--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মণিপুৰত এতিয়াও উন্নত হোৱা নাই পৰিবেশ। সেনা-চিআৰপিএফে গিজগিজাই থকাৰ পিছতো ৰাজ্য খনৰ বিভিন্ন স্থানৰ পৰা কূটাঘাত সংঘটিত হোৱাৰ খবৰ আহিয়েই আছে। এনে সময়তে ১,২০০ ৰো অধিক মহিলাই সেনাক ঘেৰাও কৰাৰ ঘটনা ঘটিছে।

মহিলাসকলে দিয়া হেঁচাৰ বাবেই সেনাই তেওঁলোক ১২ জন আটক কৰি নিয়া লোকক  মুকলি কৰিবলৈ বাধ্য হয়। উল্লেখ্য সংঘৰ্ষত জড়িত থকাৰ অভিযোগত  ১২ জন লোকক  শনিবাৰে পুৱা সেনাই আটক কৰিছিল। তেওঁলোক মেইটেই উগ্ৰপন্থী গোট কাংলেই য়ায়ুল কান্না লুপৰ (কেৱাইকেএল) সদস্য বুলি অভিযোগ কৰা হৈছে। সংগঠনটোৱে  অতীতত সেনাৰ ওপৰত চলা বহু আক্ৰমণৰ ঘটনাত  জড়িত আছিল।

কিন্তু আটক কৰা বিদ্ৰোহী কেইজনক অৱশেষত সেনাই মুক্তি দিবলৈ বাধ্য হয়। এগৰাকী চৰকাৰী বিষয়াই কয়  "পৰিস্থিতি সংবেদনশীল হৈ আছে । ইয়াৰ গুৰুত্ব অনুভৱ কৰি আটক কৰা লোক কেইজনক  মুকলি কৰি দিয়াৰ সিদ্ধান্ত লোৱা হৈছিল। বিশাল জনতাৰ বিৰুদ্ধে বল প্ৰয়োগ কৰিলে বহু লোকৰ  প্ৰাণ হানি হ’লহেঁতেন। ''

উল্লেখ্য মণিপুৰত প্ৰতিবাদত মহিলাৰ ভূমিকাই বাৰে বাৰে বহুতৰে  মনোযোগ আকৰ্ষণ কৰি আহিছে। অতীতত  মহিলাসকলৰ প্ৰতিৰোধৰ সন্মুখীন হৈ  চিবিআইৰ তদন্তকাৰী দল এটাও  ঘূৰি আহিব লগা হৈছিল ।  অস্ত্ৰ লুটি নিয়াৰ গোচৰৰ তদন্ত কৰি থকা চিবিআই দলটোক  মণিপুৰ আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ত প্ৰায় ২,০০০ মহিলাই ঘেৰি ধৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
ইতিহাস হ'ল জুবিন
শেষকৃত্যথলীত উদ্ভাসিত সমন্বয়ৰ ছবি, জাতীয় বস্ত্ৰৰে জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি
মৰাণৰ পিছত এইবাৰ ৰাজপথ কঁপাব মটকে, জনজাতিকৰণৰ দাবীৰে ২৬ ছেপ্টেম্বৰত ৫০ হাজাৰ মটক ৰাইজে কঁপাব লাহোৱালৰ আকাশ বতাহ
জাঁজীৰ উৰণ সেতুত অংকন জুবিন গাৰ্গৰ প্ৰতিচ্ছবি, পাঁচগৰাকী শিল্পীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত দেখুৱালে ব্যতিক্রমী কার্য
কাইলৈৰ পৰা পৰ্যটকৰ বাবে মুকলি হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
জুবিন গাৰ্গৰ ধন আত্মসাতৰ প্ৰমাণ মোৰ হাতত আছেঃ মানস ৰবীন
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক