--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দীপাৱলী আগমনৰ পূর্বে বহু ডাঙৰ ডাঙৰ চেলিব্রিটিয়ে নিজ নিজ ঘৰতে আয়োজন কৰি আছে গ্ৰেণ্ড পাৰ্টি৷ মাত্ৰ এদিন পূৰ্বে কৃতী সেনন আৰু চলচ্চিত্ৰ প্ৰযোজক ৰমেশ তৌৰাণীৰ ঘৰত এটা ডাঙৰ পাৰ্টিৰ আয়োজন কৰিছিলে। আনহাতে বি-টাউনৰ জনপ্ৰিয় ফেশ্বন ডিজাইনাৰ মনীষ মালহোত্ৰাই দীপাৱলীক আদৰাৰ পাৰ্টি আয়োজন কৰি বলীউডৰ ডাঙৰ ডাঙৰ তাৰকাসকলক আমন্ত্ৰণ জনাইছিল উদ্যোগৰ পৰা তেওঁৰ ঘৰলৈ। 

এই পাৰ্টিত কেটৰিনা-বিকিৰ পৰা আৰম্ভ কৰি ঐশ্বৰ্য-অভিষেক আৰু অনন্যা-আদিত্য ৰয় কাপুৰলৈকে সকলো বলিউডৰ তাৰকা উপস্থিত থাকে। মনীষ মালহোত্ৰাৰ ঘনিষ্ঠ বন্ধুসকল, বলীউড ষ্টাৰৰ বাহিৰেও এই পাৰ্টিত উপস্থিত আছিল দুগৰাকী বিশেষ অতিথি। এই দুগৰাকী অতিথিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। 
mukesh ambani-nita ambani daughter-in-law shloka mehta and radhika merchant looks stun at manish malhotra diwali bash
তেওঁলোক হল মুকেশ আম্বানীৰ বোৱাৰী। মুকেশ আম্বানীৰ বোৱাৰী অৰ্থাৎ আকাশ আম্বানীৰ পত্নী শ্লোকা মেহতা আৰু অনন্ত আম্বানীৰ হ’বলগীয়া পত্নী ৰাধিকা মাৰ্চেণ্ট উপস্থিত হৈছিল এই পাৰ্টিত, যাৰ লুকক লৈ বৰ্তমান বহু চৰ্চা চলি আছে।কাৰণ শ্লোকা আৰু ৰাধিকাই একে ৰঙৰ কাপোৰ পিন্ধি অহাই নহয়, তেওঁলোকৰ মাজৰ বণ্ডিঙেও আটাইতকৈ বেছি মানুহৰ দৃষ্টি আকৰ্ষণ কৰিছিল।

Z+ চিকিউৰিটি লৈ আম্বানীৰ দুই বোৱাৰী পাৰ্টিলৈ আহিছিল। দুয়ো নিজকে ইমান সুন্দৰকৈ সজাই পৰাই আনিছিল যে তেওঁলোকৰ সন্মুখত গ্লেমাৰাছ আবেদন কঢ়িয়াই নিয়া বলীউডৰ সুন্দৰীসকলো ম্লান হৈ পৰিছিল। 

মনীষ মালহোত্ৰাৰ পাৰ্টিত উপস্থিত থাকি অতি আনন্দিত হৈ পৰে আম্বানী পৰিয়ালৰ দুই বোৱাৰী শ্লোকা আৰু ৰাধিকা। উল্লেখ্য যে ৰাধিকা মুকেশ আম্বানীৰ সৰু পুত্ৰ অনন্ত আম্বানীৰ প্ৰেয়সী যদিও পৰিয়ালটোৱে নিজৰ বোৱাৰী বুলিয়েই আদৰি লৈছে ৰাধিকাক। অতি সোনকালে ৰাধিকা আৰু অনন্ত বিবাহপাশত আৱদ্ধ হ'ব।








FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু