--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বন্যজন্তুৰ প্ৰতি সহানুভূতিশীল হৈছে ৰিলায়েন্স গ্ৰুপ৷ ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ আৰু ৰিলায়েন্স ফাউণ্ডেচনে আজি ভাৰত আৰু বিদেশৰ আঘাতপ্ৰাপ্ত, নিৰ্যাতিত আৰু বিপন্ন জীৱ-জন্তুৰ উদ্ধাৰ, চিকিৎসা, যত্ন আৰু পুনৰ সংস্থাপনৰ বিষয়ত গুৰুত্ব আৰোপ কৰা এক ব্যাপক পদক্ষেপ ‘ভান্টাৰা’ শীৰ্ষক এক কাৰ্যসূচী আৰম্ভ কৰাৰ কথা ঘোষণা কৰে। পশুৰ যত্ন আৰু কল্যাণৰ বাবে আগশাৰীৰ বিশেষজ্ঞসকলৰ সৈতে কাম কৰি ভান্টাৰাই ৩০০০ একৰ বিস্তৃত ভূমিখণ্ডক বনাঞ্চলৰ দৰে পৰিৱেশলৈ ৰূপান্তৰিত কৰি উদ্ধাৰ কৰা প্ৰজাতিসমূহৰ বাবে এক প্ৰাকৃতিক, চহকী বাসস্থানৰ ব্যৱস্থা কৰিছে।

আৰ আই এলৰ সঞ্চালক আৰু ৰিলায়েন্স ফাউণ্ডেশ্যনৰ সঞ্চালকমণ্ডলী অনন্ত আম্বানীৰ উৎসাহী নেতৃত্বত জন্মগ্ৰহণ কৰা ভাৰতৰ ভিতৰতে প্ৰথমটো পদক্ষেপ এয়া৷ আম্বানীয়ে জামনগৰত ৰিলায়েন্সৰ অভিলাষী নবীকৰণযোগ্য শক্তি ব্যৱসায়ৰ নেতৃত্ব দিছে আৰু ২০৩৫ৰ ভিতৰত ৰিলায়েন্সৰ নেট কাৰ্বনশূন্য কোম্পানী হোৱাৰ যাত্ৰাৰ নেতৃত্ব দিয়াৰ বাবেও দায়বদ্ধ।

এই কাৰ্যসূচীয়ে অত্যাধুনিক স্বাস্থ্যসেৱা, চিকিৎসালয়, গৱেষণা আৰু শিক্ষাকেন্দ্ৰকে ধৰি শ্ৰেণীৰ শ্ৰেষ্ঠ পশু সুৰক্ষা আৰু যত্নৰ পদ্ধতি সৃষ্টি কৰাত গুৰুত্ব আৰোপ কৰে। ইয়াৰ কাৰ্যসূচীৰ ভিতৰত ভান্টাৰাই আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংঘ (আই ইউ চি এন) আৰু প্ৰকৃতিৰ বাবে বিশ্ব বন্যপ্ৰাণী পুঁজি (ডব্লিউ ডব্লিউ এফ)ৰ দৰে প্ৰতিষ্ঠিত আন্তঃৰাষ্ট্ৰীয় বিশ্ববিদ্যালয় আৰু সংস্থাসমূহৰ সৈতে উন্নত গৱেষণা আৰু সহযোগিতা একত্ৰিত কৰাতো গুৰুত্ব আৰোপ কৰে।

বছৰ বছৰ ধৰি এই কাৰ্যসূচীয়ে ২০০ৰো অধিক হাতী আৰু আন সহস্ৰাধিক জীৱ-জন্তু, সৰীসৃপ আৰু চৰাইক অসুৰক্ষিত পৰিস্থিতিৰ পৰা উদ্ধাৰ কৰিছে। ইয়াৰ ভিতৰত গঁড়, নাহৰফুটুকী আৰু কুমিৰ প্ৰজাতিৰ বাবে পদক্ষেপো অন্তৰ্ভুক্ত।

শেহতীয়াকৈ ভান্টাৰাই মেক্সিকো, ভেনিজুৱেলা আদি দেশত বহিঃৰাজ্যৰ উদ্ধাৰ অভিযানতো অংশ লৈছে। মধ্য আমেৰিকাৰ চিৰিয়াখানাৰ বিষয়াসকলৰ ফোনত সঁহাৰি জনাই শেহতীয়াকৈ কেইবাটাও বৃহৎ জীৱ-জন্তু অনা হৈছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাৰ বায়ুসেনাৰ শীৰ্ষ পদত অসম সন্তান মনজিত বৰ্মন
অসমত থকাৰ বাবেই কেন্দ্ৰীয় চৰকাৰৰ স্বীকৃত নহ'ল টোকোলাই চাহ গৱেষণা কেন্দ্র
আজি পৱিত্ৰ গুৰু পূৰ্ণিমা, আজিৰে পৰা কপাল ফুলিব এইকেইটা ৰাশিৰ ভাগ্য
ভাৰতলৈ সুখবৰ ! ভাৰতীয় মূলৰ ছাবিহ খানক এপ'লৰ নতুন COO হিচাপে নিযুক্তি
ত্ৰাণকৰ্তা ৰকী! এটা কুকুৰৰ বাবে প্ৰাণৰক্ষা পৰিল ৬৭জনৰ
পুনৰ প্ৰাণ পাই উঠিল ৱুলাৰ হ্ৰদ! ৩০ বছৰৰ পাছত আটাইতকৈ ডাঙৰ মিঠা পানীৰ হ্ৰদটোত ফুলি উঠিল পদুম
বিলাসীপাৰাত চলিব অসম ইতিহাসৰ অন্যতম সৰ্ববৃহৎ উচ্ছেদ অভিযান
ৰাজ্যত আগন্তুক ৫ দিনলৈ আহিব বৰষুণ
২১ জুলাইৰ পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন
এমাহৰ ভিতৰতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ চূড়ান্ত বৰ্ষৰ ফলাফল ঘোষণা
প্ৰটিন দেহত কমিলে নানা ক্ষতি হয়! জানি লওক সৱিশেষ
আত্মনিৰ্ভৰশীলতাৰ নিদৰ্শন দাঙি ধৰিলে ডিগবৈৰ পাঁচ গৰাকী উদ্যমী মহিলাই
আমেৰিকাৰ ছিকাগ’ত তিনিদিনীয়া বিশেষ কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে অসম অভিৱৰ্তন ২০২৫
এইবাৰ মহিলাই নেতৃত্ব দিব বিজেপিক, দক্ষিণৰ তিনিগৰাকী নেত্ৰীৰ নাম চৰ্চাত