--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মিছ ইউনিভাৰ্ছ ২০২১ৰ খিতাপ জয় কৰি ভাৰতীয় সুন্দৰী হৰনাজ সান্ধুৱে সমগ্ৰ বিশ্বজুৰি নিজৰ নাম উজলাবলৈ সক্ষম হ'ল। যেতিয়া হৰনাজ সান্ধুৰ শিৰত মিছ ইউনিভাৰ্ছৰ মুকুট পিন্ধোৱা হৈছিল তেতিয়া কেৱল দেশতে নহয় বিদেশতো তেওঁৰ সৌন্দৰ্যৰ বিষয়ে যথেষ্ট আলোচনা হৈছিল।  মিছ ইউনিভাৰ্ছ হোৱাৰ পাছত তেওঁৰ অনুৰাগীৰ সংখ্যা আকাশচুম্বী হ'বলৈ আৰম্ভ কৰে। হাৰনাজৰ চেহেৰাৰ পৰা আৰম্ভ কৰি তেওঁৰ ষ্টাইল ষ্টেটমেণ্টলৈকে মানুহে অনুসৰণ কৰিবলৈ আৰম্ভ কৰিছিল। প্ৰতিগৰাকী যুৱতীয়ে হৰনাজৰ দৰে ফিট শৰীৰ পোৱাৰ সপোন দেখিবলৈ ল'লে। কিন্তু মিছ ইউনিভাৰ্ছ হোৱাৰ মাত্ৰ ৩ মাহৰ ভিতৰতে হৰনাজ সান্ধু আচৰিত ধৰণে সলনি হৈ পৰিল। হাৰনাজৰ শৰীৰৰ যথেষ্ট ওজন বাঢ়িল, যাৰবাবে তেওঁক এতিয়া চিনি পোৱাই টান হৈ পৰিছে। অনুৰাগীসকলে বুজিব পৰা নাই যে মাত্ৰ কেইমাহমানৰ ভিতৰতে কি ঘটিছে যে হৰনাজৰ চেহেৰা সম্পূৰ্ণৰূপে সলনি হৈ গ'ল। কিছুমানে ছ'চিয়েল মিডিয়াত হৰনাজক বডী শ্বেমিঙৰো লক্ষ্য কৰি লৈছে। হাৰনাজে শেহতীয়াকৈ লেকমে ফেশ্বন উইকত ভাগ লয়। একাংশ লোকে হাৰনাজৰ পৰিৱৰ্তনশীল চেহেৰাক লৈ ট্ৰ'ল কৰিবলৈ আৰম্ভ কৰে। ট্ৰলিঙৰ ওপৰত অসন্তুষ্টি প্ৰকাশ কৰি হাৰনাজে কয়-''এইটো মোৰ বাবে গুৰুত্বপূৰ্ণ নহয়। সকলোৰে নিজৰ জীৱন যাপন কৰাৰ অধিকাৰ আছে। মই মোৰ শৰীৰক সন্মান কৰোঁ। মোৰ চিলিয়াক ৰোগ(celiac) আছে। মই বডী শ্বেমিং বেয়া পাওঁ। মানুহে নাজানে যে মই চিলিয়াক ৰোগত আক্ৰান্ত।'' হাৰনাজৰ উত্তৰৰ পৰা এইটো স্পষ্ট যে তেওঁৰ হঠাতে ওজন বৃদ্ধি হোৱাৰ কাৰণ হৈছে চিলিয়াক ৰোগ। আপুনি জানেনে এই ৰোগ কিয় হয়? চিলিয়াক ৰোগ হৈছে এক প্ৰকাৰৰ গ্লুটেন এলাৰ্জী। দৰাচলতে, ই এক আন্তঃস্থৰোগ, যি শৰীৰত গ্লুটেন হজম কৰিব নোৱাৰাৰ ফলত উদ্ভৱ হয়। গ্লুটেনৰ এলাৰ্জী থকা লোক আৰু বিশেষকৈ চিলিয়াক ৰোগ থকা লোকসকলৰ খাদ্য, ভিটামিন আৰু মিনাৰেল হজম হোৱাত সমস্যা হয়। এই সমস্যাৰ মোকাবিলা কৰিবলৈ শৰীৰে নিজৰ ভিতৰত চৰ্বী জমা কৰিবলৈ আৰম্ভ কৰে। এই জমা হোৱা চৰ্বীৰ ফলত মানুহৰ ওজন বাঢ়িবলৈ ধৰে। গ্লুটেন এলাৰ্জীৰ সৈতে যুঁজি থকা লোকসকলে তেওঁলোকৰ ওজন নিয়ন্ত্ৰণ কৰি ৰখাটো বহুত কঠিন অনুভৱ কৰে। হাৰনাজ তেওঁৰ অনুৰাগীসকলৰ বৰ প্ৰিয়। অনুৰাগীসকলে তেওঁৰ পৰিৱৰ্তন নিশ্চয়কৈ আচৰিত হৈছে কিন্তু তেওঁৰ অনুৰাগীসকলে আজিও তেওঁক সিমানেই ভালপায় যিমান আগতে পাইছিল। মানুহৰ ট্ৰলিঙক গুৰুত্ব নিদিবলৈ হাৰনাজক অনুৰোধ জনাইছে তেওঁৰ অনুৰাগীসকলে। আৰু পঢ়কঃ আমাক অত্যাচাৰ কৰা বন্ধ কৰক! প্ৰসূতিৰ মৃ্ত্যুত অত্যাচাৰৰ বলি হোৱা চিকিৎসকৰ আত্মহত্যা

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু