--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেমিকক লগ কৰিবলৈ ডুবাইৰ পৰা বাংগালুৰুলৈ অহা এগৰাকী এয়াৰ হোষ্টেজৰ সন্দেহজনক মৃত্যু। এই ঘটনাত আৰক্ষী নামি পৰিছে তদন্তত। মৃত এয়াৰ হোষ্টেছগৰাকীৰ নাম অৰ্চনা ধীমান। অৰ্চনা ধীমানৰ মৃত্যুৰ সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে প্ৰেমিকক। ইয়াৰ সমান্তৰালকৈ তেওঁৰ বিৰুদ্ধে হত্যাৰ গোচৰো ৰুজু হৈছে। প্ৰেমিকৰ নাম আদেশ।
एयरहोस्टेस की मौत मामला:मृतका अर्चना का प्रेमी आदेश गिरफ्तार, पुलिस ने  बताया- घटना के समय दोनों नशे में थे - Boyfriend Aadesh Arrested In  Connection With Death Of Air ...
আৰক্ষীয়ে জনোৱা মতে, প্ৰেমিক আদেশে জেৰাত জনাইছে যে দুৰ্ঘটনাৰ নিশা দুয়োজনে সুৰা সেৱন কৰিছিল। সেই সময়তে অৰ্চনা বেলকনিৰ পৰা পিছলি গৈছিল। পাছত তেওঁক ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু তাত তেওঁক চিকিৎসকে মৃত বুলি ঘোষণা কৰে। 

পেছাত এয়াৰ হোষ্টেছ অৰ্চনা ধীমান দুৰ্ঘটনাৰ চাৰিদিন পূৰ্বে প্ৰেমিক আদেশক লগ কৰিবলৈ আহিছিল। বাংগালুৰুৰ কোৰমংগলাত অৱস্থিত ৰেনুকা ৰেচিডেন্সি ছ’চাইটিৰ এপাৰ্টমেণ্টত বাস কৰিছিল আদেশ। এয়াৰ হোষ্টেছ অৰ্চনা সেই এপাৰ্টমেণ্টটোৰ চতুৰ্থ মহলাৰ পৰা পৰি যোৱাৰ অভিযোগ উঠিছে। 
article-image
আৰক্ষীয়ে জনোৱা মতে, নিহত এয়াৰহোষ্টেছগৰাকী হিমাচল প্ৰদেশৰ বাসিন্দা আছিল। প্ৰাৰম্ভিক তদন্তত প্ৰকাশ পাইছে যে তেওঁ এটা প্ৰখ্যাত বিমান কোম্পানীত কাম কৰিছিল। প্ৰেমিক আদেশক লগ কৰিবলৈ তেওঁ ডুবাইৰ পৰা আহিছিল। আৰক্ষীয়ে লগতে জনাইছে যে আদেশ মাংগালুৰুৰ বাসিন্দা আৰু বেংগালুৰুৰ এটা চফটৱেৰ কোম্পানীত কাম কৰিছিল। আৰক্ষীয়ে লগতে জনাইছে যে দুয়োৰে মাজত বহু বছৰ ধৰি সম্পৰ্ক আছিল।

আৰক্ষীৰ মতে, শুকুৰবাৰে নিশা যুৱতীগৰাকীয়ে এপাৰ্টমেণ্টৰ চতুৰ্থ মহলাৰ বেলকনিত থিয় হৈ থকা সময়তে অসাৱধানবশতঃ ভৰি পিচলি তলত বাগৰি পৰে।
മാളിൽ സിനിമകണ്ട് അത്താഴം കഴിച്ച് മടങ്ങി, പിന്നാലെ അര്‍ച്ചനയുടെ മരണം,  തള്ളിയിട്ടതെന്ന് അമ്മയുടെ പരാതി, അന്വേഷണം
আৰক্ষীয়ে প্ৰাথমিক তদন্তত যুৱতীগৰাকীৰ মৃত্যু এক দুৰ্ঘটনা বুলি মন্তব্য কৰিলেও এই কথা অস্বীকাৰ কৰে তেওঁৰ মাতৃয়ে।  মাতৃয়ে অভিযোগ কৰা মতে, বেলকনিৰ পৰা গতা মাৰি তললৈ পেলাই তেওঁৰ কন্যাক পৰিকল্পতিভাৱে হত্যা কৰিছে প্ৰেমিক যুৱকজনে। আৰক্ষীয়ে ইতিমধ্যে মাতৃৰ এজাহাৰৰ ভিত্তিত এটা গোচৰ ৰুজু কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু