--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মণিপুৰত এতিয়াও উন্নত হোৱা নাই পৰিবেশ। সেনা-চিআৰপিএফে গিজগিজাই থকাৰ পিছতো ৰাজ্য খনৰ বিভিন্ন স্থানৰ পৰা কূটাঘাত সংঘটিত হোৱাৰ খবৰ আহিয়েই আছে। এনে সময়তে ১,২০০ ৰো অধিক মহিলাই সেনাক ঘেৰাও কৰাৰ ঘটনা ঘটিছে।

মহিলাসকলে দিয়া হেঁচাৰ বাবেই সেনাই তেওঁলোক ১২ জন আটক কৰি নিয়া লোকক  মুকলি কৰিবলৈ বাধ্য হয়। উল্লেখ্য সংঘৰ্ষত জড়িত থকাৰ অভিযোগত  ১২ জন লোকক  শনিবাৰে পুৱা সেনাই আটক কৰিছিল। তেওঁলোক মেইটেই উগ্ৰপন্থী গোট কাংলেই য়ায়ুল কান্না লুপৰ (কেৱাইকেএল) সদস্য বুলি অভিযোগ কৰা হৈছে। সংগঠনটোৱে  অতীতত সেনাৰ ওপৰত চলা বহু আক্ৰমণৰ ঘটনাত  জড়িত আছিল।

কিন্তু আটক কৰা বিদ্ৰোহী কেইজনক অৱশেষত সেনাই মুক্তি দিবলৈ বাধ্য হয়। এগৰাকী চৰকাৰী বিষয়াই কয়  "পৰিস্থিতি সংবেদনশীল হৈ আছে । ইয়াৰ গুৰুত্ব অনুভৱ কৰি আটক কৰা লোক কেইজনক  মুকলি কৰি দিয়াৰ সিদ্ধান্ত লোৱা হৈছিল। বিশাল জনতাৰ বিৰুদ্ধে বল প্ৰয়োগ কৰিলে বহু লোকৰ  প্ৰাণ হানি হ’লহেঁতেন। ''

উল্লেখ্য মণিপুৰত প্ৰতিবাদত মহিলাৰ ভূমিকাই বাৰে বাৰে বহুতৰে  মনোযোগ আকৰ্ষণ কৰি আহিছে। অতীতত  মহিলাসকলৰ প্ৰতিৰোধৰ সন্মুখীন হৈ  চিবিআইৰ তদন্তকাৰী দল এটাও  ঘূৰি আহিব লগা হৈছিল ।  অস্ত্ৰ লুটি নিয়াৰ গোচৰৰ তদন্ত কৰি থকা চিবিআই দলটোক  মণিপুৰ আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ত প্ৰায় ২,০০০ মহিলাই ঘেৰি ধৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস