--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আপুনি বা মই পানীৰ বাবে বা সমস্যা সমাধানৰ বাবে অথবা বেলগ কাৰণত সংগ্ৰাম কৰা দেখিছোঁ কিন্তু  জীৱনসংগীৰ বাবে সংগ্ৰাম কৰা আমি কেতিয়াও দেখা বা শুনা নাই৷ আজি আপোনালোকৰ মাজলৈয়ো লৈ আহিছো ঠিক তেনেধৰণৰেই এক প্ৰতিবেদন,ঘটনাটো কৰ্ণাটকৰ ম্যাণ্ড্যা নামৰ অঞ্চলৰ ৷

কৰ্ণাটকৰ ম্যাণ্ড্যা নামৰ জিলাৰ কেএম ডদ্দি নামৰ সৰু চহৰখনত সন্তোষ নিজৰ পৰিয়ালৰ সৈতে সুখেৰে বাস কৰে৷যোৱা দহ বছৰ ধৰি অবিবাহিত হৈ আছে,বাৰম্বাৰ বিয়াৰ বাবে ছোৱালী চাই যদিও বিয়া হ’ব পৰা নাই৷

সম্পত্তিৰ ফালৰ পৰা সন্তোষৰ পৰিয়ালৰ মাটি আছে আৰু সন্তোষৰ আছে স্নাতক ডিগ্ৰী। কিন্তু এই তথ্যবোৰৰ কোনোটোৱেই মহিলাসকলক সন্তোষৰ ফালে আকৰ্ষিত কৰিব পৰা নাই৷। বৰঞ্চ মাণ্ড্যৰ এটা কৃষক পৰিয়ালৰ পৰা অহাটো সন্তোষৰ আটাইতকৈ ডাঙৰ প্ৰতিবন্ধকতা হৈ পৰিছে। 

সন্তোষে কোৱা অনুসৰি,"মোৰ ২০ বছৰৰ আৰম্ভণিতে স্নাতক হোৱাৰ পিছত থিতাপি ল'বলৈ চাৰি-পাঁচ বছৰৰ প্ৰয়োজন বুলি তিক্ত চিন্তা কৰিছিলো। কিন্তু এতিয়া মোৰ পৰিয়ালে কইনা বিচাৰিবলৈ আৰম্ভ কৰাৰ কেইবাবছৰো হ'ল।" সন্তোষৰ মতে, কলেজৰ শিক্ষা লাভ কৰা যুৱতীসকল আৰু ডাঙৰ চহৰত চাকৰি থকা ল’ৰাৰ সৈতেহে বিবাহ কৰিবলৈ আগ্ৰহী। কৃষক-দৰাৰ প্ৰতি ছোৱালীসকল আগ্ৰহী নহয়। 

মাণ্ড্যা অঞ্চলে একে সময়তে দুটা একেলগে জড়িত কাহিনী প্ৰত্যক্ষ কৰি আছে এফালে হতাশ অবিবাহিত কৃষিৰ ওপৰত নিৰ্ভৰশীল যুৱকসকল আৰু আনফালে অবিবাহিত যুৱতীসকলৰ বৰ্ধিত আকাংক্ষা যিয়ে কৃষিজীৱনৰ লগত জড়িত যুৱকসকলক ঢোকা ঢোকে পানী খুৱাইছে৷ লোকপিয়লৰ তথ্যই দেখুৱায় যে ২০১১ চনত, মাণ্ড্যাৰ প্ৰতি ১০০০ ল'ৰাৰ বিপৰীতে ৯৯৫ জনী ছোৱালী আছিল, তাৰ বিপৰীতে কৰ্ণাটকৰ লিংগ অনুপাত আছিল ৯৭৩জনীছোৱালীৰ বিপৰীতে ১০০০জন ল'ৰা।










FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ