--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃবলীউডৰ বিখ্যাত ৰেপাৰ আৰু গায়ক য়ো য়ো হানি সিং তেওঁৰ নিজস্ব শৈলীৰ গীতৰ বাবে জনাজাত। শেহতীয়াকৈ হানি সিঙৰ বিবাহ বিচ্ছেদকলৈ বহুতৰে মাজত আলোচনা চলি থকাৰ মাজতে গায়কগৰাকীয়ে তেওঁৰ নতুন প্ৰেমিকা এগৰাকী যোগাৰ কৰি ল’বলৈ সক্ষম হৈছে।  সেই নতুন প্ৰেমিকাৰ সৈতেই এতিয়া প্ৰেমৰ মধুপান কৰাত ব্যস্ত হানি সিং। 

ৰেপাৰ আৰু গায়ক ইয়ো ইয়ো হানি সিঙে কেইদিনমান আগতে তেওঁৰ অনুৰাগীসকলক আচৰিত কৰি  এগৰাকী অজ্ঞাত মহিলাৰ সৈতে ৰাজহুৱা জীৱনত ভূমুকি মাৰিছিল। মাত্ৰ  কেইদিনমান আগতে বিবাহ বিচ্ছেদ হোৱা হানি সিঙক এতিয়া সংগ দিছে এগৰাকী যুৱতীয়ে।কেইদিনমান আগতে হানি সিঙে যুৱতীগৰাকীৰ সৈতে  তেওঁৰ  ফটোও  শ্বেয়াৰ কৰিছিল। ছবি খনত যদিও যুৱতীগৰাকীৰ  মুখখন স্পষ্ট  নাছিল তথাপি ছবিখন চাই হানি সুঙৰ অনুৰাগীসকল নিশ্চিত হৈছিল যে গায়কগৰাকী পুনৰ কাৰোৱাৰ প্ৰেমত পৰিছে। ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলৰ মাজৰে বহুতে  কৈছে যে যুৱতীগৰাকী আন কোনো নহয়, তেওঁ মডেল তথা  অভিনেত্ৰী টিনা থাদানীহে।

হানি সিঙে শেহতীয়াকৈ ইনষ্টাগ্ৰামত কৰা এটা পোষ্টৰ সৈতে টিনাৰ ইনষ্টাগ্ৰামৰ শেহতীয়া ছবিখনৰ মিল আছে বুলি বহুতে কৈছে । হানিৰ আন কেই খন মান  ছবিত  মহিলাগৰাকীয়ে পিন্ধি থকা একেটা ব্ৰেচলেটেই টিনাৰ বুলি সন্দেহ কৰা যুৱতীগৰাকীৰ ছবিতো  দেখা গৈছে। 

গায়কজনে এনে জল্পনা-কল্পনাৰ মাজতে প্ৰকাশ কৰিছে যে তেওঁ এতিয়া ডেটিং কৰি আছে। 
উল্লেখ্য হানি সিঙে ২০১১ চনত শালিনী তলৱাৰৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। তেওঁলোকৰ বিবাহ বিচ্ছেদ যোৱা মাহত দীৰ্ঘদিন ধৰি চলি থকা আদালতৰ গোচৰৰ পিছত চূড়ান্ত হয়।  শালিনীয়ে হানিৰ বিৰুদ্ধে ঘৰুৱা হিংসাৰ অভিযোগ উত্থাপন কৰিছিল। খবৰ অনুসৰি হানিয়ে শালিনীক তেওঁলোকৰ বিবাহ বিচ্ছেদৰ বিনিময়ত   ১ কোটি টকা দিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু