--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সামাজিক মাধ্যমত ব্যাপক ট্ৰলৰ বলি হৈছে ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়। মুধ্য ন্যায়াধীশগৰাকীক ট্ৰ’লৰ জৰিয়তে দেশৰ শীৰ্ষ পদবীক অসন্মান কৰা হৈছে। এই অভিযোগ প্ৰকাশ কৰিছে কংগ্ৰেছৰ সাসংদ বিবেক তানখাই।

এই সম্পৰ্কত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ কংগ্ৰেছ সাংসদজনৰ স’তে বাৰজন বিৰোধী নেতাই এখন পত্ৰ লিখিছে। তেওঁলোকৰ ভিতৰত দিগ্বিজয় সিং আৰু অন্যান্য কংগ্ৰেছ নেতাৰ লগতে আপ, শিৱসেনা আৰু সমাজবাদী পাৰ্টিৰ নেতাও আছে। ৰাষ্ট্ৰপতিগৰাকীক তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে পত্ৰখনত।

পত্ৰখনত দাবী কৰা হৈছে যে চৰকাৰ গঠন আৰু মহাৰাষ্ট্ৰত ৰাজ্যপালৰ ভূমিকাৰ সৈতে সম্পৰ্কিত এটা গুৰুত্বপূৰ্ণ গোচৰৰ সময়ত ‘ট্ৰলিং সেনা’ই মুখ্য ন্যায়াধীশক ট্ৰ’ল কৰা আৰম্ভ কৰিছিল।

বিৰোধী নেতাসকলে অভিযোগ কৰিছে যে এনে এক গুৰুত্বপূৰ্ণ বিচাৰাধীন বিষয়ৰ শুনানিৰ সময়ত মহাৰাষ্ট্ৰ চৰকাৰৰ সমৰ্থনত ট্ৰ’ল কৰা হৈছিল। তেওঁৰ বিৰুদ্ধে ‘অশ্লীল আৰু অশোভনীয়’ শব্দ ব্যৱহাৰ কৰা হৈছে।

জানিব পৰা মতে, মহাৰাষ্ট্ৰ  বিধানসভাত অনুষ্ঠিত আস্থা ভোটত ৰাজ্যপাল ভগত সিং কোশিয়াৰীৰ ভূমিকাৰ সম্পৰ্কত শুনানি হৈছিল। তাতেই মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে এনে ধৰণৰ ট্ৰলিঙৰ অভিযোগ উঠিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু