--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আহমেদাবাদ টেষ্টত শতৰান কৰি সকাহ পাইছে বিৰাট কোহলি। ১৪ ৰানৰ বাবে দ্বিশতক হেৰুৱালেও তেওঁৰ কোনো আক্ষেপ নাই। বৰঞ্চ বহুদিনৰ মূৰত নিজৰ দৰে বেটিং কৰিবলৈ সক্ষম হোৱাত কোহলি সুখী। আহমেদাবাদৰ ২২ গজত বেটিং কৰি সন্তুষ্ট ভাৰতৰ প্ৰাক্তন অধিনায়ক। দেওবাৰে ১৮৬ ৰান সংগ্ৰহ কৰাৰ ২৩ ঘণ্টাৰ পাছত মুখ মেলিলে।

সোমবাৰে মেচৰ পিছৰ চাৰি মিনিটৰ ভাষণত কোহলীয়ে কয়- ‘‘খেলুৱৈ হিচাপে মোৰ যি আশা আছে সেয়া মোৰ বাবে অতি গুৰুত্বপূৰ্ণ। মই টেষ্ট ক্ৰিকেট খেলিব বিচৰা ধৰণে খেলিব নোৱাৰিছিলোঁ। যোৱা ১০ বছৰ যিদৰে খেলিছিলো সেইদৰে খেলিব পৰা নাছিলো। গতিকে মই কিছু সময় লৈছিলো। আগৰ দৰে খেলিবলৈ চেষ্টা কৰি আছিলো। মই নাগপুৰৰ প্ৰথম ইনিংছতেই বুজিলোঁ যে মই কিছু ভাল বেটিং কৰি আছো।’’

কোহলীয়ে কয়- ‘‘আমাৰ লক্ষ্য দলৰ বাবে যিমান পাৰি সিমান সময় বেটিং কৰা। মই বিচৰা ধৰণে খেলিব পাৰিলোঁ। আপুনি ক’ব পাৰে যে মই মোৰ খেলত সুখী। মই কিয় খেলপথাৰত প্ৰৱেশ কৰিছো সেইটো নিজৰ বাবে অধিক যুক্তিসংগত কৰি তুলিব বিচাৰিছিলো।’’

কোহলীয়ে কয়- ‘‘৬০ ৰানত অপৰাজিত হৈ থকাৰ সময়ত পজিটিভ বেটিং কৰাৰ পৰিকল্পনা কৰিছিলোঁ। কিন্তু দুৰ্ভাগ্যজনকভাৱে শ্ৰেয়াছ আয়েৰে আঘাতৰ বাবে বেটিং কৰিব নোৱাৰিলে। আমি এজন বেটছমেন হেৰুৱালোঁ। তাৰ পিছত দীৰ্ঘ সময়ৰ বাবে উইকেটত থাকিবলৈ সিদ্ধান্ত লৈছিলো।’’

ডাঙৰ ইনিংছ খেলাৰ ক্ষেত্ৰত কিমান আত্মবিশ্বাসী আছিল কোহলী? তাৰ উত্তৰত কয়, ‘আত্মবিশ্বাসৰ সমস্যা কেতিয়াও নাছিল। মই ভাল বেটিং কৰি আছিলো। মই অনুভৱ কৰিছিলো যে ভাল উইকেটত খেলাৰ সুযোগ পালে ডাঙৰ ৰানৰ ইনিংছ খেলিব পাৰিম। ইয়াতো সেইটোৱেই হৈছিল।''

ভাৰত-অষ্ট্ৰেলিয়াৰ চতুৰ্থ টেষ্টত ১৮৬ ৰানৰ ইনিংছত কোহলীয়ে মেন অৱ দ্য মেচৰ সন্মান লাভ কৰে। ১৪ মাহৰ পাছত শনিবাৰে কোহলীয়ে টেষ্টত অৰ্ধশতক অৰ্জন কৰে। আহমেদাবাদত পুনৰ নিজৰ মুডত বেটিং কৰিবলৈ সক্ষম হোৱাত আটাইতকৈ বেছি সকাহ পাইছে কোহলীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু