--°C
Loading...
Listen to Article
2 min read
80%

শেহতীয়া এক সাক্ষাৎকাৰত, ৰণবীৰ কাপুৰে স্বীকাৰ কৰিছে যে তেওঁ আৰু প্ৰেমিকা আলিয়া ভাটে অতি সোনকালে বিবাহপাশত আবদ্ধ হোৱাৰ পৰিকল্পনা কৰিছে। অভিনেতা দুগৰাকীয়ে বিবাহৰ কিছু যো-জা চলোৱাৰ কথা শুনিবলৈ পোৱা গৈছিল।

ডিজিটেল ডেস্ক: প্ৰেমৰ মায়াজালত এক প্ৰেমিক-প্ৰেমিকা। নিচিনে, নুবুজে একো৷ প্ৰেমৰ তেওঁলোকৰ বাবে স্বৰগীয় অনুভুতি তথা এটি ভাল লগা আৱেগ৷ এই আৱেগৰ বশৱৰ্তি হৈ বিবাহলৈয়ো কৰিছে মন৷ পিছে কেতিয়া হ’ব সেয়াহে উৎসুকতাৰ কাৰণ এতিয়া অনুৰাগীৰ বাবে৷ ক’বলৈ বিচাৰিছো বলীউডৰ গংগোবাঈ খ্যাত আলিয়া ভাট আৰু অভিনেতা ৰণবীৰ কাপুৰ৷ এতিয়া মাথোন গাত মা-হালধি লগাবহে সাজু আলিয়া! বিবাহৰ ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটৰ বিয়াৰ বাতৰি ইমান প্ৰকাশ হৈছে যে এতিয়া অনুৰাগী বিয়াৰ দিনটোলৈ গভীৰ অপেক্ষা! শেহতীয়াকৈ, অভিনেতা দুগৰাকীক ডিজাইনাৰ বীনা কান্ননৰ সৈতে ফটোত দেখা গৈছিল৷ এই ফটোখন ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছত বিবাহৰ বজাৰ চলিছে নেকি বুলি অনুমান কৰিছিল অনুৰাগীসকলে৷ উল্লেখ্য যে, এক শেহতীয়া সাক্ষাৎকাৰত, ৰণবীৰে অৱশেষত বিবাহৰ পৰিকল্পনাৰ কথাও স্বীকাৰ কৰিছে৷ অভিনেতাগৰাকীয়ে কয় যে তেওঁ আৰু আলিয়াই সোনকালেই বিবাহপাশত আবদ্ধ হ’ব বিচাৰে। বিবাহৰ বহু বছৰৰ পুৰণি চিনাকী ৰণবীৰ আৰু আলিয়াৰ৷ যদিও দুয়োগৰাকীয়ে ইজনে সিজনক বহু বছৰ ধৰি সাক্ষাৎ কৰি আহিছে৷ কিন্তু তেওঁলোকৰ প্ৰেম নিবেদন হৈছিল ছবিৰ ছেটতহে৷ তেওঁলোকৰ আহিবলগীয়া ছবি ‘ব্ৰহ্মাস্ত্ৰ’ত একেলগে কাম কৰা আৰম্ভ কৰাৰ পাছত ২০১৮ চনত ডেটিং কৰিবলৈ লৈছিল দুয়োগৰাকী৷ দুয়োজনে অলপতে বাৰাণসীত ছবিখনৰ দৃশ্যগ্ৰহণৰ সামৰণিও মাৰিছিল। এই ছবিখনত প্ৰথমবাৰৰ বাবে আলিয়া আৰু ৰণবীৰক একেখন পৰ্দাত দেখা যাব৷ তাৰ মাজতে উৎসকতা বাঢ়িছে অনুৰাগীসকলৰো৷ বহুতৰ অনুমান যে এই দুয়োগৰাকীয়ে ছেপ্টেম্বৰত ছবিখনৰ মুক্তিৰ আগতে বিয়া কৰাৰ পৰিকল্পনা কৰিছে! সাংবাদিকৰে হোৱা এক বাৰ্তালাপত ৰণবীৰ কাপুৰে কয়, “মুঝে পাগল কুট্টে নে নহী কাতা হ্যে...’’ কি ম্যে মিডিয়া কে সামনে হি বিবাহ কা ডেট এনাউঞ্চ কৰ দো৷’ তেওঁ লগতে এইবুলিও কয় যে, কিন্তু আলিয়া আৰু মোৰ সোনকালে বিবাহ কৰাৰ সকলো অভিপ্ৰায় আছে, সেয়েহে হয়, আশা কৰোঁ সোনকালেই হ’ব।’ অৱশ্যে, অভিনেতাজনে কোৱা এই 'সোনকালে' কেতিয়া হ'ব পাৰে সেয়া প্ৰকাশ কৰা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য