--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমলিংগ বিবাহকলৈ দেশত এতিয়া তীব্ৰ বিতৰ্ক চলি আছে৷ বিষয়টোৱে ইতিমধ্যে উচ্চতম ন্যায়ালয়ৰ মজিয়া গৰকিছে৷ কেন্দ্ৰীয় চৰকাৰেও সমলিংগৰ বিবাহৰ বিৰোধিতা কৰি উচ্চতম ন্যায়ালয়ত শপতনামা দাখিল কৰিছে৷ এনে সময়তে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই সমকামী বিবাহসন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টিভংগীকে সমৰ্থন জনাইছে। কেন্দ্ৰীয় চৰকাৰে সম লিংগ বিবাহৰ বিৰোধিতা কৰি উচ্চতম ন্যায়ালয়ত এখন শপতনামা দাখিল কৰিছিল।

আৰ এছ এছৰ সাধাৰণ সম্পাদক দত্তাত্ৰেয় হোচাবালে বিষয়টোত নিজৰ স্থিতি স্পষ্ট কৰি কয় "বিপৰীত লিংগৰ মাত্ৰ দুজন লোকেহে বিবাহপাশত আৱদ্ধ হ'ব পাৰে। আমি কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টিভংগীৰ সৈতে একমত। ''

উল্লেখ্য ভাৰতত এতিয়ালৈকে সমকামী বিবাহে কোনো আইনী স্বীকৃতি পোৱা  নাই। কেন্দ্ৰই এনে  বিবাহৰ বিৰুদ্ধে  আপত্তি দৰ্শাই  দেশৰ শীৰ্ষ আদালতত এখন শপতনামা দাখিল কৰিছিল। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত এখন বিচাৰপীঠে বিষয়টো পাঁচ জনীয়া সংবিধান বিচাৰপীঠলৈ প্ৰেৰণ কৰিছে। গোচৰটোৰ শুনানি ১৮ এপ্ৰিলত হ'ব।সমকামী বিবাহৰ আইনী স্বীকৃতিৰ বিৰোধিতা কৰি কেন্দ্ৰৰ শপতনামাত কোৱা হৈছে যে সমকামী বিবাহ মানি ল’ব পৰা বিষয় নহয়৷

 মোদী চৰকাৰে দাবী কৰিছে যে দুই ভিন্ন লিংগৰ মাজত হোৱা  বিবাহৰ "সামাজিক মূল্য" আছে। দেশ, সমাজৰ 'উন্নতি'ৰ বাবে, বিপৰীত লিংগৰ বিবাহৰ স্বীকৃতিৰ প্ৰয়োজন আছে। কিন্তু সমকামী বিবাহক স্বীকৃতি কৰাৰ কোনো প্ৰয়োজন নাই।সমকামী বিবাহৰ আইনী স্বীকৃতি বিচৰা আবেদন দেশৰ বিভিন্ন আদালতত দাখিল কৰা হৈছে। ৬  জানুৱাৰীত উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিছিল যে এই সন্দৰ্ভত সকলো গোচৰ  একত্ৰিত কৰা হ'ব। তাৰ পিছতে মুখ্য ন্যায়াধীশৰ নেতৃত্বত এখন বিচাৰপীঠে গোচৰটো সংবিধান বিচাৰপীঠলৈ প্ৰেৰণ কৰে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক