণ্ট নহয়। ইয়াৰ পূৰ্বে তেওঁ বহু ৰেষ্টুৰেণ্টো খুলিছে। লগতে ২০১৭ চনত দিল্লীৰ আৰ কে পুৰমত এখন ৰেষ্টুৰেণ্ট খুলিছিল ক্ৰিকেটাৰগৰাকীয়ে। ইয়াৰ লগতে বিৰাটৰ নিজা কাপোৰৰ কোম্পানীও আছে, যাৰ নাম 'Wrogn.'

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু