--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আই পি এল আৰম্ভ হোৱাৰ আগতে বিৰাট কোহলীয়ে  হাতত কৰা এটা নতুন টাটুৱে বহুতৰে মনত কৌতূহলৰ সৃষ্টি কৰিছে। অনুৰাগীসকলৰ মাজত অনুমান আৰম্ভ হৈছিল এক নতুন চৰ্চা, নতুন টাটুটোৰ আঁৰত কোনো বিশেষ ৰহস্য আছে নেকি? যেতিয়া বিৰাটক এই বিষয়ে সোধা হৈছিল তেওঁ একো কোৱা নাছিল। কিন্তু এইবাৰ নতুন টাটুৰ ৰহস্য পোহৰলৈ  আহিছে। বিৰাট কোহলীয়ে কিয় তেওঁৰ সোঁ হাতত এটা নতুন টেটু আঁকিছে তাৰ কাৰণ তেওঁৰ টাটু শিল্পীয়ে ফাদিল  কৰিছে।

বিৰাট কোহলীয়ে টাটু বৰ ভালপায়। তেওঁৰ শৰীৰত মুঠ  ১১ টা টাটু আছে। বিৰাটে কৈছিল যে প্ৰতিটো টাটুৰ তেওঁৰ জীৱনৰ সৈতে এক বিশেষ সম্পৰ্ক আছে। তেওঁৰ পিতৃ-মাতৃৰ নামৰ পৰা আৰম্ভ কৰি তেওঁৰ এদিনীয়া ৰাণৰ সংখ্যালৈকে সকলোবোৰ বিৰাটৰ দুয়োখন হাতত টাটুৰ ৰূপত অংকন কৰা হৈছে। আই পি এল আৰম্ভ হোৱাৰ আগতে তেওঁৰ অনুৰাগীসকলে লক্ষ্য কৰিছিল যে বিৰাটৰ সোঁ হাতত এটা টাটু আছে, যিটো দেখাত অলপ পদুম ফুলৰ দৰে ।

অনুৰাগীসকলৰ মাজত এই টেটুৰ আঁৰৰ কাৰণ সম্পৰ্কে নানান আলোচনা চলিছিল। অৱশ্যে, বিৰাটে , "টাটুটো এতিয়াও সম্পূৰ্ণ হোৱা নাই। আধা  ৰং কৰা হৈছে। গতিকে মই এতিয়াও এই টেটুৰ অৰ্থ কি সেই বিষয়ে একো ক'ব নোৱাৰো’’ আদি যুক্তিৰে টাটু ৰহস্য ফাদিলৰ পৰা বিৰত আছিল।  অৱশ্যে বিৰাটৰ টেটু শিল্পী ছানী ভানুছালিয়ে কৈছে যে বিৰাটে দুটা পৰ্যায়ত মুঠ ১৪ ঘণ্টা সময় লৈ  নতুন টাটুটো অংকন কৰিছে। 

ছানিয়ে কৈছে, "বিৰাটে আমাৰ কাম বহুত ভালপায়। ৰজা কোহলীয়ে জানিবলৈ বিচৰা নাছিল যে টাটু কৰিবলৈ কিমান সময় লাগিব। তেওঁ মাত্ৰ কৈছিল যে তেওঁৰ আধ্যাত্মিকতা নতুন টেটুৰ সৈতে জড়িত হ'ব লাগিব।টাটুত তেওঁৰ আধ্যাত্মিকতাই প্ৰকাশ পাইছে।’’  জানিব পৰা গৈছে যে মুম্বাইচ  প্ৰথম পৰ্যায়ত প্ৰথমতে ছয় ঘণ্টাৰ বাবে টাটুৰ কাম কৰা হৈছিল। কেইদিনমানৰ পিছত দ্বিতীয় ৰাউণ্ডৰ টাটুৰ কাম বাংগালুৰুত আৰম্ভ কৰা হয়। টাটুটো আঁকোতে আঠ ঘণ্টা সময় লাগিছিল। এই টাটুত আধ্যাত্মিকতা আৰু সৰ্বশক্তিমানৰ সৈতে বিৰাটৰ সম্পৰ্ক প্ৰকাশ পাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে