--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মিছ ইউনিভাৰ্ছ ২০২১ৰ খিতাপ জয় কৰি ভাৰতীয় সুন্দৰী হৰনাজ সান্ধুৱে সমগ্ৰ বিশ্বজুৰি নিজৰ নাম উজলাবলৈ সক্ষম হ'ল। যেতিয়া হৰনাজ সান্ধুৰ শিৰত মিছ ইউনিভাৰ্ছৰ মুকুট পিন্ধোৱা হৈছিল তেতিয়া কেৱল দেশতে নহয় বিদেশতো তেওঁৰ সৌন্দৰ্যৰ বিষয়ে যথেষ্ট আলোচনা হৈছিল।  মিছ ইউনিভাৰ্ছ হোৱাৰ পাছত তেওঁৰ অনুৰাগীৰ সংখ্যা আকাশচুম্বী হ'বলৈ আৰম্ভ কৰে। হাৰনাজৰ চেহেৰাৰ পৰা আৰম্ভ কৰি তেওঁৰ ষ্টাইল ষ্টেটমেণ্টলৈকে মানুহে অনুসৰণ কৰিবলৈ আৰম্ভ কৰিছিল। প্ৰতিগৰাকী যুৱতীয়ে হৰনাজৰ দৰে ফিট শৰীৰ পোৱাৰ সপোন দেখিবলৈ ল'লে। কিন্তু মিছ ইউনিভাৰ্ছ হোৱাৰ মাত্ৰ ৩ মাহৰ ভিতৰতে হৰনাজ সান্ধু আচৰিত ধৰণে সলনি হৈ পৰিল। হাৰনাজৰ শৰীৰৰ যথেষ্ট ওজন বাঢ়িল, যাৰবাবে তেওঁক এতিয়া চিনি পোৱাই টান হৈ পৰিছে। অনুৰাগীসকলে বুজিব পৰা নাই যে মাত্ৰ কেইমাহমানৰ ভিতৰতে কি ঘটিছে যে হৰনাজৰ চেহেৰা সম্পূৰ্ণৰূপে সলনি হৈ গ'ল। কিছুমানে ছ'চিয়েল মিডিয়াত হৰনাজক বডী শ্বেমিঙৰো লক্ষ্য কৰি লৈছে। হাৰনাজে শেহতীয়াকৈ লেকমে ফেশ্বন উইকত ভাগ লয়। একাংশ লোকে হাৰনাজৰ পৰিৱৰ্তনশীল চেহেৰাক লৈ ট্ৰ'ল কৰিবলৈ আৰম্ভ কৰে। ট্ৰলিঙৰ ওপৰত অসন্তুষ্টি প্ৰকাশ কৰি হাৰনাজে কয়-''এইটো মোৰ বাবে গুৰুত্বপূৰ্ণ নহয়। সকলোৰে নিজৰ জীৱন যাপন কৰাৰ অধিকাৰ আছে। মই মোৰ শৰীৰক সন্মান কৰোঁ। মোৰ চিলিয়াক ৰোগ(celiac) আছে। মই বডী শ্বেমিং বেয়া পাওঁ। মানুহে নাজানে যে মই চিলিয়াক ৰোগত আক্ৰান্ত।'' হাৰনাজৰ উত্তৰৰ পৰা এইটো স্পষ্ট যে তেওঁৰ হঠাতে ওজন বৃদ্ধি হোৱাৰ কাৰণ হৈছে চিলিয়াক ৰোগ। আপুনি জানেনে এই ৰোগ কিয় হয়? চিলিয়াক ৰোগ হৈছে এক প্ৰকাৰৰ গ্লুটেন এলাৰ্জী। দৰাচলতে, ই এক আন্তঃস্থৰোগ, যি শৰীৰত গ্লুটেন হজম কৰিব নোৱাৰাৰ ফলত উদ্ভৱ হয়। গ্লুটেনৰ এলাৰ্জী থকা লোক আৰু বিশেষকৈ চিলিয়াক ৰোগ থকা লোকসকলৰ খাদ্য, ভিটামিন আৰু মিনাৰেল হজম হোৱাত সমস্যা হয়। এই সমস্যাৰ মোকাবিলা কৰিবলৈ শৰীৰে নিজৰ ভিতৰত চৰ্বী জমা কৰিবলৈ আৰম্ভ কৰে। এই জমা হোৱা চৰ্বীৰ ফলত মানুহৰ ওজন বাঢ়িবলৈ ধৰে। গ্লুটেন এলাৰ্জীৰ সৈতে যুঁজি থকা লোকসকলে তেওঁলোকৰ ওজন নিয়ন্ত্ৰণ কৰি ৰখাটো বহুত কঠিন অনুভৱ কৰে। হাৰনাজ তেওঁৰ অনুৰাগীসকলৰ বৰ প্ৰিয়। অনুৰাগীসকলে তেওঁৰ পৰিৱৰ্তন নিশ্চয়কৈ আচৰিত হৈছে কিন্তু তেওঁৰ অনুৰাগীসকলে আজিও তেওঁক সিমানেই ভালপায় যিমান আগতে পাইছিল। মানুহৰ ট্ৰলিঙক গুৰুত্ব নিদিবলৈ হাৰনাজক অনুৰোধ জনাইছে তেওঁৰ অনুৰাগীসকলে। আৰু পঢ়কঃ আমাক অত্যাচাৰ কৰা বন্ধ কৰক! প্ৰসূতিৰ মৃ্ত্যুত অত্যাচাৰৰ বলি হোৱা চিকিৎসকৰ আত্মহত্যা

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাষ্ট্ৰীয় ৰেংকিং টেনিছৰ ছুপাৰ ছিৰিজ খিতাপ জয় অসম কন্যা ফাগুন জ্যোতিৰ
মধ্যপ্ৰদেশৰ বাৰগী বান্ধত শোকাবহ নাও দুৰ্ঘটনা: ৯ জনৰ সলিল সমাধি, উচ্চস্তৰীয় তদন্তৰ নিৰ্দেশ
ধৰ্মীয় অনুভূতিত আঘাতৰ গোচৰ: ভাৰতী সিং আৰু শেখৰ সুমনক বম্বে উচ্চ ন্যায়ালয়ৰ বৃহৎ সকাহ
দুর্ভিক্ষৰ কৰাল গ্ৰাসত পৰিব বিশ্বৰ ১.২ কোটি লোক
অনলাইন খাদ্য ব্যৱসায়ত FSSAIৰ কঠোৰ পদক্ষেপ ;ই-কমাৰ্চ কোম্পানীক ৬ লাখ টকাৰ জৰিমনা
বীমা কোম্পানীৰ মনমৰ্জি নচলিব: সময়সীমাৰ দোহাই দি দাবী নাকচ কৰাত বোম্বাই উচ্চ ন্যায়ালয়ৰ বাধা
তামুলপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত বিহু হুঁচৰি দল; থিতাতে নিহত নাচনী নিশামণি হালৈ; ৫জনৰ অৱস্থা সংকটজনক
বিশ্ব কাপত ইৰানৰ সলনি ইটালি!
ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ সিদ্ধান্ত; শৈক্ষিক দিনপঞ্জীৰ ‘থীম’ হ’ব জুবিন গাৰ্গ
খুতুৰা শাকৰ আছে বহু উপকাৰী গুণ; সুস্বাস্থ্য গঢ়াত কৰে সহায়
ভাৰতক ‘নৰকৰ দুৱাৰ’ আখ্যা ট্রাম্পৰ
মহানগৰীত দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা; ৩যুৱতীৰ নিহত, ৩যুৱক আহত
আমেৰিকা অভিমুখে যাত্রা ড° হেমচন্দ্র গোস্বামীৰ, মাজুলীৰ চামগুৰি সত্ৰৰ মুখালৈ আন্তঃৰাষ্ট্ৰীয় সমাদৰ
ইনষ্টাগ্ৰামত লাখে লাখে কমিল ৰাঘৱ চাদ্ধাৰ অনুৰাগী