--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ সৰ্বত্ৰে এতিয়া কেৱল ৰণবীৰ কাপুৰ আৰু আলিয়া ভট্টৰ গুঞ্জন। বিকি-কেটৰ বিবাহৰ পাছত, সকলোৱে এতিয়া অপেক্ষা কৰি আছে, ৰণবীৰ আৰু আলিয়া চাৰিখন হাত এখন হোৱালৈ। বলীউডৰ এই সুন্দৰ যুটোটোক তেওঁলোকৰ অনুৰাগীয়ে মৰমতে ‘ৰণলিয়া’ নাম ৰাখিছে। সংবাদ মাধ্যমৰ এক সূত্ৰ অনুসৰি, ৰণবীৰ আৰু আলিয়াই অহা এপ্ৰিল মাহতে বিয়াত বহিব। ভট্ট আৰু কাপুৰ পৰিয়ালত ইতিমধ্যে বিবাহৰ প্ৰস্তুতি আৰম্ভ হৈছে। কেৱল সেয়াই নহয়, তেওঁলোকে তেওঁলোকৰ বিবাহস্থলীও নিশ্চিত কৰিছে। ৰাজস্থানৰ ৰণথম্বৰত ৰণবীৰ-আলিয়াৰ বিবাহ অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে বুলি অনুমান কৰা হৈছে। বৰ্তমান দুয়োজন তাৰকা শিল্পীয়ে তেওঁলোকৰ আহিবলগীয়া চলচ্চিত্ৰ কামৰ বাবে ব্যস্ত হৈ আছে। এফালে, আলিয়াৰ গংগুবাই কাঠিয়াৱাড়ী ২৫ ফেব্ৰুৱাৰীত মুক্তি পাব। আনহাতে, ৰণবীৰৰ চামছেৰা ২২ জুলাইত মুক্তি পাব। উল্লেখ্য যে, ৰণবীৰ-আলিয়া দুয়োজনেই তেওঁলোকৰ সম্পৰ্কৰ বিষয়ে যথেষ্ট সৰব। তেওঁলোকে তেওঁলোকৰ সম্পৰ্কৰ বিষয়ে মানুহৰ পৰা বেছিকৈ লুকুৱাই ৰখা নাই। বিগত বছৰ এক সাক্ষাৎকাৰত, ৰণবীৰ কাপুৰে কৈছিল যে এই বছৰ কৰ’না নোহোৱা হ’লে, তেওঁলোক বিবাহপাশত আবদ্ধ হ’লহেঁতেন। কিন্তু এইবাৰ আলিয়াই নিজেই ৰণবীৰৰ সৈতে তাইৰ বিবাহৰ বিষয়ে মুকলি কৰিছিল। এক সৰ্বভাৰতীয় সংবাদ মাধ্যমক দিয়া সাক্ষাৎকাৰত আলিয়া ভাটে কয় যে, শীঘ্ৰে ৰণবীৰ আৰু মই বিবাহপাশত আবদ্ধ হ’ম। উল্লেখ্য যে, আলিয়া ইতিমধ্যে ৰণবীৰ কাপুৰৰ মাতৃ নীতু কাপুৰৰো প্ৰিয়। কাপুৰ পৰিয়ালৰ যিকোনো অনুষ্ঠানত আলিয়াৰ উপস্থিতিয়ে তাকেই সূচায়। খবৰ অনুসৰি, আলিয়া ভট্ট আৰু ৰণবীৰৰ বিবাহৰ বাবে তেওঁলোকৰ আহিবলগীয়া ছবি 'ব্ৰহ্মাস্ত্ৰ' (ব্ৰহ্মাস্ত্ৰ)ৰ মুকলি দিন পিছুৱাই দিয়া হৈছে। দুয়োজনে বিচাৰে যে চাৰিখন হাত এখন হোৱাৰ পাছত তেওঁলোকৰ প্ৰথমখন চলচ্চিত্ৰ একেলগে মুক্তি দিয়া হ’ব। কিন্তু কেৱল চলচ্চিত্ৰৰ কামৰ বাবেই বিবাহ পিছুৱাই দিয়া হোৱা নাই। কাপুৰ পৰিয়ালৰ সকলোৱে একেলগে পৰিয়ালৰ সুন্দৰ মুহূৰ্তবোৰ উপভোগ কৰিবলৈ ভাল পায়। তেনে ক্ষেত্ৰত, সকলোৱে ৰণবীৰ কাপুৰৰ বিয়াত উপস্থিত থাকিব বিচাৰিব। কিন্তু বৰ্তমানৰ ক’ভিড পৰিস্থিতি লগতে অতিথি সংগঠিত কৰিলে বিপদ হ’ব পাৰে। ইয়াৰ উপৰি ৰণবীৰৰ পিতৃৰ বাসগৃহত ঘৰৰ কিছু মেৰামতিৰ কাম চলি আছে। যদি এই সকলোবোৰ ঠিকে থাকে, তেন্তে দুয়োৰে বিয়াখন সোনকালেই সম্পন্ন হ’ব আশা কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু