--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এয়াৰ ইণ্ডিয়াৰ বিমানত যাত্ৰীৰ ওপৰত সহ-যাত্ৰীয়ে প্ৰস্বাৱ কৰাৰ ঘটনাৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওঁতেই এইবাৰ ৰে’লতো অনুৰূপ ঘটনা ঘটিছে৷ এইবাৰ ৰে’লৰ টিকট পৰীক্ষক এগৰাকীৰ বিৰুদ্ধে এগৰাকী মহিলা যাত্ৰীৰ ওপৰত প্ৰস্ৰাৱ কৰাৰ অভিযোগ উত্থাপিত হৈছে। অমৃতসৰৰ পৰা কলকাতালৈ যোৱা ৰে’লখনৰ অভিযুক্ত টিকট পৰীক্ষকজনক ৰে'ল আৰক্ষীক গতাই দিয়া  হৈছে। 

অভিযোগ উঠা মতে টিকট পৰীক্ষক জনে  সুৰাপান কৰি আছিল৷ ঘটনাটো অমৃতসৰৰ পৰা কলকাতাঅভিমুখী অকাল তখত এক্সপ্ৰেছ ৰে’লত সংঘটিত হৈছে। অমৃতসৰৰ বাসিন্দা ৰাজেশ আৰু তেওঁৰ পত্নীয়ে  ৰেলখনৰ এ-১ কম্পাৰ্টমেণ্টত আছিল। দেওবাৰে নিশা ৰাজেশৰ পত্নীয়ে অভিযোগ কৰে  যে টিকট পৰীক্ষকে তেওঁৰ ওপৰত প্ৰস্ৰাৱ কৰি দিছে। নিচাগ্ৰস্ত অৱস্থাত টিকট পৰীক্ষক জনে  অভদ্ৰ আচৰণ কৰাৰো  অভিযোগ উত্থাপিত হৈছে। 

সোমবাৰে পুৱা ৰাজেশে উত্তৰ প্ৰদেশৰ চাৰবাগৰ ওচৰত অভিযুক্তজনক ধৰি আৰক্ষীৰ হাতত গতাই দিয়ে।চাৰবাগৰ ৰে'ল আৰক্ষীৰ পৰিদৰ্শক নৱৰত্ন গৌতমে কয়  যে মহিলাগৰাকীয়ে  দেওবাৰে নিশা তেওঁৰ আসনত শুই আছিল। সেই সময়তে  সুৰাপান কৰা টিকট পৰীক্ষকজনে তেওঁৰ মূৰতে প্ৰস্ৰাৱ কৰি দিয়ে । আন যাত্ৰীসকলে অভিযুক্তজনক ধৰিবলৈ সক্ষম হয়। 

অভিযোগৰ ভিত্তিত ৰে'ল আৰক্ষীয়ে টিকট পৰীক্ষকজনৰ  বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে। সেইদিনা তেওঁ সঁচাকৈয়ে নিচাগ্ৰস্ত আছিল নে নাই সেয়াও পৰীক্ষা কৰি থকা হৈছে৷ইয়াৰ পূৰ্বে এজন পুৰুষ সহযাত্ৰীয়ে এয়াৰ ইণ্ডিয়াৰ বিমানত এগৰাকী মহিলাৰ ওপৰত প্ৰস্ৰাৱ কৰাৰ অভিযোগ উত্থাপিত হৈছিল। পিছত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল।







FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু