--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যুৱক জনৰ উচ্চতা মাত্ৰ ৪ ফুট ২ ইঞ্চি। কিন্তু উচ্চতা কম বুলিয়েই তেওঁ জীৱন যুঁজৰ নানান পৰ্বৰ পৰা পিছুৱাই থকা নাই৷ প্ৰায় ৫০ শতাংশ শাৰীৰিকভাৱে অক্ষম যুৱকজেনে শেহতীয়াকৈ বডীবিল্ডিঙত সৰ্বভাৰতীয় খিতাপ অৰ্জন কৰিছে৷ 

পশ্চিমবংগৰ  নাদিয়াৰ গংনাপুৰৰ  যুৱক ভাস্কৰ বিশ্বাসে সকলো প্ৰতিকূলতা অতিক্ৰম কৰি শেহতীয়াকৈ  'অল ইণ্ডিয়া মিষ্টাৰ ইণ্ডিয়া জুনিয়ৰ বডীবিল্ডিং' প্ৰতিযোগিতাত তৃতীয় স্থান লাভ কৰিছে। তেওঁ ব্ৰঞ্জৰ পদক লাভ কৰি অতি আনন্দিত হৈ পৰিছে। ভাস্কৰৰ একমাত্ৰ সপোন হৈছে সকলো বাধা অতিক্ৰম কৰি  আগলৈ যোৱা।জন্মৰ পৰাই ভাস্কৰ বিশেষভাবে সক্ষম ব্যক্তি। তেওঁৰ বয়স এতিয়া ২৬ বছৰ। উচ্চতা হৈছে ৪ ফুট ২ ইঞ্চি। কিন্তু সৰুৰে পৰাই তেওঁ আকাশ স্পৰ্শ কৰাৰ সপোন দেখিছিল। 

 ভাস্কৰৰ পিতৃৰ  ২০১৯ চনত মৃত্যু হৈছিল। সেই সময়ত, তেওঁ দ্বিতীয় বৰ্ষৰ স্নাতক শিক্ষাৰ্থী আছিল। তাৰ পিছত অধ্যয়ন আৰু চলাই নিব পৰা নাছিল৷ তেওঁ নিয়মীয়াকৈ  শৰীৰ চৰ্চা কৰিবলৈ  আৰম্ভ কৰিছিল। সুভেন্দু কৰ্মকাৰ নামৰ এজন ব্যক্তিৰ জিমত তেওঁ নামভৰ্তি কৰিছিল। তেওঁ পুৱা এঘণ্টা আৰু সন্ধিয়া এঘণ্টাকৈ  ব্যায়াম অব্যাহত ৰাখিছিল। ঘৰত মাক কুমকুম বিশ্বাসৰ সৈতে তেওঁৰ এটা সৰু পৰিয়াল আছে। ভাস্কৰে সেই পৰিয়ালটো চলাবলৈ,  শৰীৰ চৰ্চাৰ খৰচ  আৰু প্ৰয়োজনীয় খাদ্য যোগাৰ কৰিবলৈ  সংগ্ৰাম কৰিবলগীয়া হৈছে৷   

তেওঁ ব্যক্তিগত কোম্পানী এটাত কাম কৰে৷ শেহতীয়াকৈ  মধ্য প্ৰদেশৰ ৰটলামত ভাৰতীয় বডিবিল্ডাৰ ফেডাৰেশ্যনে আয়োজন কৰা জুনিয়ৰ মিষ্টাৰ ইণ্ডিয়া বডিবিল্ডিং প্ৰতিযোগিতাত ৬০ কিলোগ্ৰাম শাখাত সমগ্ৰ ভাৰতৰ ২৫ জন প্ৰতিযোগীৰ ভিতৰত ভাস্কৰ বিশ্বাসে তৃতীয় স্থান লাভ কৰে। ভাস্কৰৰ প্ৰশিক্ষক সুভেন্দু কৰ্মকাৰ তেওঁৰ কৃতিত্বত বহুত সুখী।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক