--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা খেলুৱৈ তথা প্ৰাক্তন অধিনায়ক বিৰাট কোহলিয়ে এতিয়া খেলৰ সমান্তৰালভাৱে ব্যৱসায়তো হাত উজান দিবলৈ সাজু হৈছে। আচলতে বিৰাটে এখন ৰেষ্টুৰেণ্ট খোলাৰ পৰিকল্পনা কৰিছে, যাৰ বাবে তেওঁ প্ৰস্তুতিও আৰম্ভ কৰিছে। নিজাকৈ ৰেষ্টুৰেণ্ট এখন খোলাৰ দিশে আগবাঢ়িছে বিৰাট কোহলী। ইয়াৰ বাবে তেওঁ স্থানো নিৰ্বাচন কৰিছে। বিৰাট কোহলীয়ে বলীউডৰ প্ৰখ্যাত অভিনেতা-গায়ক প্ৰয়াত কিশোৰ কুমাৰৰ বাংলোটো ৰেষ্টুৰেণ্ট খোলাৰ বাবে নিৰ্বাচন কৰিছে। অতি সোনকালেই ক্ৰিকেটাৰ বিৰাট কোহলীয়ে মুম্বাইৰ জুহুৰ কিশোৰ কুমাৰৰ বাংলোত নিজাকৈ ৰেষ্টুৰেণ্ট আৰম্ভ কৰিবলৈ আগবাঢ়িছে।

বিগত কেইবাদিন ধৰি দুৰ্বল ফৰ্মৰ সৈতে যুঁজি থকা বিৰাটে অধিনায়কত্ব এৰি নিজৰ খেলত মনোনিৱেশ কৰিবলৈ আৰম্ভ কৰিছে। ইয়াৰ ফলত এছিয়া কাপত ভাৰতৰ হৈ ভাল প্ৰদৰ্শন কৰিছে বিৰাটে। তেওঁ উভতি অহাত সমগ্ৰ দেশ সুখী হৈ থকাৰ সময়তে এতিয়া খবৰ আহি আছে যে বিৰাটে অতি সোনকালে ৰেষ্টুৰেণ্টৰ জৰিয়তে মানুহৰ সৈতে সংযোগ স্থাপন কৰিবলৈ গৈ আছে আৰু ক্ৰিকেটাৰজনেও এই কামৰ বাবে বহুত উৎসাহী হৈ পৰিছে। খবৰ অনুসৰি, ক্ৰিকেটাৰ বিৰাট কোহলীয়ে কিশোৰ কুমাৰৰ জুহু বাংলোৰ এটা ডাঙৰ অংশ ৫ বছৰৰ বাবে লিজত লৈছে আৰু ইয়াক দ্ৰুতগতিত উচ্চমানৰ ৰেষ্টুৰেণ্টলৈ ৰূপান্তৰিত কৰি আছে। কিশোৰ কুমাৰৰ বাংলোৰ চৌহদত দৈনিক কাম চলি আছে।

শীঘ্ৰেই আৰম্ভ হ’ব বিৰাট কোহলীৰ এই ৰেষ্টুৰেণ্ট। জানিব পৰা অনুসৰি অহা মাহৰ কোনোবা এটা দিনত বিৰাট কোহলীয়ে এই ৰেষ্টুৰেণ্টখন মুকলি কৰিব। এই খবৰসমূহ সত্য বুলিয়েই পোহৰলৈ আহিছে। কিশোৰ কুমাৰৰ পুত্ৰ অমিত কুমাৰে কয় যে ''এই সকলোবোৰ তেতিয়া আৰম্ভ হৈছিল যেতিয়া কেইমাহমান আগতে লীনা চন্দাৱৰকাৰৰ পুত্ৰ সুমিতে বিৰাট কোহলীক লগ পাইছিল আৰু দুয়োজনে কথা পাতিছিল। আমি ৫ বছৰৰ বাবে বিৰাট কোহলীক সেই স্থান লিজত দিছো।''

উল্লেখ্য যে এইখন বিৰাটৰ প্ৰথম ৰেষ্টুৰেণ্ট নহয়। ইয়াৰ পূৰ্বে তেওঁ বহু ৰেষ্টুৰেণ্টো খুলিছে। লগতে ২০১৭ চনত দিল্লীৰ আৰ কে পুৰমত এখন ৰেষ্টুৰেণ্ট খুলিছিল ক্ৰিকেটাৰগৰাকীয়ে। ইয়াৰ লগতে বিৰাটৰ নিজা কাপোৰৰ কোম্পানীও আছে, যাৰ নাম 'Wrogn.'

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement