--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাত্ৰ ছদিন পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিছিল নতুন এক্সপ্ৰেছৱে । কিন্তু পৰিকল্পনাহীনভাবে নিৰ্মাণ কৰা পথটো  এজাক বৰষুণতে পানীত বুৰ গ’ল৷ বাংগালুৰু-মাইচুৰু এক্সপ্ৰেছৱে বাংগালুৰুৰ ওচৰৰ ৰামনগৰত নিৰ্মাণ কৰা হৈছে৷ কিন্তু ৮,০০০ কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা পথটো এজাক বৰষুণতে পানীত বুৰ যোৱাত বহুতে আশ্চৰ্য প্ৰকাশ কৰিছে৷  

তথ্য অনুসৰি এই ঘাইপথটো ৮,৪৮০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে। ১২ মাৰ্চত প্ৰধানমন্ত্ৰীয়ে এক্সপ্ৰেছৱে উদ্বোধন কৰিছিল। পথটোৰ উদ্বোধনে ৰাজনৈতিক দৃষ্টিকোণৰ পৰা বিশেষ  গুৰুত্ব লাভ কৰিছিল। কাৰণ সন্মুখত কৰ্ণাটক বিধানসভাৰ নিৰ্বাচন আছে৷ 

উদ্বোধনৰ ছদিনৰ ভিতৰতে বৰষুণৰ পানীয়ে পথটো বুৰাই পেলোৱাত গাড়ী-মটৰৰ চলাচলত অসুবিধাৰ সৃষ্টি হৈছে৷ ১১৮  কিলোমিটাৰ দীঘল এক্সপ্ৰেছৱেই যাত্ৰী পৰিবহন ব্যৱস্থা উন্নত কৰিব বুলি ভবা হৈছিল যদিও আৰম্ভনিতে দেখা দিয়া বিপৰ্যয়ে এতিয়া বহুতকে চিন্তাত পেলাইছে৷  পথটোৰে ভ্ৰমণৰ সময়ও হ্ৰাস হ’ব বুলি ভবা হৈছিল যদিও পানী জমা হোৱাৰ বাবে এতিয়া সকলো কথা ওলোট-পালট হৈ পৰিছে।পানী জমা হোৱাৰ বাবে  বাহনসমূহ  লেহেম গতিত আগবাঢ়িবলগীয়া হৈছে।যাত্ৰীসকলে যান-জঁটৰ বাবে দুৰ্ভোগ ভুগিবলগীয়া হৈছে৷ পথটোৰ যি স্থানত পানী জমা হৈছে সেই  ঠাইখনৰ ওপৰতে এখন দলং আছে। পূৰ্বেও সেই ঠাইত বৰষুণৰ পানী জমা হৈছিল৷ কিন্তু নতুন পথটো নিৰ্মাণৰ সময়ত সেই কথাটোলৈ গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে৷

প্ৰধানমন্ত্ৰীয়ে পথটো উদ্বোধন কৰি কৈছিল "কংগ্ৰেছে মোদীৰ কবৰ খন্দাৰ  সপোনত দেখিছে। কিন্তু তেওঁলোকে নাজানে যে দেশৰ মাতৃ আৰু ভগ্নীসকলে মোৰ সৈতে আছে আৰু তেওঁলোকে মোৰ  ৰক্ষক হিচাপে কাম কৰে। তেওঁলোকক (কংগ্ৰেছে) মোদীৰ কবৰ খননকৰাৰ সপোন দেখি থাকিবলৈ দিয়ক, মই বাংগালুৰু-মাইচুৰু এক্সপ্ৰেছৱে নিৰ্মাণত গুৰুত্ব দিছো। আমি দৰিদ্ৰ লোকসকলৰ বাবে জীয়াই থকাটো সহজ কৰি তুলিছো’’। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু