--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আই পি এলত কলকাতা নাইট ৰাইডাৰ্ছৰ সৈতে সফলতা লাভ কৰাৰ পিছত তেওঁক প্ৰথমবাৰৰ বাবে ভাৰতীয় দললৈ মাতি অনা হয়। এছিয়ান গেমছৰ নেতৃত্ব দিব ৰুতুৰাজ গাইকৱাদে। দলত সুযোগ পোৱাৰ পাছত ৰিংকুৱে নিজৰ প্ৰিয় ক্ৰিকেটাৰজনৰ নাম প্ৰকাশ কৰে। মহেন্দ্ৰ সিং ধোনিয়ে আগবঢ়োৱা গুৰুত্বপূৰ্ণ পৰামৰ্শও জনাইছে।

কিন্তু ৰিংকুৰ প্ৰিয় ক্ৰিকেটাৰ তালিকাত নাই ধোনিৰ নাম। বিৰাট কোহলীও তেওঁৰ আদৰ্শ নহয়। অৱশ্যে তেওঁলোকৰ পৰা পৰামৰ্শ ল’বলৈ নাপাহৰে তেওঁ। ধোনী বা কোহলীক ক্ৰিকেটাৰ হিচাপে সন্মান কৰে ৰিংকুৱে। আই পি এলৰ সময়ত কে কে আৰ বেটছমেনজনে ধোনিৰ পৰামৰ্শ বিচাৰিছিল।

কেকেআৰৰ হৈ ৰিংকুৱে পাঁচ বা ছয় নম্বৰত বেট কৰে। সেই সময়ছোৱাত দীঘলিয়া সময়ৰ বাবে খেলাৰ কোনো সুযোগ নাথাকে। প্ৰথম বলৰ পৰাই খেলি থাকিব লাগিব। ধোনীয়েও একে ঠাইতে বেটিং কৰে। গতিকে ৰিংকুৱে ভাৰতীয় প্ৰাক্তন অধিনায়কগৰাকীৰ পৰা বেটিং পৰামৰ্শ বিচাৰিছিল।

সেই অভিজ্ঞতা সন্দৰ্ভত ৰিংকুৱে কয়, "মাহী ভাইৰ লগত কথা পাতি বহুত লাভৱান হৈছে। মোৰ দৰে তেওঁৱো পাঁচ-ছয় নম্বৰত বেটিং কৰে। ক্ৰিকেট কেৰিয়াৰৰ বেছিভাগ সময় তেওঁ লোয়াৰ এণ্ডত বেটিং কৰি আহিছে। মাহি ভাইতকৈ কোনেও ভালকৈ নাজানে  সেই ঠাইত কেনেকৈ বেটিং কৰিব লাগে। মই মাত্ৰ জানিব বিচাৰিছিলো যে মই কেনেকৈ অধিক বেটিং কৰিব পাৰো। ধোনীয়ে চুটি আৰু সহজ উপদেশ দিলে। তেওঁ ক’লে, ‘তুমি বহুত ভাল বেটিং কৰি আছে। নিজৰ খেলাৰ ধৰণতে খেলা।''

প্ৰিয় ক্ৰিকেটাৰ বা আদৰ্শ হিচাপে সুৰেশ ৰাইনাক নাম উল্লেখ কৰিছে ৰিংকুৱে। তেওঁ কয়- ''মোৰ আদৰ্শ ৰাইনা ভাই। আমি নিয়মীয়াকৈ যোগাযোগত থাকো। প্ৰয়োজন হ’লে পৰামৰ্শ বিচাৰিব। তেওঁ মোক বিভিন্ন ধৰণৰ পৰামৰ্শও দিয়ে। মোৰ বাবে ৰাইনা আই পি এলৰ ৰজা। ৰাইনা ভাইৰ পৰা বহুত সহায় পাইছিলোঁ।’’

তেওঁ লগতে কয়, ‘হৰভজন সিঙৰ কথাও ক’ম। তেওঁ মোক বহুত সহায় কৰিছিল। দুয়োৰে প্ৰতি মই কৃতজ্ঞ। তেওঁৰ দৰে মহান ক্ৰিকেটাৰৰ সহায়ে মোক ক্ৰিকেটাৰ হ’বলৈ সহায় কৰিলে। মই তেওঁলোকৰ পৰা অনুপ্ৰাণিত হৈছো।”

ভাৰতৰ হৈ খেলাৰ সুযোগ পোৱাৰ কথাও কয় ৰিংকুৱে। কেকেআৰৰ বিশ্বাসযোগ্য যুৱ বেটছমেনগৰাকীয়ে কয়- ''ভাৰতীয় জাৰ্চি পিন্ধি খেলাৰ সপোন সকলোৱে দেখে। ভবিষ্যতৰ কথা নাভাবো। ই চাপৰ সৃষ্টি কৰে। ভাবিব লগা বহুত আছে। জীৱনটোক মই দৈনন্দিন বুলিয়েই চাওঁ। যিকোনো পেছাদাৰী খেলুৱৈৰ দৰে মইও দেশৰ হৈ খেলিব বিচাৰো। মোৰ মা-দেউতা, ঘৰৰ সকলোৱে মোক ভাৰতীয় দলৰ জাৰ্চি পিন্ধা দেখি বৰ আনন্দিত হব। ঘৰৰ সকলোৱে মোৰ সংগ্ৰামখন সন্মুখৰ পৰা দেখিছিল। সকলোৱে যিমান পাৰে সহায় কৰিলে। যিদিনা মই প্ৰথম জাৰ্চি পিন্ধিম, সেইদিনা ঘৰত থকা সকলোৰে বাবে উৎসৰ্গা কৰিম। ঘৰৰ সকলোৱে সেই দিনটোৰ বাবে অপেক্ষা কৰি আছে।’’

ৰিংকুৱে ক’লে, “মই এজন শক্তিশালী মনৰ ল’ৰা। কিন্তু মোৰো আৱেগ আছে। প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় জাৰ্চি পিন্ধিলে চকুত চকুলো আহিব পাৰে। মই জানো, কেইটোপালমানো আহিব। মোৰ যুঁজখন দীঘলীয়া আৰু কঠিন।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement