--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
ভাৰতৰ আন ঠাইৰ তুলনাত কলকাতাত অধিক উলহ-মালহেৰে উদযাপন কৰা হয়  দুৰ্গা পূজা৷ 
 ধৰ্ম, লিংগ আৰু তথা  অৰ্থনৈতিক ভেদাভেদ পাহৰি  সকলো একত্ৰিত হৈ  উদযাপন কৰাৰ বাবে  কলকাতাৰ দূৰ্গা পূজাই সকলোৰে প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে৷  

দূৰ্গা পূজা হৈছে  ধৰ্ম আৰু কলাৰ সাৰ্বজনীন একত্ৰীকৰণ ক্ষেত্ৰত সৰ্বশ্ৰেষ্ঠ উদাহৰণ ৷
এই উৎসৱ নগৰ অঞ্চলত বৃহৎ পৰিমাণে উদযাপন কৰা হয় আৰু  দেৱীক পৰম্পৰাগত ঢক বজাই  উপাসনা কৰা হয়। উৎসৱৰ সময়ছোৱাত  সকলো শ্ৰেণী, ধৰ্ম আৰু জাতিগত বিভাজন পাহৰি পূজা থলীত সমাগত হয় যথেষ্ট সংখ্যক  দৰ্শনাৰ্থী৷  এই  গোটেই প্ৰক্ৰিয়াটোক ইউনেস্ক’য়ে যথেষ্ট প্ৰশংসা কৰিছে  আৰু  কলকাতাৰ পূজায়ে লাভ কৰিছে বিশ্ব ঐতিহ্যৰ  এক বিশেষ স্বীকৃতি প্ৰদান কৰিছে ইউনেস্কোয়ে৷ 


শেষবাৰৰ বাবে ২০১৭ চনত  কুম্ভ মেলাক বিশ্ব  ঐতিহ্য হিচাপে স্বীকৃতি দিয়া হৈছিল। আৰু  ইয়াৰ পূৰ্বে   ২০১৬ চনত  ভাৰতীয় উৎসৱৰ দ্বাৰা ২০১৬ চনত যোগক স্বীকৃতি দিয়া হৈছিল।

পশ্চিম বংগৰ পুৰুলিয়া জিলাৰ ছৌ লোক নৃত্যই ২০১০ চনত এই স্বীকৃতি লাভ কৰিছিল। একে সময়তে, কেৰালাত মুদিয়াট্টু লোক নৃত্য আৰু ৰাজস্থানৰ কালবেলীত লোকগীতকো স্বীকৃতি দিয়া হৈছিল। ইয়াৰ উপৰিও, কুটিয়াটম সংস্কৃত থিয়েটাৰ, ৰামলীলা, বৈদিক জপ আৰু লাডাখৰ বৌদ্ধ নাম জপ কৰাৰ পৰম্পৰায়েও  এই স্বীকৃতি লাভ কৰিছে।

 ছেপ্টেম্বৰত পশ্চিম বংগৰ পৰ্যটন বিভাগে কেন্দ্ৰীয় সংস্কৃতি মন্ত্ৰালয়লৈ এটা প্ৰস্তাৱ প্ৰেৰণ কৰিছিল। পিছত, কেন্দ্ৰই ৰাজ্যখনৰ প্ৰস্তাৱক সমৰ্থন কৰে আৰু বিষয়টো ইউনেস্ক’ৰ ওচৰত উপস্থাপন কৰা হয়।যোৱা কালি ইউনেস্ক’য়ে  কলকাতাৰ দূৰ্গা পূজাক এই   স্বীকৃতি প্ৰদান কৰে৷  হেপাঁহৰ দূগা পূজালৈ মাত্ৰ কেইদিনমান থাকোঁতে লাভ কৰা এনে স্বীকৃতৰ বাবে উৎফুল্লিত হৈ পৰিছে সমগ্ৰ কলকাতা৷ ইউনেস্ক’ক ধন্যবাদ জনাই বহু সাংস্কৃতিক শোভাযাত্ৰা আয়োজন কৰিছে কলকাতাবাসীয়ে ৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু