--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিৰ্বাচনত যুৱ প্ৰজন্মৰ ভোটদাতাসকলৰ ‘সাৰ্বজনীন প্ৰবুদ্ধ অংশগ্ৰহণ’ নিশ্চিত কৰাৰ লক্ষ্যৰে শিক্ষা মন্ত্ৰালয়ে ২৮ ফেব্ৰুৱাৰীৰ পৰা ৬ মাৰ্চ ২০২৪ লৈ "মেৰা পেহলা ভোট দেশ কে লিয়ে" শীৰ্ষক কাৰ্যসূচী অনুষ্ঠিত কৰিব।

কেন্দ্ৰীয় শিক্ষা আৰু দক্ষতা বিকাশ তথা উদ্যোগ দপ্তৰৰ মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে দেশৰ যুৱপ্ৰজন্মক তেওঁলোকৰ কণ্ঠস্বৰ সকলোৱে শুনাকৈ ধ্বনিত কৰিবলৈ আহ্বান জনায়। প্ৰসংগক্ৰমে তেওঁ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে যুৱ প্ৰজন্ম আৰু প্ৰথমবাৰৰ বাবে ভোট দিবলৈ ওলোৱাসকলক বৃহৎ সংখ্যাত ওলাই আহি ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ জনোৱা আহ্বানৰ কথা উল্লেখ কৰে।

দেশৰ সকলো উচ্চ শিক্ষা প্ৰতিষ্ঠানক ২৮ ফেব্ৰুৱাৰীৰ পৰা ৬ মাৰ্চলৈ তেওঁলোকৰ চৌহদসমূহত ব্যাপক ভোটাৰ সজাগতামূলক কাৰ্যক্ৰম অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিছে বুলি তেওঁ জানিবলৈ দিয়ে। এই কাৰ্যক্ৰমত যুৱ শক্তিক উৎসাহিত কৰিবলৈ, তেওঁলোকক ভোটদানৰ গুৰুত্ব উপলব্ধি কৰিবলৈ, সকলো দিশ চালি জাৰি চাই বাছনি কৰিবলৈ আৰু অধিক প্ৰতিনিধিত্বমূলক গণতন্ত্ৰৰ বাবে নিৰ্বাচনী প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ প্ৰবুদ্ধ কৰাৰ প্ৰয়াস কৰা হ’ব।

এই উদ্যোগৰ মুখ্য উদ্দেশ্য হৈছে যুৱ ভোটাৰসকলক ওলাই আহি ভোট দিবলৈ আহ্বান জনোৱা আৰু দেশৰ বৃহত্তৰ কল্যাণৰ বাবে ভোটদানৰ গুৰুত্ব অৱগত কৰা। এই পদক্ষেপে নিৰ্বাচনৰ গুৰুত্ব আৰু বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰিক দেশখনত ভোটদানৰ গৌৰৱকে প্ৰতীয়মান কৰিছে।

সমগ্ৰ দেশৰ উচ্চ শিক্ষানুষ্ঠানসমূহে এই উদ্যোগত অংশগ্ৰহণ কৰিব। বিশ্ববিদ্যালয়/ মহাবিদ্যালয়/ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহ-ত নিৰ্ধাৰিত স্থান চিনাক্ত কৰা হ'ব য'ত সংশ্লিষ্ট প্ৰতিষ্ঠানৰ দ্বাৰা ভোটাৰ সজাগতা সম্পৰ্কীয় কাৰ্যকলাপ হাতত লোৱা হ'ব। এই উদ্যোগৰ অধীনত ‘মাইগভ প্লেটফৰ্ম’ত ব্যৱহাৰিক কাৰ্যক্ৰম আৰু ‘অনলাইন’ প্ৰতিযোগিতাও অনুষ্ঠিত কৰিব।

সমল সৃষ্টিত তেওঁলোকৰ সৃষ্টিশীলতা প্ৰদৰ্শিত কৰিব পৰাকৈ ‘ব্লগ’ লিখনি, ‘পডকাষ্ট’, বিতৰ্ক, প্ৰবন্ধ লিখন, কুইজ, আকস্মিক বক্তৃতা, ‘বেটেল অব বেণ্ডছ’ আদি প্ৰতিযোগিতাকে ধৰি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হ'ব।

ভোটদানৰ গুৰুত্ব, নিৰ্বাচনী প্ৰক্ৰিয়া সম্পৰ্কে অৱগত হোৱাত গুৰুত্ব আৰোপ কৰি বাৰ্তালাপমূলক কৰ্মশালা আৰু আলোচনাচক্ৰসমূহো প্ৰতিষ্ঠানসমূহত আয়োজন কৰা হ'ব। তদুপৰি, এই প্ৰচাৰে যুৱসকলক নিৰ্বাচনী প্ৰক্ৰিয়াৰ প্ৰতি তেওঁলোকৰ প্ৰতিশ্ৰুতিবদ্ধতা অধিক দৃঢ় কৰিবলৈ https://ecisveep.nic.in/pledge/ বিভাগীয় ৱে’বছাইটত ভোটাৰৰ সন্মতি ল'বলৈ উৎসাহিত কৰিব। তেওঁলোকক ‘ভোটাৰ হেল্পলাইন এপ’ ডাউনলোড কৰিবলৈও উৎসাহিত কৰা হ'ব।

ব্যাপক প্ৰসাৰৰ বাবে 'মাই গভ' পৰ্টেলত নথিভুক্ত কাৰ্যকলাপৰ জৰিয়তে ‘এনএছএছ’ আৰু ইয়াৰ স্বেচ্ছাসেৱকসকলে শিক্ষানুষ্ঠানসমূহত কাৰ্যসূচীটোৰ নেতৃত্ব দিব। শিক্ষানুষ্ঠানৰ ক্লাবসমূহেও এই অভিযানত অংশগ্ৰহণ কৰিব।
FOLLOW US F
POPULAR
FEATURE
TRENDY
১৩ জুলাইত সংঘটিত হ’ব গ্ৰহণ যোগ! এই ৩টা ৰাশিৰ হ'ব ক্ষতি
ভাৰতৰ বজাৰত প্ৰৱেশ বহু প্রত্যাশিত এ আই+ স্মার্টফ'ন
আমেৰিকাৰ বায়ুসেনাৰ শীৰ্ষ পদত অসম সন্তান মনজিত বৰ্মন
অসমত থকাৰ বাবেই কেন্দ্ৰীয় চৰকাৰৰ স্বীকৃত নহ'ল টোকোলাই চাহ গৱেষণা কেন্দ্র
আজি পৱিত্ৰ গুৰু পূৰ্ণিমা, আজিৰে পৰা কপাল ফুলিব এইকেইটা ৰাশিৰ ভাগ্য
ভাৰতলৈ সুখবৰ ! ভাৰতীয় মূলৰ ছাবিহ খানক এপ'লৰ নতুন COO হিচাপে নিযুক্তি
২১ জুলাইৰ পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন
এমাহৰ ভিতৰতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ চূড়ান্ত বৰ্ষৰ ফলাফল ঘোষণা
প্ৰটিন দেহত কমিলে নানা ক্ষতি হয়! জানি লওক সৱিশেষ
আত্মনিৰ্ভৰশীলতাৰ নিদৰ্শন দাঙি ধৰিলে ডিগবৈৰ পাঁচ গৰাকী উদ্যমী মহিলাই
আমেৰিকাৰ ছিকাগ’ত তিনিদিনীয়া বিশেষ কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে অসম অভিৱৰ্তন ২০২৫
এইবাৰ মহিলাই নেতৃত্ব দিব বিজেপিক, দক্ষিণৰ তিনিগৰাকী নেত্ৰীৰ নাম চৰ্চাত
বলীউডে সুশান্তৰ দৰে কাৰ্তিকক আঁতৰাবলৈ চেষ্টা কৰিছে! সংগীত পৰিচালক অমল মালিকৰ দাবী
আমেৰিকাত সোণ জিনিলে জামুগুৰিহাটৰ কন্দৰ্প বৰাই