--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আহমেদাবাদ টেষ্টত শতৰান কৰি সকাহ পাইছে বিৰাট কোহলি। ১৪ ৰানৰ বাবে দ্বিশতক হেৰুৱালেও তেওঁৰ কোনো আক্ষেপ নাই। বৰঞ্চ বহুদিনৰ মূৰত নিজৰ দৰে বেটিং কৰিবলৈ সক্ষম হোৱাত কোহলি সুখী। আহমেদাবাদৰ ২২ গজত বেটিং কৰি সন্তুষ্ট ভাৰতৰ প্ৰাক্তন অধিনায়ক। দেওবাৰে ১৮৬ ৰান সংগ্ৰহ কৰাৰ ২৩ ঘণ্টাৰ পাছত মুখ মেলিলে।

সোমবাৰে মেচৰ পিছৰ চাৰি মিনিটৰ ভাষণত কোহলীয়ে কয়- ‘‘খেলুৱৈ হিচাপে মোৰ যি আশা আছে সেয়া মোৰ বাবে অতি গুৰুত্বপূৰ্ণ। মই টেষ্ট ক্ৰিকেট খেলিব বিচৰা ধৰণে খেলিব নোৱাৰিছিলোঁ। যোৱা ১০ বছৰ যিদৰে খেলিছিলো সেইদৰে খেলিব পৰা নাছিলো। গতিকে মই কিছু সময় লৈছিলো। আগৰ দৰে খেলিবলৈ চেষ্টা কৰি আছিলো। মই নাগপুৰৰ প্ৰথম ইনিংছতেই বুজিলোঁ যে মই কিছু ভাল বেটিং কৰি আছো।’’

কোহলীয়ে কয়- ‘‘আমাৰ লক্ষ্য দলৰ বাবে যিমান পাৰি সিমান সময় বেটিং কৰা। মই বিচৰা ধৰণে খেলিব পাৰিলোঁ। আপুনি ক’ব পাৰে যে মই মোৰ খেলত সুখী। মই কিয় খেলপথাৰত প্ৰৱেশ কৰিছো সেইটো নিজৰ বাবে অধিক যুক্তিসংগত কৰি তুলিব বিচাৰিছিলো।’’

কোহলীয়ে কয়- ‘‘৬০ ৰানত অপৰাজিত হৈ থকাৰ সময়ত পজিটিভ বেটিং কৰাৰ পৰিকল্পনা কৰিছিলোঁ। কিন্তু দুৰ্ভাগ্যজনকভাৱে শ্ৰেয়াছ আয়েৰে আঘাতৰ বাবে বেটিং কৰিব নোৱাৰিলে। আমি এজন বেটছমেন হেৰুৱালোঁ। তাৰ পিছত দীৰ্ঘ সময়ৰ বাবে উইকেটত থাকিবলৈ সিদ্ধান্ত লৈছিলো।’’

ডাঙৰ ইনিংছ খেলাৰ ক্ষেত্ৰত কিমান আত্মবিশ্বাসী আছিল কোহলী? তাৰ উত্তৰত কয়, ‘আত্মবিশ্বাসৰ সমস্যা কেতিয়াও নাছিল। মই ভাল বেটিং কৰি আছিলো। মই অনুভৱ কৰিছিলো যে ভাল উইকেটত খেলাৰ সুযোগ পালে ডাঙৰ ৰানৰ ইনিংছ খেলিব পাৰিম। ইয়াতো সেইটোৱেই হৈছিল।''

ভাৰত-অষ্ট্ৰেলিয়াৰ চতুৰ্থ টেষ্টত ১৮৬ ৰানৰ ইনিংছত কোহলীয়ে মেন অৱ দ্য মেচৰ সন্মান লাভ কৰে। ১৪ মাহৰ পাছত শনিবাৰে কোহলীয়ে টেষ্টত অৰ্ধশতক অৰ্জন কৰে। আহমেদাবাদত পুনৰ নিজৰ মুডত বেটিং কৰিবলৈ সক্ষম হোৱাত আটাইতকৈ বেছি সকাহ পাইছে কোহলীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক