--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দীপাৱলী আগমনৰ পূর্বে বহু ডাঙৰ ডাঙৰ চেলিব্রিটিয়ে নিজ নিজ ঘৰতে আয়োজন কৰি আছে গ্ৰেণ্ড পাৰ্টি৷ মাত্ৰ এদিন পূৰ্বে কৃতী সেনন আৰু চলচ্চিত্ৰ প্ৰযোজক ৰমেশ তৌৰাণীৰ ঘৰত এটা ডাঙৰ পাৰ্টিৰ আয়োজন কৰিছিলে। আনহাতে বি-টাউনৰ জনপ্ৰিয় ফেশ্বন ডিজাইনাৰ মনীষ মালহোত্ৰাই দীপাৱলীক আদৰাৰ পাৰ্টি আয়োজন কৰি বলীউডৰ ডাঙৰ ডাঙৰ তাৰকাসকলক আমন্ত্ৰণ জনাইছিল উদ্যোগৰ পৰা তেওঁৰ ঘৰলৈ। 

এই পাৰ্টিত কেটৰিনা-বিকিৰ পৰা আৰম্ভ কৰি ঐশ্বৰ্য-অভিষেক আৰু অনন্যা-আদিত্য ৰয় কাপুৰলৈকে সকলো বলিউডৰ তাৰকা উপস্থিত থাকে। মনীষ মালহোত্ৰাৰ ঘনিষ্ঠ বন্ধুসকল, বলীউড ষ্টাৰৰ বাহিৰেও এই পাৰ্টিত উপস্থিত আছিল দুগৰাকী বিশেষ অতিথি। এই দুগৰাকী অতিথিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। 
mukesh ambani-nita ambani daughter-in-law shloka mehta and radhika merchant looks stun at manish malhotra diwali bash
তেওঁলোক হল মুকেশ আম্বানীৰ বোৱাৰী। মুকেশ আম্বানীৰ বোৱাৰী অৰ্থাৎ আকাশ আম্বানীৰ পত্নী শ্লোকা মেহতা আৰু অনন্ত আম্বানীৰ হ’বলগীয়া পত্নী ৰাধিকা মাৰ্চেণ্ট উপস্থিত হৈছিল এই পাৰ্টিত, যাৰ লুকক লৈ বৰ্তমান বহু চৰ্চা চলি আছে।কাৰণ শ্লোকা আৰু ৰাধিকাই একে ৰঙৰ কাপোৰ পিন্ধি অহাই নহয়, তেওঁলোকৰ মাজৰ বণ্ডিঙেও আটাইতকৈ বেছি মানুহৰ দৃষ্টি আকৰ্ষণ কৰিছিল।

Z+ চিকিউৰিটি লৈ আম্বানীৰ দুই বোৱাৰী পাৰ্টিলৈ আহিছিল। দুয়ো নিজকে ইমান সুন্দৰকৈ সজাই পৰাই আনিছিল যে তেওঁলোকৰ সন্মুখত গ্লেমাৰাছ আবেদন কঢ়িয়াই নিয়া বলীউডৰ সুন্দৰীসকলো ম্লান হৈ পৰিছিল। 

মনীষ মালহোত্ৰাৰ পাৰ্টিত উপস্থিত থাকি অতি আনন্দিত হৈ পৰে আম্বানী পৰিয়ালৰ দুই বোৱাৰী শ্লোকা আৰু ৰাধিকা। উল্লেখ্য যে ৰাধিকা মুকেশ আম্বানীৰ সৰু পুত্ৰ অনন্ত আম্বানীৰ প্ৰেয়সী যদিও পৰিয়ালটোৱে নিজৰ বোৱাৰী বুলিয়েই আদৰি লৈছে ৰাধিকাক। অতি সোনকালে ৰাধিকা আৰু অনন্ত বিবাহপাশত আৱদ্ধ হ'ব।








FOLLOW US F
POPULAR
FEATURE
TRENDY
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement