--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমলিংগ বিবাহকলৈ দেশত এতিয়া তীব্ৰ বিতৰ্ক চলি আছে৷ বিষয়টোৱে ইতিমধ্যে উচ্চতম ন্যায়ালয়ৰ মজিয়া গৰকিছে৷ কেন্দ্ৰীয় চৰকাৰেও সমলিংগৰ বিবাহৰ বিৰোধিতা কৰি উচ্চতম ন্যায়ালয়ত শপতনামা দাখিল কৰিছে৷ এনে সময়তে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই সমকামী বিবাহসন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টিভংগীকে সমৰ্থন জনাইছে। কেন্দ্ৰীয় চৰকাৰে সম লিংগ বিবাহৰ বিৰোধিতা কৰি উচ্চতম ন্যায়ালয়ত এখন শপতনামা দাখিল কৰিছিল।

আৰ এছ এছৰ সাধাৰণ সম্পাদক দত্তাত্ৰেয় হোচাবালে বিষয়টোত নিজৰ স্থিতি স্পষ্ট কৰি কয় "বিপৰীত লিংগৰ মাত্ৰ দুজন লোকেহে বিবাহপাশত আৱদ্ধ হ'ব পাৰে। আমি কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টিভংগীৰ সৈতে একমত। ''

উল্লেখ্য ভাৰতত এতিয়ালৈকে সমকামী বিবাহে কোনো আইনী স্বীকৃতি পোৱা  নাই। কেন্দ্ৰই এনে  বিবাহৰ বিৰুদ্ধে  আপত্তি দৰ্শাই  দেশৰ শীৰ্ষ আদালতত এখন শপতনামা দাখিল কৰিছিল। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত এখন বিচাৰপীঠে বিষয়টো পাঁচ জনীয়া সংবিধান বিচাৰপীঠলৈ প্ৰেৰণ কৰিছে। গোচৰটোৰ শুনানি ১৮ এপ্ৰিলত হ'ব।সমকামী বিবাহৰ আইনী স্বীকৃতিৰ বিৰোধিতা কৰি কেন্দ্ৰৰ শপতনামাত কোৱা হৈছে যে সমকামী বিবাহ মানি ল’ব পৰা বিষয় নহয়৷

 মোদী চৰকাৰে দাবী কৰিছে যে দুই ভিন্ন লিংগৰ মাজত হোৱা  বিবাহৰ "সামাজিক মূল্য" আছে। দেশ, সমাজৰ 'উন্নতি'ৰ বাবে, বিপৰীত লিংগৰ বিবাহৰ স্বীকৃতিৰ প্ৰয়োজন আছে। কিন্তু সমকামী বিবাহক স্বীকৃতি কৰাৰ কোনো প্ৰয়োজন নাই।সমকামী বিবাহৰ আইনী স্বীকৃতি বিচৰা আবেদন দেশৰ বিভিন্ন আদালতত দাখিল কৰা হৈছে। ৬  জানুৱাৰীত উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিছিল যে এই সন্দৰ্ভত সকলো গোচৰ  একত্ৰিত কৰা হ'ব। তাৰ পিছতে মুখ্য ন্যায়াধীশৰ নেতৃত্বত এখন বিচাৰপীঠে গোচৰটো সংবিধান বিচাৰপীঠলৈ প্ৰেৰণ কৰে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
প্ৰথমখন খেলতে চীনক ৪-৩ গ'লত পৰাজিত কৰে ভাৰতে
অতি সোনকালে ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতিৰ দেশ হিচাপে পৰিগণিত হ’বঃভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰা
সীমান্তত শান্তি, পোনপটীয়া বিমান সেৱা, মানসৰোৱৰ যাত্ৰা... প্ৰধানমন্ত্ৰী মোদী আৰু ছি জিনপিঙৰ বৈঠকৰ ১০টা গুৰুত্বপূৰ্ণ কথা
সন্ত্রাসবাদীৰ ঘাটি বিধ্বস্ত হোৱাৰ ভিডিঅ' শ্বেয়াৰ কৰিলে বায়ু সেনাই
বন্দে মাতৰম, ভাৰত মাতা কী জয় ধ্বনিৰে চীনত মোদীক উষ্ম আদৰণি
ব্ৰিটেইনৰ পৰা অসমলৈ অনা হ'ব গুৰুজনাৰ বৃন্দাবনী বস্ত্ৰভাগ
জ্যোতিচিত্ৰবনত অনুষ্ঠিত হৈছে আমাৰ ভূপেন দা ছিজন ৯ ৰ গুৱাহাটী অডিচন
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজলিল ৰিম্পী বুঢ়াগোহাঁই ; নিজ গাঁৱত উষ্ম আদৰণি খেলুৱৈ গৰাকীক