--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অষ্ট্ৰেলীয়াৰ বিৰুদ্ধে চতুৰ্থখন টেষ্ট ফলাফলহীনভাৱে শেষ হোৱাৰ লগে লগে ভাৰত বিজয়ী হয় শৃংখলাটোত৷ আহমেদাবাদ টেষ্টৰ শেষৰ দিনা হঠাৎ অধিনায়ক হিচাপে দেখা গ’ল বিৰাট কোহলীক। খেলপথাৰত অধিনায়ক ৰোহিত শৰ্মা থাকোতেই সোমবাৰে প্ৰাক্তন অধিনায়কগৰাকীক পুনৰ নেতাৰ ভূমিকাত দেখা গ’ল।

পঞ্চম দিনা ভাৰতীয় বলাৰসকলে অষ্ট্ৰেলিয়াৰ বেটছমেনক সহজে আউট কৰিব নোৱাৰিলে।  ট্ৰেভিছ হেড, মাৰ্নাছ লাবুছ্ৰানে সুস্থভাৱে ইনিংছ আগুৱাই নিয়ে। ৰবিচন্দ্ৰন অশ্বিন, ৰবীন্দ্ৰ জাদেজা, অক্ষৰ পেটেলে তেওঁলোকক বিশেষ অসুবিধা দিব নোৱাৰিলে।

কিন্তু ভাৰতীয় দলৰ লক্ষ্য আছিল অষ্ট্ৰেলিয়াৰ দ্বিতীয় ইনিংছ আগতীয়াকৈ সমাপ্ত কৰি পোনপটীয়াকৈ মেচখন জয় কৰা। একেৰাহে বলিং কৰাৰ পিছতো উইকেট নোপোৱাত ভাৰতীয় স্পিনাৰসকলে অলপ হতাশ হৈছিল।

সেই সময়তে কোহলীক অধিনায়কৰ ভূমিকাত দেখা গৈছিল। ৰোহিতে অক্ষৰ পেটেলক বল কৰিবলৈ মাতে। কোহলী অক্ষৰৰ ওচৰলৈ দৌৰি গ’ল। অক্ষৰক পিটছৰ ঘাঁবোৰ দেখুৱায় আৰু কয় যে বলটো ক’ত পেলালে ফলপ্ৰসূ হ’ব পাৰে। যথেষ্ট সময় ধৰি কোহলীয়ে অক্ষৰক পৰামৰ্শ দিয়া দেখা যায়। কাষতে ৰোহিত আছিল। তেওঁৱো পূৰ্বৰ অধিনায়কজনক বাধা দিয়া নাছিল।

কমেণ্টেটৰ মেথিউ হেডেনে এই সম্পৰ্কত কয়, ‘কোহলীয়ে যেন দেখুৱাইছে যে ক’ত বলটোৱে লাবুচেনৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে।’ সুনীল গাওস্কাৰে কয়, ‘মইও একে অনুভৱ কৰিছো। তেওঁলোকে চাগে লাইন, বলৰ দৈৰ্ঘ্যৰ বিষয়ে আলোচনা কৰি আছে। বাওঁহাতৰ বেটছমেনৰ বিৰুদ্ধে লাইনত বল মাৰিবলৈ সক্ষম হোৱা নাই অক্ষৰে। সোঁহাতৰ আৰু বাওঁহাতৰ বেটছমেনৰ বাবে বলৰ লাইন সলনি কৰিব লাগিব।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক