--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাত্ৰ ছদিন পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিছিল নতুন এক্সপ্ৰেছৱে । কিন্তু পৰিকল্পনাহীনভাবে নিৰ্মাণ কৰা পথটো  এজাক বৰষুণতে পানীত বুৰ গ’ল৷ বাংগালুৰু-মাইচুৰু এক্সপ্ৰেছৱে বাংগালুৰুৰ ওচৰৰ ৰামনগৰত নিৰ্মাণ কৰা হৈছে৷ কিন্তু ৮,০০০ কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা পথটো এজাক বৰষুণতে পানীত বুৰ যোৱাত বহুতে আশ্চৰ্য প্ৰকাশ কৰিছে৷  

তথ্য অনুসৰি এই ঘাইপথটো ৮,৪৮০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে। ১২ মাৰ্চত প্ৰধানমন্ত্ৰীয়ে এক্সপ্ৰেছৱে উদ্বোধন কৰিছিল। পথটোৰ উদ্বোধনে ৰাজনৈতিক দৃষ্টিকোণৰ পৰা বিশেষ  গুৰুত্ব লাভ কৰিছিল। কাৰণ সন্মুখত কৰ্ণাটক বিধানসভাৰ নিৰ্বাচন আছে৷ 

উদ্বোধনৰ ছদিনৰ ভিতৰতে বৰষুণৰ পানীয়ে পথটো বুৰাই পেলোৱাত গাড়ী-মটৰৰ চলাচলত অসুবিধাৰ সৃষ্টি হৈছে৷ ১১৮  কিলোমিটাৰ দীঘল এক্সপ্ৰেছৱেই যাত্ৰী পৰিবহন ব্যৱস্থা উন্নত কৰিব বুলি ভবা হৈছিল যদিও আৰম্ভনিতে দেখা দিয়া বিপৰ্যয়ে এতিয়া বহুতকে চিন্তাত পেলাইছে৷  পথটোৰে ভ্ৰমণৰ সময়ও হ্ৰাস হ’ব বুলি ভবা হৈছিল যদিও পানী জমা হোৱাৰ বাবে এতিয়া সকলো কথা ওলোট-পালট হৈ পৰিছে।পানী জমা হোৱাৰ বাবে  বাহনসমূহ  লেহেম গতিত আগবাঢ়িবলগীয়া হৈছে।যাত্ৰীসকলে যান-জঁটৰ বাবে দুৰ্ভোগ ভুগিবলগীয়া হৈছে৷ পথটোৰ যি স্থানত পানী জমা হৈছে সেই  ঠাইখনৰ ওপৰতে এখন দলং আছে। পূৰ্বেও সেই ঠাইত বৰষুণৰ পানী জমা হৈছিল৷ কিন্তু নতুন পথটো নিৰ্মাণৰ সময়ত সেই কথাটোলৈ গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে৷

প্ৰধানমন্ত্ৰীয়ে পথটো উদ্বোধন কৰি কৈছিল "কংগ্ৰেছে মোদীৰ কবৰ খন্দাৰ  সপোনত দেখিছে। কিন্তু তেওঁলোকে নাজানে যে দেশৰ মাতৃ আৰু ভগ্নীসকলে মোৰ সৈতে আছে আৰু তেওঁলোকে মোৰ  ৰক্ষক হিচাপে কাম কৰে। তেওঁলোকক (কংগ্ৰেছে) মোদীৰ কবৰ খননকৰাৰ সপোন দেখি থাকিবলৈ দিয়ক, মই বাংগালুৰু-মাইচুৰু এক্সপ্ৰেছৱে নিৰ্মাণত গুৰুত্ব দিছো। আমি দৰিদ্ৰ লোকসকলৰ বাবে জীয়াই থকাটো সহজ কৰি তুলিছো’’। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement