--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰাক্তন ক্ৰিকেটাৰ চেলিম দুৰানী আৰু নাই।৮৮ বছৰ বয়সত তেওঁৰ মৃত্যু হৈছে। ভাৰতৰ প্ৰাক্তন অলৰাউণ্ডাৰজনৰ দেওবাৰে পুৱা জামনগৰত নিজৰ  ঘৰতে মৃত্যু হয়। তেওঁ কেইবাদিনো ধৰি বৃদ্ধ বয়সৰ নানান সমস্যাত ভুগি আছিল।

দুৰানী ১৯৬০-৬১ বৰ্ষত ইংলেণ্ডৰ বিৰুদ্ধে ঐতিহাসিক টেষ্ট শৃংখলা জয়ৰ ভাৰতীয় দলটোৰ নায়ক আছিল। অৰ্জুন বঁটা লাভ কৰা তেওঁ প্ৰথম ক্ৰিকেটাৰ আছিল।ভাৰতীয় ক্ৰিকেটলৈ দুৰানীৰ অৱদান বিশেষভাৱে গুৰুত্বপূৰ্ণ। তেওঁ সৌৰাষ্ট্ৰ, ৰাজস্থান আৰু গুজৰাটৰ হৈ ঘৰুৱা ক্ৰিকেট দলত খেলিছিল। দুৰানীৰ জন্ম ১৯৩৪ চনৰ ১১ ডিচেম্বৰত কাবুলত হৈছিল। দুৰানীৰ পৰিয়ালটো পিছত গুজৰাটৰ জামনগৰলৈ গুচি আহিছিল। বাওঁহাতৰ অলৰাউণ্ডাৰ দুৰানীয়ে  ভাৰতৰ হৈ ২৯ খন টেষ্ট খেলিছিল। তেওঁ ১৯৬০ চনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্ট অভিষেক কৰিছিল। তেওঁ শেষবাৰৰ বাবে ১৯৭৩ চনত ইংলেণ্ডৰ বিৰুদ্ধে এখন টেষ্ট খেলিছিল।

দুৰানীয়ে  ১৯৬০-৬১ বৰ্ষত ইংলেণ্ডৰ বিৰুদ্ধে কলকাতা আৰু চেন্নাই টেষ্টত ১৮ টা উইকেট দখল কৰিছিল। তেওঁৰ সুন্দৰ প্ৰদৰ্শনৰ বাবে ভাৰতে শৃংখলাটো ২-০ ত জিকিছিল। ১৯৭১ চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে পোৰ্ট অফ স্পেইন টেষ্টত ভাৰতৰ বিজয়তো তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।  

এবাৰ তেওঁক টেষ্ট দলৰ পৰা বাদ দিয়াৰ পিছত এটা বিশেষ শ্লোগান 'নো দুৰানী, নো টেষ্ট'ৰ সৃষ্টি হৈছিল। ফলত তেতিয়াৰ ৰাষ্ট্ৰীয় নিৰ্বাচকসকলে তেওঁক ইংলেণ্ডৰ বিৰুদ্ধে পৰৱৰ্তী টেষ্টত দললৈ ঘূৰাই আনিবলৈ বাধ্য হৈছিল। তেওঁ ভাৰতৰ হৈ ২৯ খন টেষ্টত ১২০২ ৰাণ সংগ্ৰহ কৰিছিল। তেওঁ ৭৪ টা উইকেট দখল কৰিছিল। দুৰানীয়ে প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত ১৭০  খন মেচ খেলিছিল। তেওঁ প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত ৮৫৪৫ ৰাণ সংগ্ৰহ কৰিছে। উইকেটৰ সংখ্যা আছিল ৪৮৪।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ