--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক; দিল্লীত মণিপুৰৰ হিংসাত্মক পৰিস্থিতিক লৈ শনিবাৰে সম্পন্ন হ’ল সৰ্বদলীয় বৈঠক। গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত সম্পন্ন হ’ল এই সৰ্বদলীয় বৈঠক। বৈঠকত উপস্থিত থাকে বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নড্ডা। 

উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী নিত্যানন্দ ৰায়, প্ৰহ্লাদ যোশী। বিজেপি, কংগ্ৰেছৰ লগতে শিৱসেনা, তৃণমূল কংগ্ৰেছ, বিজু জনতা দল, ডি এম কে, আৰ জে ডি, সমাজবাদী পাৰ্টী, আপ আদি বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিয়ে অংশ লয় বৈঠকত। বৈঠকত আটাইকেইটা বিৰোধী দলে মণিপুৰলৈ সৰ্বদলীয় প্ৰতিনিধি প্ৰেৰণত গুৰুত্ব প্ৰদান কৰে। ইপিনে, মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত বৈঠকত ৰোডমেপ প্ৰদৰ্শন কৰে কেন্দ্ৰীয় চৰকাৰে। 

মণিপুৰৰ পৰিস্থিতিৰ সৈতে কিধৰণে মোকাবিলা কৰা হ’ব সেই বিষয়ে জনোৱা হয় কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা। বৈঠকত সমাজবাদী পাৰ্টী আৰু RJDএ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ পদত্যাগৰ দাবী তোলে। আনহাতে, ৰাজ্যখনত সেনাবাহিনী নিয়োগৰ বিৰুদ্ধে মত প্ৰকাশ কৰে কংগ্ৰেছে৷ মণিপুৰৰ জনসাধাৰণে যাতে বিচ্ছিন্ন অনুভৱ নকৰে তাৰ বাবে এই মুহূৰ্তত সেনাবাহিনী নিয়োগ কৰা উচিত নহয় বুলি মন্তব্য কংগ্ৰেছৰ। 

শিৱসেনাৰ থাকৰে শিবিৰে শিক্ষাৰ্থীয়ে সন্মুখীন হোৱা সমস্যাকে ধৰি বিভিন্ন মানৱীয় দিশৰ ওপৰত আলোকপাত কৰে সৰ্বদলীয় বৈঠকত। মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত চৰকাৰে বিশেষ একো কৰা নাই বুলি মন্তব্য কৰে থাকৰে শিবিৰৰ সাংসদ প্ৰিয়ংকা চতুৰ্বেদীয়ে। বৈঠকত কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰে তৃণমূল কংগ্ৰেছে। স্বাধীনতাৰ পৰা আজিলৈকে মণিপুৰত এনেধৰণৰ ঘটনা ঘটা নাছিল বুলি মন্তব্য তৃণমূল কংগ্ৰেছৰ৷

গৃহমন্ত্ৰী অমিত শ্বাহৰ মণিপুৰ ভ্ৰমণৰ পাছতে অধিক অৱনতি ঘটিছিল মণিপুৰৰ পৰিস্থিতিৰ। যাক লৈ প্ৰশ্ন উত্থাপন কৰে দলটোৱে। মণিপুৰক দ্বিতীয় কাশ্মীৰত পৰিণত কৰিব বিচৰা হৈছে নেকি বুলিও প্ৰশ্ন তৃণমূল কংগ্ৰেছৰ। ইপিনে, সৰ্বদলীয় বৈঠক পলমকৈ অনুষ্ঠিত কৰাক লৈ চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে কংগ্ৰেছে। 

লগতে সৰ্বদলীয় বৈঠকত প্ৰধানমন্ত্ৰীৰ অনুপস্থিতিক লৈয়ো প্ৰশ্ন উত্থাপন কৰে দলটোৱে। সৰ্বদলীয় বৈঠকত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ প্ৰয়োজনীয় আছিল। প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণে মণিপুৰবাসীক আশ্বস্ত কৰিব পাৰিলেহেতেন চৰকাৰৰ সদিচ্ছাক লৈ। বৈঠকৰ অন্তত এই মন্তব্য কংগ্ৰেছ নেতা অ’কৰাম ইববি সিঙৰ। বৈঠকৰ অন্তত আগন্তুক সময়ত মণিপুৰলৈ সৰ্বদলীয় প্ৰতিনিধিৰ দল যোৱাতো প্ৰায় নিশ্চিত হয়। অৱশ্যে এই সন্দৰ্ভত এতিয়াও চূড়ান্ত সিদ্ধান্ত লোৱা নাই কেন্দ্ৰীয় চৰকাৰে। আগন্তুক সময়ত এই বিষয়ত চৰকাৰে ল’ব পাৰে চূড়ান্ত সিদ্ধান্ত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু