--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক; দিল্লীত মণিপুৰৰ হিংসাত্মক পৰিস্থিতিক লৈ শনিবাৰে সম্পন্ন হ’ল সৰ্বদলীয় বৈঠক। গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত সম্পন্ন হ’ল এই সৰ্বদলীয় বৈঠক। বৈঠকত উপস্থিত থাকে বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নড্ডা। 

উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী নিত্যানন্দ ৰায়, প্ৰহ্লাদ যোশী। বিজেপি, কংগ্ৰেছৰ লগতে শিৱসেনা, তৃণমূল কংগ্ৰেছ, বিজু জনতা দল, ডি এম কে, আৰ জে ডি, সমাজবাদী পাৰ্টী, আপ আদি বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিয়ে অংশ লয় বৈঠকত। বৈঠকত আটাইকেইটা বিৰোধী দলে মণিপুৰলৈ সৰ্বদলীয় প্ৰতিনিধি প্ৰেৰণত গুৰুত্ব প্ৰদান কৰে। ইপিনে, মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত বৈঠকত ৰোডমেপ প্ৰদৰ্শন কৰে কেন্দ্ৰীয় চৰকাৰে। 

মণিপুৰৰ পৰিস্থিতিৰ সৈতে কিধৰণে মোকাবিলা কৰা হ’ব সেই বিষয়ে জনোৱা হয় কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা। বৈঠকত সমাজবাদী পাৰ্টী আৰু RJDএ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ পদত্যাগৰ দাবী তোলে। আনহাতে, ৰাজ্যখনত সেনাবাহিনী নিয়োগৰ বিৰুদ্ধে মত প্ৰকাশ কৰে কংগ্ৰেছে৷ মণিপুৰৰ জনসাধাৰণে যাতে বিচ্ছিন্ন অনুভৱ নকৰে তাৰ বাবে এই মুহূৰ্তত সেনাবাহিনী নিয়োগ কৰা উচিত নহয় বুলি মন্তব্য কংগ্ৰেছৰ। 

শিৱসেনাৰ থাকৰে শিবিৰে শিক্ষাৰ্থীয়ে সন্মুখীন হোৱা সমস্যাকে ধৰি বিভিন্ন মানৱীয় দিশৰ ওপৰত আলোকপাত কৰে সৰ্বদলীয় বৈঠকত। মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত চৰকাৰে বিশেষ একো কৰা নাই বুলি মন্তব্য কৰে থাকৰে শিবিৰৰ সাংসদ প্ৰিয়ংকা চতুৰ্বেদীয়ে। বৈঠকত কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰে তৃণমূল কংগ্ৰেছে। স্বাধীনতাৰ পৰা আজিলৈকে মণিপুৰত এনেধৰণৰ ঘটনা ঘটা নাছিল বুলি মন্তব্য তৃণমূল কংগ্ৰেছৰ৷

গৃহমন্ত্ৰী অমিত শ্বাহৰ মণিপুৰ ভ্ৰমণৰ পাছতে অধিক অৱনতি ঘটিছিল মণিপুৰৰ পৰিস্থিতিৰ। যাক লৈ প্ৰশ্ন উত্থাপন কৰে দলটোৱে। মণিপুৰক দ্বিতীয় কাশ্মীৰত পৰিণত কৰিব বিচৰা হৈছে নেকি বুলিও প্ৰশ্ন তৃণমূল কংগ্ৰেছৰ। ইপিনে, সৰ্বদলীয় বৈঠক পলমকৈ অনুষ্ঠিত কৰাক লৈ চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে কংগ্ৰেছে। 

লগতে সৰ্বদলীয় বৈঠকত প্ৰধানমন্ত্ৰীৰ অনুপস্থিতিক লৈয়ো প্ৰশ্ন উত্থাপন কৰে দলটোৱে। সৰ্বদলীয় বৈঠকত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ প্ৰয়োজনীয় আছিল। প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণে মণিপুৰবাসীক আশ্বস্ত কৰিব পাৰিলেহেতেন চৰকাৰৰ সদিচ্ছাক লৈ। বৈঠকৰ অন্তত এই মন্তব্য কংগ্ৰেছ নেতা অ’কৰাম ইববি সিঙৰ। বৈঠকৰ অন্তত আগন্তুক সময়ত মণিপুৰলৈ সৰ্বদলীয় প্ৰতিনিধিৰ দল যোৱাতো প্ৰায় নিশ্চিত হয়। অৱশ্যে এই সন্দৰ্ভত এতিয়াও চূড়ান্ত সিদ্ধান্ত লোৱা নাই কেন্দ্ৰীয় চৰকাৰে। আগন্তুক সময়ত এই বিষয়ত চৰকাৰে ল’ব পাৰে চূড়ান্ত সিদ্ধান্ত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement