--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেমিকক লগ কৰিবলৈ ডুবাইৰ পৰা বাংগালুৰুলৈ অহা এগৰাকী এয়াৰ হোষ্টেজৰ সন্দেহজনক মৃত্যু। এই ঘটনাত আৰক্ষী নামি পৰিছে তদন্তত। মৃত এয়াৰ হোষ্টেছগৰাকীৰ নাম অৰ্চনা ধীমান। অৰ্চনা ধীমানৰ মৃত্যুৰ সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে প্ৰেমিকক। ইয়াৰ সমান্তৰালকৈ তেওঁৰ বিৰুদ্ধে হত্যাৰ গোচৰো ৰুজু হৈছে। প্ৰেমিকৰ নাম আদেশ।
एयरहोस्टेस की मौत मामला:मृतका अर्चना का प्रेमी आदेश गिरफ्तार, पुलिस ने  बताया- घटना के समय दोनों नशे में थे - Boyfriend Aadesh Arrested In  Connection With Death Of Air ...
আৰক্ষীয়ে জনোৱা মতে, প্ৰেমিক আদেশে জেৰাত জনাইছে যে দুৰ্ঘটনাৰ নিশা দুয়োজনে সুৰা সেৱন কৰিছিল। সেই সময়তে অৰ্চনা বেলকনিৰ পৰা পিছলি গৈছিল। পাছত তেওঁক ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু তাত তেওঁক চিকিৎসকে মৃত বুলি ঘোষণা কৰে। 

পেছাত এয়াৰ হোষ্টেছ অৰ্চনা ধীমান দুৰ্ঘটনাৰ চাৰিদিন পূৰ্বে প্ৰেমিক আদেশক লগ কৰিবলৈ আহিছিল। বাংগালুৰুৰ কোৰমংগলাত অৱস্থিত ৰেনুকা ৰেচিডেন্সি ছ’চাইটিৰ এপাৰ্টমেণ্টত বাস কৰিছিল আদেশ। এয়াৰ হোষ্টেছ অৰ্চনা সেই এপাৰ্টমেণ্টটোৰ চতুৰ্থ মহলাৰ পৰা পৰি যোৱাৰ অভিযোগ উঠিছে। 
article-image
আৰক্ষীয়ে জনোৱা মতে, নিহত এয়াৰহোষ্টেছগৰাকী হিমাচল প্ৰদেশৰ বাসিন্দা আছিল। প্ৰাৰম্ভিক তদন্তত প্ৰকাশ পাইছে যে তেওঁ এটা প্ৰখ্যাত বিমান কোম্পানীত কাম কৰিছিল। প্ৰেমিক আদেশক লগ কৰিবলৈ তেওঁ ডুবাইৰ পৰা আহিছিল। আৰক্ষীয়ে লগতে জনাইছে যে আদেশ মাংগালুৰুৰ বাসিন্দা আৰু বেংগালুৰুৰ এটা চফটৱেৰ কোম্পানীত কাম কৰিছিল। আৰক্ষীয়ে লগতে জনাইছে যে দুয়োৰে মাজত বহু বছৰ ধৰি সম্পৰ্ক আছিল।

আৰক্ষীৰ মতে, শুকুৰবাৰে নিশা যুৱতীগৰাকীয়ে এপাৰ্টমেণ্টৰ চতুৰ্থ মহলাৰ বেলকনিত থিয় হৈ থকা সময়তে অসাৱধানবশতঃ ভৰি পিচলি তলত বাগৰি পৰে।
മാളിൽ സിനിമകണ്ട് അത്താഴം കഴിച്ച് മടങ്ങി, പിന്നാലെ അര്‍ച്ചനയുടെ മരണം,  തള്ളിയിട്ടതെന്ന് അമ്മയുടെ പരാതി, അന്വേഷണം
আৰক্ষীয়ে প্ৰাথমিক তদন্তত যুৱতীগৰাকীৰ মৃত্যু এক দুৰ্ঘটনা বুলি মন্তব্য কৰিলেও এই কথা অস্বীকাৰ কৰে তেওঁৰ মাতৃয়ে।  মাতৃয়ে অভিযোগ কৰা মতে, বেলকনিৰ পৰা গতা মাৰি তললৈ পেলাই তেওঁৰ কন্যাক পৰিকল্পতিভাৱে হত্যা কৰিছে প্ৰেমিক যুৱকজনে। আৰক্ষীয়ে ইতিমধ্যে মাতৃৰ এজাহাৰৰ ভিত্তিত এটা গোচৰ ৰুজু কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ইন্ধনৰ সংকট অব্যাহত; সলনি হোৱা নাই চিলিণ্ডাৰ বুকিঙৰ নির্দেশনা
১ জুলাইৰ পৰা বলৱৎ হ’ব ‘ভি বি-জি ৰাম জি’
দেশ বচাও, ইন্ধন বচাও! মোদীৰ ‘হাফ কনভয় মডেল’ক লৈ দেশজুৰি চৰ্চা
ইৰানৰ শান্তি প্ৰস্তাৱ প্রত্যাখ্যান ড’নাল্ড ট্রাম্পৰ
গণিত অলিম্পিয়াডত দেশৰ ভিতৰত শীৰ্ষ স্থান দখল ডিব্ৰুগড়ৰ নিখিলেশ গগৈৰ
ভাৰতৰ বাবে কঠিন প্রত্যাহ্বান! ‘এল নিনো’ৰ প্ৰভাৱত এইবাৰ প্ৰচণ্ড গৰমৰ গ্ৰাসত পৰিব দেশ
হাণ্টা ভাইৰাছৰ সংক্ৰমণ; ১২ দেশলৈ WHOৰ সতর্কবাণী
শোকাৱহ:পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জনপ্ৰিয় অভিনেতা ভৰত কান্তে
ইৰান যুদ্ধৰ পৰিণতি: দাম বাঢ়িব, হ্রাস হ’ব দেশসমূহৰ অৰ্থনৈতিক বিকাশ
শুভেন্দু চৰকাৰৰ আন এক বৃহৎ সিদ্ধান্ত;মমতা চৰকাৰৰ দিনৰ সকলো মনোনীত বিষয়াক পদৰ পৰা অব্যাহতি
হৰমুজ প্রণালীত মোতায়েন ব্রিটেইনৰ যুঁজাৰু জাহাজ 'ড্ৰেগন'
পুনৰ নিৰ্মাণৰ ৭৫ বছৰৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে 'সোমনাথ অমৃতপর্ব', সোমনাথ মন্দিৰত আজি 'কুম্ভ অভিষেক'
ঔষধি গুণেৰে ভৰপূৰ তিয়ঁহ; উপকাৰিতা জানিলে আচৰিত হ’ব
আজি অসমত NDA চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান; দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ড° হিমন্ত বিশ্ব শৰ্মাই