--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃবলীউডৰ বিখ্যাত ৰেপাৰ আৰু গায়ক য়ো য়ো হানি সিং তেওঁৰ নিজস্ব শৈলীৰ গীতৰ বাবে জনাজাত। শেহতীয়াকৈ হানি সিঙৰ বিবাহ বিচ্ছেদকলৈ বহুতৰে মাজত আলোচনা চলি থকাৰ মাজতে গায়কগৰাকীয়ে তেওঁৰ নতুন প্ৰেমিকা এগৰাকী যোগাৰ কৰি ল’বলৈ সক্ষম হৈছে।  সেই নতুন প্ৰেমিকাৰ সৈতেই এতিয়া প্ৰেমৰ মধুপান কৰাত ব্যস্ত হানি সিং। 

ৰেপাৰ আৰু গায়ক ইয়ো ইয়ো হানি সিঙে কেইদিনমান আগতে তেওঁৰ অনুৰাগীসকলক আচৰিত কৰি  এগৰাকী অজ্ঞাত মহিলাৰ সৈতে ৰাজহুৱা জীৱনত ভূমুকি মাৰিছিল। মাত্ৰ  কেইদিনমান আগতে বিবাহ বিচ্ছেদ হোৱা হানি সিঙক এতিয়া সংগ দিছে এগৰাকী যুৱতীয়ে।কেইদিনমান আগতে হানি সিঙে যুৱতীগৰাকীৰ সৈতে  তেওঁৰ  ফটোও  শ্বেয়াৰ কৰিছিল। ছবি খনত যদিও যুৱতীগৰাকীৰ  মুখখন স্পষ্ট  নাছিল তথাপি ছবিখন চাই হানি সুঙৰ অনুৰাগীসকল নিশ্চিত হৈছিল যে গায়কগৰাকী পুনৰ কাৰোৱাৰ প্ৰেমত পৰিছে। ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলৰ মাজৰে বহুতে  কৈছে যে যুৱতীগৰাকী আন কোনো নহয়, তেওঁ মডেল তথা  অভিনেত্ৰী টিনা থাদানীহে।

হানি সিঙে শেহতীয়াকৈ ইনষ্টাগ্ৰামত কৰা এটা পোষ্টৰ সৈতে টিনাৰ ইনষ্টাগ্ৰামৰ শেহতীয়া ছবিখনৰ মিল আছে বুলি বহুতে কৈছে । হানিৰ আন কেই খন মান  ছবিত  মহিলাগৰাকীয়ে পিন্ধি থকা একেটা ব্ৰেচলেটেই টিনাৰ বুলি সন্দেহ কৰা যুৱতীগৰাকীৰ ছবিতো  দেখা গৈছে। 

গায়কজনে এনে জল্পনা-কল্পনাৰ মাজতে প্ৰকাশ কৰিছে যে তেওঁ এতিয়া ডেটিং কৰি আছে। 
উল্লেখ্য হানি সিঙে ২০১১ চনত শালিনী তলৱাৰৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। তেওঁলোকৰ বিবাহ বিচ্ছেদ যোৱা মাহত দীৰ্ঘদিন ধৰি চলি থকা আদালতৰ গোচৰৰ পিছত চূড়ান্ত হয়।  শালিনীয়ে হানিৰ বিৰুদ্ধে ঘৰুৱা হিংসাৰ অভিযোগ উত্থাপন কৰিছিল। খবৰ অনুসৰি হানিয়ে শালিনীক তেওঁলোকৰ বিবাহ বিচ্ছেদৰ বিনিময়ত   ১ কোটি টকা দিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক