--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ দেশত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড৷এইবাৰ জোঁৱায়েকৰ হাতত প্ৰাণ হেৰুৱালে শাহুৱে৷আৰক্ষীয়ে জনোৱা মতে, শনিবাৰে নিশা বিজয়াৱাড়াত এগৰাকী মহিলাক ফ্লাই অভাৰত জোঁৱায়েকে হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে, কাৰণ শাহুৱেকে লোকজনৰ পত্নীক বিবাহ বিচ্ছেদৰ কাম আগবঢ়াই নিবলৈ উৎসাহিত কৰিছিল।সেয়েহে শনিবাৰে নিশা প্ৰায় ৯ বজাত চানুমোলু ভেংকটৰাও উৰণীয়া সেতুত ৪৭ বছৰীয়া নাগামণিক হত্যা কৰে।

বিজয়াৱাড়া পশ্চিমৰ এচিপি হনুমন্ত ৰাৱে সংবাদ মাধ্যমক জনাইছে যে, "এয়া জোঁৱায়েকে সংঘটিত কৰা হত্যাকাণ্ড আৰু মৃত মহিলাগৰাকী তেওঁৰ শাহুৱেক৷আৰক্ষীয়ে প্ৰকাশ কৰে যে অভিযুক্ত ৰাজেশৰ পত্নীক প্ৰভাৱিত কৰি বিবাহ বিচ্ছেদৰ আবেদন দাখিল কৰাৰ সন্দেহত মৃত নাগামণিৰ বিৰুদ্ধে অগ্নিশৰ্মা হৈ পৰিছিল৷।সেয়েহে তেওঁ পত্নীৰ পৰা বিচ্ছেদ হোৱাৰ বাবে শাহুৱেকক দোষাৰোপ কৰি সাধাৰণতে তামোল কাটিবলৈ ব্যৱহাৰ কৰা কাটাৰীৰে নিৰ্মমভাৱে আক্ৰমণ কৰে।

ইতিমধ্যে শাহুৱেক নাগামণিয়ে কৰুণভাৱে থিতাতে প্ৰাণ হেৰুৱাইছে, আৰু ৰাজেশক গ্ৰেপ্তাৰ কৰিবলৈ সূচনা কৰা হৈছে। পূৰ্বে ঘৰে ঘৰে কাপোৰ বিক্ৰী কৰি জীৱিকা নিৰ্বাহ কৰা অভিযুক্ত ৰাজেশৰ বিৰুদ্ধে এতিয়া ভাৰতীয় দণ্ডবিধিৰ ৩০২ (হত্যা) ধাৰাত এজাহাৰ পঞ্জীয়ন কৰা হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু