--°C
Loading...
Listen to Article
2 min read
80%

শেহতীয়া এক সাক্ষাৎকাৰত, ৰণবীৰ কাপুৰে স্বীকাৰ কৰিছে যে তেওঁ আৰু প্ৰেমিকা আলিয়া ভাটে অতি সোনকালে বিবাহপাশত আবদ্ধ হোৱাৰ পৰিকল্পনা কৰিছে। অভিনেতা দুগৰাকীয়ে বিবাহৰ কিছু যো-জা চলোৱাৰ কথা শুনিবলৈ পোৱা গৈছিল।

ডিজিটেল ডেস্ক: প্ৰেমৰ মায়াজালত এক প্ৰেমিক-প্ৰেমিকা। নিচিনে, নুবুজে একো৷ প্ৰেমৰ তেওঁলোকৰ বাবে স্বৰগীয় অনুভুতি তথা এটি ভাল লগা আৱেগ৷ এই আৱেগৰ বশৱৰ্তি হৈ বিবাহলৈয়ো কৰিছে মন৷ পিছে কেতিয়া হ’ব সেয়াহে উৎসুকতাৰ কাৰণ এতিয়া অনুৰাগীৰ বাবে৷ ক’বলৈ বিচাৰিছো বলীউডৰ গংগোবাঈ খ্যাত আলিয়া ভাট আৰু অভিনেতা ৰণবীৰ কাপুৰ৷ এতিয়া মাথোন গাত মা-হালধি লগাবহে সাজু আলিয়া! বিবাহৰ ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটৰ বিয়াৰ বাতৰি ইমান প্ৰকাশ হৈছে যে এতিয়া অনুৰাগী বিয়াৰ দিনটোলৈ গভীৰ অপেক্ষা! শেহতীয়াকৈ, অভিনেতা দুগৰাকীক ডিজাইনাৰ বীনা কান্ননৰ সৈতে ফটোত দেখা গৈছিল৷ এই ফটোখন ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছত বিবাহৰ বজাৰ চলিছে নেকি বুলি অনুমান কৰিছিল অনুৰাগীসকলে৷ উল্লেখ্য যে, এক শেহতীয়া সাক্ষাৎকাৰত, ৰণবীৰে অৱশেষত বিবাহৰ পৰিকল্পনাৰ কথাও স্বীকাৰ কৰিছে৷ অভিনেতাগৰাকীয়ে কয় যে তেওঁ আৰু আলিয়াই সোনকালেই বিবাহপাশত আবদ্ধ হ’ব বিচাৰে। বিবাহৰ বহু বছৰৰ পুৰণি চিনাকী ৰণবীৰ আৰু আলিয়াৰ৷ যদিও দুয়োগৰাকীয়ে ইজনে সিজনক বহু বছৰ ধৰি সাক্ষাৎ কৰি আহিছে৷ কিন্তু তেওঁলোকৰ প্ৰেম নিবেদন হৈছিল ছবিৰ ছেটতহে৷ তেওঁলোকৰ আহিবলগীয়া ছবি ‘ব্ৰহ্মাস্ত্ৰ’ত একেলগে কাম কৰা আৰম্ভ কৰাৰ পাছত ২০১৮ চনত ডেটিং কৰিবলৈ লৈছিল দুয়োগৰাকী৷ দুয়োজনে অলপতে বাৰাণসীত ছবিখনৰ দৃশ্যগ্ৰহণৰ সামৰণিও মাৰিছিল। এই ছবিখনত প্ৰথমবাৰৰ বাবে আলিয়া আৰু ৰণবীৰক একেখন পৰ্দাত দেখা যাব৷ তাৰ মাজতে উৎসকতা বাঢ়িছে অনুৰাগীসকলৰো৷ বহুতৰ অনুমান যে এই দুয়োগৰাকীয়ে ছেপ্টেম্বৰত ছবিখনৰ মুক্তিৰ আগতে বিয়া কৰাৰ পৰিকল্পনা কৰিছে! সাংবাদিকৰে হোৱা এক বাৰ্তালাপত ৰণবীৰ কাপুৰে কয়, “মুঝে পাগল কুট্টে নে নহী কাতা হ্যে...’’ কি ম্যে মিডিয়া কে সামনে হি বিবাহ কা ডেট এনাউঞ্চ কৰ দো৷’ তেওঁ লগতে এইবুলিও কয় যে, কিন্তু আলিয়া আৰু মোৰ সোনকালে বিবাহ কৰাৰ সকলো অভিপ্ৰায় আছে, সেয়েহে হয়, আশা কৰোঁ সোনকালেই হ’ব।’ অৱশ্যে, অভিনেতাজনে কোৱা এই 'সোনকালে' কেতিয়া হ'ব পাৰে সেয়া প্ৰকাশ কৰা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক