--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এয়াৰ ইণ্ডিয়াৰ বিমানত যাত্ৰীৰ ওপৰত সহ-যাত্ৰীয়ে প্ৰস্বাৱ কৰাৰ ঘটনাৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওঁতেই এইবাৰ ৰে’লতো অনুৰূপ ঘটনা ঘটিছে৷ এইবাৰ ৰে’লৰ টিকট পৰীক্ষক এগৰাকীৰ বিৰুদ্ধে এগৰাকী মহিলা যাত্ৰীৰ ওপৰত প্ৰস্ৰাৱ কৰাৰ অভিযোগ উত্থাপিত হৈছে। অমৃতসৰৰ পৰা কলকাতালৈ যোৱা ৰে’লখনৰ অভিযুক্ত টিকট পৰীক্ষকজনক ৰে'ল আৰক্ষীক গতাই দিয়া  হৈছে। 

অভিযোগ উঠা মতে টিকট পৰীক্ষক জনে  সুৰাপান কৰি আছিল৷ ঘটনাটো অমৃতসৰৰ পৰা কলকাতাঅভিমুখী অকাল তখত এক্সপ্ৰেছ ৰে’লত সংঘটিত হৈছে। অমৃতসৰৰ বাসিন্দা ৰাজেশ আৰু তেওঁৰ পত্নীয়ে  ৰেলখনৰ এ-১ কম্পাৰ্টমেণ্টত আছিল। দেওবাৰে নিশা ৰাজেশৰ পত্নীয়ে অভিযোগ কৰে  যে টিকট পৰীক্ষকে তেওঁৰ ওপৰত প্ৰস্ৰাৱ কৰি দিছে। নিচাগ্ৰস্ত অৱস্থাত টিকট পৰীক্ষক জনে  অভদ্ৰ আচৰণ কৰাৰো  অভিযোগ উত্থাপিত হৈছে। 

সোমবাৰে পুৱা ৰাজেশে উত্তৰ প্ৰদেশৰ চাৰবাগৰ ওচৰত অভিযুক্তজনক ধৰি আৰক্ষীৰ হাতত গতাই দিয়ে।চাৰবাগৰ ৰে'ল আৰক্ষীৰ পৰিদৰ্শক নৱৰত্ন গৌতমে কয়  যে মহিলাগৰাকীয়ে  দেওবাৰে নিশা তেওঁৰ আসনত শুই আছিল। সেই সময়তে  সুৰাপান কৰা টিকট পৰীক্ষকজনে তেওঁৰ মূৰতে প্ৰস্ৰাৱ কৰি দিয়ে । আন যাত্ৰীসকলে অভিযুক্তজনক ধৰিবলৈ সক্ষম হয়। 

অভিযোগৰ ভিত্তিত ৰে'ল আৰক্ষীয়ে টিকট পৰীক্ষকজনৰ  বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে। সেইদিনা তেওঁ সঁচাকৈয়ে নিচাগ্ৰস্ত আছিল নে নাই সেয়াও পৰীক্ষা কৰি থকা হৈছে৷ইয়াৰ পূৰ্বে এজন পুৰুষ সহযাত্ৰীয়ে এয়াৰ ইণ্ডিয়াৰ বিমানত এগৰাকী মহিলাৰ ওপৰত প্ৰস্ৰাৱ কৰাৰ অভিযোগ উত্থাপিত হৈছিল। পিছত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক