--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰাক্তন ক্ৰিকেটাৰ চেলিম দুৰানী আৰু নাই।৮৮ বছৰ বয়সত তেওঁৰ মৃত্যু হৈছে। ভাৰতৰ প্ৰাক্তন অলৰাউণ্ডাৰজনৰ দেওবাৰে পুৱা জামনগৰত নিজৰ  ঘৰতে মৃত্যু হয়। তেওঁ কেইবাদিনো ধৰি বৃদ্ধ বয়সৰ নানান সমস্যাত ভুগি আছিল।

দুৰানী ১৯৬০-৬১ বৰ্ষত ইংলেণ্ডৰ বিৰুদ্ধে ঐতিহাসিক টেষ্ট শৃংখলা জয়ৰ ভাৰতীয় দলটোৰ নায়ক আছিল। অৰ্জুন বঁটা লাভ কৰা তেওঁ প্ৰথম ক্ৰিকেটাৰ আছিল।ভাৰতীয় ক্ৰিকেটলৈ দুৰানীৰ অৱদান বিশেষভাৱে গুৰুত্বপূৰ্ণ। তেওঁ সৌৰাষ্ট্ৰ, ৰাজস্থান আৰু গুজৰাটৰ হৈ ঘৰুৱা ক্ৰিকেট দলত খেলিছিল। দুৰানীৰ জন্ম ১৯৩৪ চনৰ ১১ ডিচেম্বৰত কাবুলত হৈছিল। দুৰানীৰ পৰিয়ালটো পিছত গুজৰাটৰ জামনগৰলৈ গুচি আহিছিল। বাওঁহাতৰ অলৰাউণ্ডাৰ দুৰানীয়ে  ভাৰতৰ হৈ ২৯ খন টেষ্ট খেলিছিল। তেওঁ ১৯৬০ চনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্ট অভিষেক কৰিছিল। তেওঁ শেষবাৰৰ বাবে ১৯৭৩ চনত ইংলেণ্ডৰ বিৰুদ্ধে এখন টেষ্ট খেলিছিল।

দুৰানীয়ে  ১৯৬০-৬১ বৰ্ষত ইংলেণ্ডৰ বিৰুদ্ধে কলকাতা আৰু চেন্নাই টেষ্টত ১৮ টা উইকেট দখল কৰিছিল। তেওঁৰ সুন্দৰ প্ৰদৰ্শনৰ বাবে ভাৰতে শৃংখলাটো ২-০ ত জিকিছিল। ১৯৭১ চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে পোৰ্ট অফ স্পেইন টেষ্টত ভাৰতৰ বিজয়তো তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।  

এবাৰ তেওঁক টেষ্ট দলৰ পৰা বাদ দিয়াৰ পিছত এটা বিশেষ শ্লোগান 'নো দুৰানী, নো টেষ্ট'ৰ সৃষ্টি হৈছিল। ফলত তেতিয়াৰ ৰাষ্ট্ৰীয় নিৰ্বাচকসকলে তেওঁক ইংলেণ্ডৰ বিৰুদ্ধে পৰৱৰ্তী টেষ্টত দললৈ ঘূৰাই আনিবলৈ বাধ্য হৈছিল। তেওঁ ভাৰতৰ হৈ ২৯ খন টেষ্টত ১২০২ ৰাণ সংগ্ৰহ কৰিছিল। তেওঁ ৭৪ টা উইকেট দখল কৰিছিল। দুৰানীয়ে প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত ১৭০  খন মেচ খেলিছিল। তেওঁ প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত ৮৫৪৫ ৰাণ সংগ্ৰহ কৰিছে। উইকেটৰ সংখ্যা আছিল ৪৮৪।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে