--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেক্ষাপটত দেশৰ মহামান্য উচ্চতম ন্যায়ালয়৷শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে এগৰাকী মহিলাৰ পৰিয়ালৰ সৈতে আলোচনাৰ অন্তত বিবাহ সম্পন্ন নোহোৱা এজন লোকৰ বিৰুদ্ধে থকা প্ৰতাৰণামূলক গোচৰ খাৰিজ কৰে।

ৰাজু কৃষ্ণ শ্বেডবালকাৰ নামৰ এজন ব্যক্তিৰ বিৰুদ্ধে থকা গোচৰ বাতিল কৰাৰ সময়ত ন্যায়াধীশ সুধাংশু ঢুলীয়া আৰু প্ৰসন্ন বি ভাৰলেই কয় যে বিবাহৰ প্ৰস্তাৱ আৰম্ভ কৰাৰ একাধিক কাৰণ থাকিব পাৰে আৰু তাৰ পাছত বিবাহৰ প্ৰস্তাৱটোৱে আশা কৰা সামৰণি উপনীত নোহোৱাৰো একাধিক কাৰণ থাকিব পাৰে।

উল্লেখ্য যে,২০২১ চনত কৰ্ণাটক উচ্চ ন্যায়ালয়ে দিয়া আদেশৰ বিৰুদ্ধে ৰাজু কৃষ্ণ শ্বেডবালকাৰে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল৷ ইয়াৰ পূৰ্বে হাইকোৰ্টে ৰাজু কৃষ্ণক দণ্ডবিধি আইনৰ ৪১৭ নং ধাৰাত প্ৰতাৰণা কৰাৰ বাবে দোষী সাব্যস্ত কৰা হৈছিল, য’ত এবছৰ পৰ্যন্ত কাৰাদণ্ড বা জৰিমনা অথবা দুয়োটা শাস্তি বিহা হয়।

ৰাজু কৃষ্ণ শ্বেডবালকাৰ, তেওঁৰ ভাতৃ, ভগ্নী আৰু মাতৃৰ বিৰুদ্ধে এগৰাকী মহিলাই বিয়া নকৰি প্ৰতাৰণা কৰা বুলি দাখিল কৰা এজাহাৰৰ ভিত্তিত গোচৰ ৰুজু কৰা হয়।মহিলাগৰাকীয়ে অভিযোগ কৰে যে কৃষ্ণ ৰাজুৰ পৰিয়ালে শ্বেডবালকাৰক উপযুক্ত বুলি বিবেচনা কৰিছিল৷ আৰু দুয়োজনে ইজনে সিজনৰ লগত কথা পাতিবলৈয়ো আৰম্ভ কৰিছিল।মহিলাগৰাকীৰ পিতৃয়ে বিয়াৰ স্থান নিশ্চিত কৰিবলৈ ৭৫ হাজাৰ টকা দিছিল যদিও শ্বেডবালকাৰে আন কাৰোবাক বিয়া কৰাইছে বুলি জানিব পাৰিছিল।

কৰ্ণাটক উচ্চ ন্যায়ালয়ে শ্বেডবালকাৰৰ বাহিৰে সকলো অভিযুক্তৰ বিৰুদ্ধে থকা গোচৰ খাৰিজ কৰিছিল। উচ্চ ন্যায়ালয়ে উল্লেখ কৰিছিল যে যিহেতু শ্বেডবালকাৰে মহিলাগৰাকীৰ পিতৃক বিবাহ ভৱন বুকিং কৰিবলৈ প্ৰৰোচিত কৰিছিল, অৰ্থাৎ ব্যক্তিজনৰ পূৰ্বৰে পৰা প্ৰতাৰণা কৰাৰ অভিপ্ৰায় আছিল।

কিন্তু সেই সিদ্ধান্তক বাতিল কৰি উচ্চতম ন্যায়ালয়ে কয় যে, পুৰুষজনৰ মহিলাগৰাকীক প্ৰতাৰণা কৰাৰ কোনো উদ্দেশ্য আছিল বুলি প্ৰমাণ কৰিব পৰাকৈ কোনো সাক্ষ্য-প্ৰমাণ নাই। সৰ্বোচ্চ ন্যায়ালয়ে কয় যে- তাত্ত্বিকভাৱে এতিয়াও সম্ভৱ এনে গোচৰত প্ৰতাৰণা কৰাৰ অপৰাধ প্ৰমাণ কৰিবলৈ হ'লে প্ৰথমে এনে গোচৰৰ বিচাৰ কৰিবলৈ ন্যায়ালয়ৰ সন্মুখত নিৰ্ভৰযোগ্য আৰু বিশ্বাসযোগ্য প্ৰমাণ থাকিব লাগিব। ন্যায়ালয়ৰ সন্মুখত এনে কোনো প্ৰমাণ নাই আৰু সেয়েহে ৪১৭ ধাৰাত কোনো অপৰাধো হোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু