--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সামাজিক মাধ্যমত ব্যাপক ট্ৰলৰ বলি হৈছে ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়। মুধ্য ন্যায়াধীশগৰাকীক ট্ৰ’লৰ জৰিয়তে দেশৰ শীৰ্ষ পদবীক অসন্মান কৰা হৈছে। এই অভিযোগ প্ৰকাশ কৰিছে কংগ্ৰেছৰ সাসংদ বিবেক তানখাই।

এই সম্পৰ্কত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ কংগ্ৰেছ সাংসদজনৰ স’তে বাৰজন বিৰোধী নেতাই এখন পত্ৰ লিখিছে। তেওঁলোকৰ ভিতৰত দিগ্বিজয় সিং আৰু অন্যান্য কংগ্ৰেছ নেতাৰ লগতে আপ, শিৱসেনা আৰু সমাজবাদী পাৰ্টিৰ নেতাও আছে। ৰাষ্ট্ৰপতিগৰাকীক তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে পত্ৰখনত।

পত্ৰখনত দাবী কৰা হৈছে যে চৰকাৰ গঠন আৰু মহাৰাষ্ট্ৰত ৰাজ্যপালৰ ভূমিকাৰ সৈতে সম্পৰ্কিত এটা গুৰুত্বপূৰ্ণ গোচৰৰ সময়ত ‘ট্ৰলিং সেনা’ই মুখ্য ন্যায়াধীশক ট্ৰ’ল কৰা আৰম্ভ কৰিছিল।

বিৰোধী নেতাসকলে অভিযোগ কৰিছে যে এনে এক গুৰুত্বপূৰ্ণ বিচাৰাধীন বিষয়ৰ শুনানিৰ সময়ত মহাৰাষ্ট্ৰ চৰকাৰৰ সমৰ্থনত ট্ৰ’ল কৰা হৈছিল। তেওঁৰ বিৰুদ্ধে ‘অশ্লীল আৰু অশোভনীয়’ শব্দ ব্যৱহাৰ কৰা হৈছে।

জানিব পৰা মতে, মহাৰাষ্ট্ৰ  বিধানসভাত অনুষ্ঠিত আস্থা ভোটত ৰাজ্যপাল ভগত সিং কোশিয়াৰীৰ ভূমিকাৰ সম্পৰ্কত শুনানি হৈছিল। তাতেই মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে এনে ধৰণৰ ট্ৰলিঙৰ অভিযোগ উঠিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ