--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অষ্ট্ৰেলীয়াৰ বিৰুদ্ধে চতুৰ্থখন টেষ্ট ফলাফলহীনভাৱে শেষ হোৱাৰ লগে লগে ভাৰত বিজয়ী হয় শৃংখলাটোত৷ আহমেদাবাদ টেষ্টৰ শেষৰ দিনা হঠাৎ অধিনায়ক হিচাপে দেখা গ’ল বিৰাট কোহলীক। খেলপথাৰত অধিনায়ক ৰোহিত শৰ্মা থাকোতেই সোমবাৰে প্ৰাক্তন অধিনায়কগৰাকীক পুনৰ নেতাৰ ভূমিকাত দেখা গ’ল।

পঞ্চম দিনা ভাৰতীয় বলাৰসকলে অষ্ট্ৰেলিয়াৰ বেটছমেনক সহজে আউট কৰিব নোৱাৰিলে।  ট্ৰেভিছ হেড, মাৰ্নাছ লাবুছ্ৰানে সুস্থভাৱে ইনিংছ আগুৱাই নিয়ে। ৰবিচন্দ্ৰন অশ্বিন, ৰবীন্দ্ৰ জাদেজা, অক্ষৰ পেটেলে তেওঁলোকক বিশেষ অসুবিধা দিব নোৱাৰিলে।

কিন্তু ভাৰতীয় দলৰ লক্ষ্য আছিল অষ্ট্ৰেলিয়াৰ দ্বিতীয় ইনিংছ আগতীয়াকৈ সমাপ্ত কৰি পোনপটীয়াকৈ মেচখন জয় কৰা। একেৰাহে বলিং কৰাৰ পিছতো উইকেট নোপোৱাত ভাৰতীয় স্পিনাৰসকলে অলপ হতাশ হৈছিল।

সেই সময়তে কোহলীক অধিনায়কৰ ভূমিকাত দেখা গৈছিল। ৰোহিতে অক্ষৰ পেটেলক বল কৰিবলৈ মাতে। কোহলী অক্ষৰৰ ওচৰলৈ দৌৰি গ’ল। অক্ষৰক পিটছৰ ঘাঁবোৰ দেখুৱায় আৰু কয় যে বলটো ক’ত পেলালে ফলপ্ৰসূ হ’ব পাৰে। যথেষ্ট সময় ধৰি কোহলীয়ে অক্ষৰক পৰামৰ্শ দিয়া দেখা যায়। কাষতে ৰোহিত আছিল। তেওঁৱো পূৰ্বৰ অধিনায়কজনক বাধা দিয়া নাছিল।

কমেণ্টেটৰ মেথিউ হেডেনে এই সম্পৰ্কত কয়, ‘কোহলীয়ে যেন দেখুৱাইছে যে ক’ত বলটোৱে লাবুচেনৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে।’ সুনীল গাওস্কাৰে কয়, ‘মইও একে অনুভৱ কৰিছো। তেওঁলোকে চাগে লাইন, বলৰ দৈৰ্ঘ্যৰ বিষয়ে আলোচনা কৰি আছে। বাওঁহাতৰ বেটছমেনৰ বিৰুদ্ধে লাইনত বল মাৰিবলৈ সক্ষম হোৱা নাই অক্ষৰে। সোঁহাতৰ আৰু বাওঁহাতৰ বেটছমেনৰ বাবে বলৰ লাইন সলনি কৰিব লাগিব।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু