--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেক্ষাপটত দেশৰ মহামান্য উচ্চতম ন্যায়ালয়৷শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে এগৰাকী মহিলাৰ পৰিয়ালৰ সৈতে আলোচনাৰ অন্তত বিবাহ সম্পন্ন নোহোৱা এজন লোকৰ বিৰুদ্ধে থকা প্ৰতাৰণামূলক গোচৰ খাৰিজ কৰে।

ৰাজু কৃষ্ণ শ্বেডবালকাৰ নামৰ এজন ব্যক্তিৰ বিৰুদ্ধে থকা গোচৰ বাতিল কৰাৰ সময়ত ন্যায়াধীশ সুধাংশু ঢুলীয়া আৰু প্ৰসন্ন বি ভাৰলেই কয় যে বিবাহৰ প্ৰস্তাৱ আৰম্ভ কৰাৰ একাধিক কাৰণ থাকিব পাৰে আৰু তাৰ পাছত বিবাহৰ প্ৰস্তাৱটোৱে আশা কৰা সামৰণি উপনীত নোহোৱাৰো একাধিক কাৰণ থাকিব পাৰে।

উল্লেখ্য যে,২০২১ চনত কৰ্ণাটক উচ্চ ন্যায়ালয়ে দিয়া আদেশৰ বিৰুদ্ধে ৰাজু কৃষ্ণ শ্বেডবালকাৰে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল৷ ইয়াৰ পূৰ্বে হাইকোৰ্টে ৰাজু কৃষ্ণক দণ্ডবিধি আইনৰ ৪১৭ নং ধাৰাত প্ৰতাৰণা কৰাৰ বাবে দোষী সাব্যস্ত কৰা হৈছিল, য’ত এবছৰ পৰ্যন্ত কাৰাদণ্ড বা জৰিমনা অথবা দুয়োটা শাস্তি বিহা হয়।

ৰাজু কৃষ্ণ শ্বেডবালকাৰ, তেওঁৰ ভাতৃ, ভগ্নী আৰু মাতৃৰ বিৰুদ্ধে এগৰাকী মহিলাই বিয়া নকৰি প্ৰতাৰণা কৰা বুলি দাখিল কৰা এজাহাৰৰ ভিত্তিত গোচৰ ৰুজু কৰা হয়।মহিলাগৰাকীয়ে অভিযোগ কৰে যে কৃষ্ণ ৰাজুৰ পৰিয়ালে শ্বেডবালকাৰক উপযুক্ত বুলি বিবেচনা কৰিছিল৷ আৰু দুয়োজনে ইজনে সিজনৰ লগত কথা পাতিবলৈয়ো আৰম্ভ কৰিছিল।মহিলাগৰাকীৰ পিতৃয়ে বিয়াৰ স্থান নিশ্চিত কৰিবলৈ ৭৫ হাজাৰ টকা দিছিল যদিও শ্বেডবালকাৰে আন কাৰোবাক বিয়া কৰাইছে বুলি জানিব পাৰিছিল।

কৰ্ণাটক উচ্চ ন্যায়ালয়ে শ্বেডবালকাৰৰ বাহিৰে সকলো অভিযুক্তৰ বিৰুদ্ধে থকা গোচৰ খাৰিজ কৰিছিল। উচ্চ ন্যায়ালয়ে উল্লেখ কৰিছিল যে যিহেতু শ্বেডবালকাৰে মহিলাগৰাকীৰ পিতৃক বিবাহ ভৱন বুকিং কৰিবলৈ প্ৰৰোচিত কৰিছিল, অৰ্থাৎ ব্যক্তিজনৰ পূৰ্বৰে পৰা প্ৰতাৰণা কৰাৰ অভিপ্ৰায় আছিল।

কিন্তু সেই সিদ্ধান্তক বাতিল কৰি উচ্চতম ন্যায়ালয়ে কয় যে, পুৰুষজনৰ মহিলাগৰাকীক প্ৰতাৰণা কৰাৰ কোনো উদ্দেশ্য আছিল বুলি প্ৰমাণ কৰিব পৰাকৈ কোনো সাক্ষ্য-প্ৰমাণ নাই। সৰ্বোচ্চ ন্যায়ালয়ে কয় যে- তাত্ত্বিকভাৱে এতিয়াও সম্ভৱ এনে গোচৰত প্ৰতাৰণা কৰাৰ অপৰাধ প্ৰমাণ কৰিবলৈ হ'লে প্ৰথমে এনে গোচৰৰ বিচাৰ কৰিবলৈ ন্যায়ালয়ৰ সন্মুখত নিৰ্ভৰযোগ্য আৰু বিশ্বাসযোগ্য প্ৰমাণ থাকিব লাগিব। ন্যায়ালয়ৰ সন্মুখত এনে কোনো প্ৰমাণ নাই আৰু সেয়েহে ৪১৭ ধাৰাত কোনো অপৰাধো হোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ