--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আপুনি বা মই পানীৰ বাবে বা সমস্যা সমাধানৰ বাবে অথবা বেলগ কাৰণত সংগ্ৰাম কৰা দেখিছোঁ কিন্তু  জীৱনসংগীৰ বাবে সংগ্ৰাম কৰা আমি কেতিয়াও দেখা বা শুনা নাই৷ আজি আপোনালোকৰ মাজলৈয়ো লৈ আহিছো ঠিক তেনেধৰণৰেই এক প্ৰতিবেদন,ঘটনাটো কৰ্ণাটকৰ ম্যাণ্ড্যা নামৰ অঞ্চলৰ ৷

কৰ্ণাটকৰ ম্যাণ্ড্যা নামৰ জিলাৰ কেএম ডদ্দি নামৰ সৰু চহৰখনত সন্তোষ নিজৰ পৰিয়ালৰ সৈতে সুখেৰে বাস কৰে৷যোৱা দহ বছৰ ধৰি অবিবাহিত হৈ আছে,বাৰম্বাৰ বিয়াৰ বাবে ছোৱালী চাই যদিও বিয়া হ’ব পৰা নাই৷

সম্পত্তিৰ ফালৰ পৰা সন্তোষৰ পৰিয়ালৰ মাটি আছে আৰু সন্তোষৰ আছে স্নাতক ডিগ্ৰী। কিন্তু এই তথ্যবোৰৰ কোনোটোৱেই মহিলাসকলক সন্তোষৰ ফালে আকৰ্ষিত কৰিব পৰা নাই৷। বৰঞ্চ মাণ্ড্যৰ এটা কৃষক পৰিয়ালৰ পৰা অহাটো সন্তোষৰ আটাইতকৈ ডাঙৰ প্ৰতিবন্ধকতা হৈ পৰিছে। 

সন্তোষে কোৱা অনুসৰি,"মোৰ ২০ বছৰৰ আৰম্ভণিতে স্নাতক হোৱাৰ পিছত থিতাপি ল'বলৈ চাৰি-পাঁচ বছৰৰ প্ৰয়োজন বুলি তিক্ত চিন্তা কৰিছিলো। কিন্তু এতিয়া মোৰ পৰিয়ালে কইনা বিচাৰিবলৈ আৰম্ভ কৰাৰ কেইবাবছৰো হ'ল।" সন্তোষৰ মতে, কলেজৰ শিক্ষা লাভ কৰা যুৱতীসকল আৰু ডাঙৰ চহৰত চাকৰি থকা ল’ৰাৰ সৈতেহে বিবাহ কৰিবলৈ আগ্ৰহী। কৃষক-দৰাৰ প্ৰতি ছোৱালীসকল আগ্ৰহী নহয়। 

মাণ্ড্যা অঞ্চলে একে সময়তে দুটা একেলগে জড়িত কাহিনী প্ৰত্যক্ষ কৰি আছে এফালে হতাশ অবিবাহিত কৃষিৰ ওপৰত নিৰ্ভৰশীল যুৱকসকল আৰু আনফালে অবিবাহিত যুৱতীসকলৰ বৰ্ধিত আকাংক্ষা যিয়ে কৃষিজীৱনৰ লগত জড়িত যুৱকসকলক ঢোকা ঢোকে পানী খুৱাইছে৷ লোকপিয়লৰ তথ্যই দেখুৱায় যে ২০১১ চনত, মাণ্ড্যাৰ প্ৰতি ১০০০ ল'ৰাৰ বিপৰীতে ৯৯৫ জনী ছোৱালী আছিল, তাৰ বিপৰীতে কৰ্ণাটকৰ লিংগ অনুপাত আছিল ৯৭৩জনীছোৱালীৰ বিপৰীতে ১০০০জন ল'ৰা।










FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু