--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰৰ আইপিলত জিলিকি উঠিছে অৰ্শদীপ সিঙ। কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে পঞ্জাৱ কিংছ ইলেভেনৰ হৈ শনিবাৰে তেওঁ ৩টা উইকেট দখল কৰে। কিন্তু উইকেট লোৱাৰ পাছত চৰ্চা আৰম্ভ হৈছে তেওঁৰ চেলিব্ৰেচনৰ ভংগীমাটো। অভিযোগ উত্থাপন হৈছে যে অৰ্শদীপে পাকিস্তানৰ পেচাৰ শ্বাহীন শ্বাহ আফ্ৰিদিক নকল কৰিছে।

পাকিস্তানৰ বাওঁহাতৰ পেচাৰ আফ্ৰিদীয়ে উইকেট লোৱাৰ পিছত সাধাৰণতে দুয়োহাতেৰে ওঁঠ চুই হাত দুখন ওপৰলৈ তুলি নিয়ে। চৰাইৰ দৰে দুয়োখন হাত মেলি দিলে। শনিবাৰেও একেধৰণে উদযাপন কৰা দেখা গ’ল অৰ্শদ্বীপক। লগতে দুহাতেৰে ওঁঠ দুটা চুই হাত দুখন দুয়োফালে মেলি দিলে।

শ্বাহীনৰ সমৰ্থকসকলে অনুভৱ কৰিছিল যে অৰ্শদীপে পাকিস্তানী পেচাৰজনক অনুকৰণ কৰিছে। যদিও অৰ্শদীপৰ সমৰ্থকসকলে অনুভৱ কৰে যে জাহিৰ খান ভাৰতৰ বাওঁহাতৰ পেচাৰৰ বাবে প্ৰেৰণা, শ্বাহীন নহয়। বহুতে অনুভৱ কৰে যে আৰ্শদীপে প্ৰাক্তন ভাৰতীয় পেচাৰ জাহিৰ খানৰ উদযাপনৰ ইংগিত নকল কৰিছে।

কলকাতা নাইট ৰাইডাৰ্চৰ বিৰুদ্ধে ৩ অভাৰত ১৯ ৰানেৰে ৩টা উইকেট দখল কৰে আৰ্শদীপে। খেলখনত জয়ী হয় পাঞ্জাৱ কিংছ। তেওঁলোকৰ পৰৱৰ্তী মেচ ৰাজস্থানৰ বিৰুদ্ধে। সেই মেচ ৫ এপ্ৰিলত গুৱাহাটীত অনুষ্ঠিত হ’ব।

ভাৰতৰ হৈ ২৬খন টি-২০ মেচত ৪১টা উইকেট দখল কৰিছে অৰ্শদীপে। ভাৰতৰ হৈ টি-২০ বিশ্বকাপও খেলিছিল। যোৱাবাৰ আই পি এলত যদিও তেওঁৰ আধিপত্য দেখা গৈছিল। এইবাৰো প্ৰথম মেচত সেই শক্তি দেখুওৱাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে