--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰৰ আইপিলত জিলিকি উঠিছে অৰ্শদীপ সিঙ। কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে পঞ্জাৱ কিংছ ইলেভেনৰ হৈ শনিবাৰে তেওঁ ৩টা উইকেট দখল কৰে। কিন্তু উইকেট লোৱাৰ পাছত চৰ্চা আৰম্ভ হৈছে তেওঁৰ চেলিব্ৰেচনৰ ভংগীমাটো। অভিযোগ উত্থাপন হৈছে যে অৰ্শদীপে পাকিস্তানৰ পেচাৰ শ্বাহীন শ্বাহ আফ্ৰিদিক নকল কৰিছে।

পাকিস্তানৰ বাওঁহাতৰ পেচাৰ আফ্ৰিদীয়ে উইকেট লোৱাৰ পিছত সাধাৰণতে দুয়োহাতেৰে ওঁঠ চুই হাত দুখন ওপৰলৈ তুলি নিয়ে। চৰাইৰ দৰে দুয়োখন হাত মেলি দিলে। শনিবাৰেও একেধৰণে উদযাপন কৰা দেখা গ’ল অৰ্শদ্বীপক। লগতে দুহাতেৰে ওঁঠ দুটা চুই হাত দুখন দুয়োফালে মেলি দিলে।

শ্বাহীনৰ সমৰ্থকসকলে অনুভৱ কৰিছিল যে অৰ্শদীপে পাকিস্তানী পেচাৰজনক অনুকৰণ কৰিছে। যদিও অৰ্শদীপৰ সমৰ্থকসকলে অনুভৱ কৰে যে জাহিৰ খান ভাৰতৰ বাওঁহাতৰ পেচাৰৰ বাবে প্ৰেৰণা, শ্বাহীন নহয়। বহুতে অনুভৱ কৰে যে আৰ্শদীপে প্ৰাক্তন ভাৰতীয় পেচাৰ জাহিৰ খানৰ উদযাপনৰ ইংগিত নকল কৰিছে।

কলকাতা নাইট ৰাইডাৰ্চৰ বিৰুদ্ধে ৩ অভাৰত ১৯ ৰানেৰে ৩টা উইকেট দখল কৰে আৰ্শদীপে। খেলখনত জয়ী হয় পাঞ্জাৱ কিংছ। তেওঁলোকৰ পৰৱৰ্তী মেচ ৰাজস্থানৰ বিৰুদ্ধে। সেই মেচ ৫ এপ্ৰিলত গুৱাহাটীত অনুষ্ঠিত হ’ব।

ভাৰতৰ হৈ ২৬খন টি-২০ মেচত ৪১টা উইকেট দখল কৰিছে অৰ্শদীপে। ভাৰতৰ হৈ টি-২০ বিশ্বকাপও খেলিছিল। যোৱাবাৰ আই পি এলত যদিও তেওঁৰ আধিপত্য দেখা গৈছিল। এইবাৰো প্ৰথম মেচত সেই শক্তি দেখুওৱাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু