--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যুৱক জনৰ উচ্চতা মাত্ৰ ৪ ফুট ২ ইঞ্চি। কিন্তু উচ্চতা কম বুলিয়েই তেওঁ জীৱন যুঁজৰ নানান পৰ্বৰ পৰা পিছুৱাই থকা নাই৷ প্ৰায় ৫০ শতাংশ শাৰীৰিকভাৱে অক্ষম যুৱকজেনে শেহতীয়াকৈ বডীবিল্ডিঙত সৰ্বভাৰতীয় খিতাপ অৰ্জন কৰিছে৷ 

পশ্চিমবংগৰ  নাদিয়াৰ গংনাপুৰৰ  যুৱক ভাস্কৰ বিশ্বাসে সকলো প্ৰতিকূলতা অতিক্ৰম কৰি শেহতীয়াকৈ  'অল ইণ্ডিয়া মিষ্টাৰ ইণ্ডিয়া জুনিয়ৰ বডীবিল্ডিং' প্ৰতিযোগিতাত তৃতীয় স্থান লাভ কৰিছে। তেওঁ ব্ৰঞ্জৰ পদক লাভ কৰি অতি আনন্দিত হৈ পৰিছে। ভাস্কৰৰ একমাত্ৰ সপোন হৈছে সকলো বাধা অতিক্ৰম কৰি  আগলৈ যোৱা।জন্মৰ পৰাই ভাস্কৰ বিশেষভাবে সক্ষম ব্যক্তি। তেওঁৰ বয়স এতিয়া ২৬ বছৰ। উচ্চতা হৈছে ৪ ফুট ২ ইঞ্চি। কিন্তু সৰুৰে পৰাই তেওঁ আকাশ স্পৰ্শ কৰাৰ সপোন দেখিছিল। 

 ভাস্কৰৰ পিতৃৰ  ২০১৯ চনত মৃত্যু হৈছিল। সেই সময়ত, তেওঁ দ্বিতীয় বৰ্ষৰ স্নাতক শিক্ষাৰ্থী আছিল। তাৰ পিছত অধ্যয়ন আৰু চলাই নিব পৰা নাছিল৷ তেওঁ নিয়মীয়াকৈ  শৰীৰ চৰ্চা কৰিবলৈ  আৰম্ভ কৰিছিল। সুভেন্দু কৰ্মকাৰ নামৰ এজন ব্যক্তিৰ জিমত তেওঁ নামভৰ্তি কৰিছিল। তেওঁ পুৱা এঘণ্টা আৰু সন্ধিয়া এঘণ্টাকৈ  ব্যায়াম অব্যাহত ৰাখিছিল। ঘৰত মাক কুমকুম বিশ্বাসৰ সৈতে তেওঁৰ এটা সৰু পৰিয়াল আছে। ভাস্কৰে সেই পৰিয়ালটো চলাবলৈ,  শৰীৰ চৰ্চাৰ খৰচ  আৰু প্ৰয়োজনীয় খাদ্য যোগাৰ কৰিবলৈ  সংগ্ৰাম কৰিবলগীয়া হৈছে৷   

তেওঁ ব্যক্তিগত কোম্পানী এটাত কাম কৰে৷ শেহতীয়াকৈ  মধ্য প্ৰদেশৰ ৰটলামত ভাৰতীয় বডিবিল্ডাৰ ফেডাৰেশ্যনে আয়োজন কৰা জুনিয়ৰ মিষ্টাৰ ইণ্ডিয়া বডিবিল্ডিং প্ৰতিযোগিতাত ৬০ কিলোগ্ৰাম শাখাত সমগ্ৰ ভাৰতৰ ২৫ জন প্ৰতিযোগীৰ ভিতৰত ভাস্কৰ বিশ্বাসে তৃতীয় স্থান লাভ কৰে। ভাস্কৰৰ প্ৰশিক্ষক সুভেন্দু কৰ্মকাৰ তেওঁৰ কৃতিত্বত বহুত সুখী।








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু