--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আই পি এল আৰম্ভ হোৱাৰ আগতে বিৰাট কোহলীয়ে  হাতত কৰা এটা নতুন টাটুৱে বহুতৰে মনত কৌতূহলৰ সৃষ্টি কৰিছে। অনুৰাগীসকলৰ মাজত অনুমান আৰম্ভ হৈছিল এক নতুন চৰ্চা, নতুন টাটুটোৰ আঁৰত কোনো বিশেষ ৰহস্য আছে নেকি? যেতিয়া বিৰাটক এই বিষয়ে সোধা হৈছিল তেওঁ একো কোৱা নাছিল। কিন্তু এইবাৰ নতুন টাটুৰ ৰহস্য পোহৰলৈ  আহিছে। বিৰাট কোহলীয়ে কিয় তেওঁৰ সোঁ হাতত এটা নতুন টেটু আঁকিছে তাৰ কাৰণ তেওঁৰ টাটু শিল্পীয়ে ফাদিল  কৰিছে।

বিৰাট কোহলীয়ে টাটু বৰ ভালপায়। তেওঁৰ শৰীৰত মুঠ  ১১ টা টাটু আছে। বিৰাটে কৈছিল যে প্ৰতিটো টাটুৰ তেওঁৰ জীৱনৰ সৈতে এক বিশেষ সম্পৰ্ক আছে। তেওঁৰ পিতৃ-মাতৃৰ নামৰ পৰা আৰম্ভ কৰি তেওঁৰ এদিনীয়া ৰাণৰ সংখ্যালৈকে সকলোবোৰ বিৰাটৰ দুয়োখন হাতত টাটুৰ ৰূপত অংকন কৰা হৈছে। আই পি এল আৰম্ভ হোৱাৰ আগতে তেওঁৰ অনুৰাগীসকলে লক্ষ্য কৰিছিল যে বিৰাটৰ সোঁ হাতত এটা টাটু আছে, যিটো দেখাত অলপ পদুম ফুলৰ দৰে ।

অনুৰাগীসকলৰ মাজত এই টেটুৰ আঁৰৰ কাৰণ সম্পৰ্কে নানান আলোচনা চলিছিল। অৱশ্যে, বিৰাটে , "টাটুটো এতিয়াও সম্পূৰ্ণ হোৱা নাই। আধা  ৰং কৰা হৈছে। গতিকে মই এতিয়াও এই টেটুৰ অৰ্থ কি সেই বিষয়ে একো ক'ব নোৱাৰো’’ আদি যুক্তিৰে টাটু ৰহস্য ফাদিলৰ পৰা বিৰত আছিল।  অৱশ্যে বিৰাটৰ টেটু শিল্পী ছানী ভানুছালিয়ে কৈছে যে বিৰাটে দুটা পৰ্যায়ত মুঠ ১৪ ঘণ্টা সময় লৈ  নতুন টাটুটো অংকন কৰিছে। 

ছানিয়ে কৈছে, "বিৰাটে আমাৰ কাম বহুত ভালপায়। ৰজা কোহলীয়ে জানিবলৈ বিচৰা নাছিল যে টাটু কৰিবলৈ কিমান সময় লাগিব। তেওঁ মাত্ৰ কৈছিল যে তেওঁৰ আধ্যাত্মিকতা নতুন টেটুৰ সৈতে জড়িত হ'ব লাগিব।টাটুত তেওঁৰ আধ্যাত্মিকতাই প্ৰকাশ পাইছে।’’  জানিব পৰা গৈছে যে মুম্বাইচ  প্ৰথম পৰ্যায়ত প্ৰথমতে ছয় ঘণ্টাৰ বাবে টাটুৰ কাম কৰা হৈছিল। কেইদিনমানৰ পিছত দ্বিতীয় ৰাউণ্ডৰ টাটুৰ কাম বাংগালুৰুত আৰম্ভ কৰা হয়। টাটুটো আঁকোতে আঠ ঘণ্টা সময় লাগিছিল। এই টাটুত আধ্যাত্মিকতা আৰু সৰ্বশক্তিমানৰ সৈতে বিৰাটৰ সম্পৰ্ক প্ৰকাশ পাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ