--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বন্যজন্তুৰ প্ৰতি সহানুভূতিশীল হৈছে ৰিলায়েন্স গ্ৰুপ৷ ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ আৰু ৰিলায়েন্স ফাউণ্ডেচনে আজি ভাৰত আৰু বিদেশৰ আঘাতপ্ৰাপ্ত, নিৰ্যাতিত আৰু বিপন্ন জীৱ-জন্তুৰ উদ্ধাৰ, চিকিৎসা, যত্ন আৰু পুনৰ সংস্থাপনৰ বিষয়ত গুৰুত্ব আৰোপ কৰা এক ব্যাপক পদক্ষেপ ‘ভান্টাৰা’ শীৰ্ষক এক কাৰ্যসূচী আৰম্ভ কৰাৰ কথা ঘোষণা কৰে। পশুৰ যত্ন আৰু কল্যাণৰ বাবে আগশাৰীৰ বিশেষজ্ঞসকলৰ সৈতে কাম কৰি ভান্টাৰাই ৩০০০ একৰ বিস্তৃত ভূমিখণ্ডক বনাঞ্চলৰ দৰে পৰিৱেশলৈ ৰূপান্তৰিত কৰি উদ্ধাৰ কৰা প্ৰজাতিসমূহৰ বাবে এক প্ৰাকৃতিক, চহকী বাসস্থানৰ ব্যৱস্থা কৰিছে।

আৰ আই এলৰ সঞ্চালক আৰু ৰিলায়েন্স ফাউণ্ডেশ্যনৰ সঞ্চালকমণ্ডলী অনন্ত আম্বানীৰ উৎসাহী নেতৃত্বত জন্মগ্ৰহণ কৰা ভাৰতৰ ভিতৰতে প্ৰথমটো পদক্ষেপ এয়া৷ আম্বানীয়ে জামনগৰত ৰিলায়েন্সৰ অভিলাষী নবীকৰণযোগ্য শক্তি ব্যৱসায়ৰ নেতৃত্ব দিছে আৰু ২০৩৫ৰ ভিতৰত ৰিলায়েন্সৰ নেট কাৰ্বনশূন্য কোম্পানী হোৱাৰ যাত্ৰাৰ নেতৃত্ব দিয়াৰ বাবেও দায়বদ্ধ।

এই কাৰ্যসূচীয়ে অত্যাধুনিক স্বাস্থ্যসেৱা, চিকিৎসালয়, গৱেষণা আৰু শিক্ষাকেন্দ্ৰকে ধৰি শ্ৰেণীৰ শ্ৰেষ্ঠ পশু সুৰক্ষা আৰু যত্নৰ পদ্ধতি সৃষ্টি কৰাত গুৰুত্ব আৰোপ কৰে। ইয়াৰ কাৰ্যসূচীৰ ভিতৰত ভান্টাৰাই আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংঘ (আই ইউ চি এন) আৰু প্ৰকৃতিৰ বাবে বিশ্ব বন্যপ্ৰাণী পুঁজি (ডব্লিউ ডব্লিউ এফ)ৰ দৰে প্ৰতিষ্ঠিত আন্তঃৰাষ্ট্ৰীয় বিশ্ববিদ্যালয় আৰু সংস্থাসমূহৰ সৈতে উন্নত গৱেষণা আৰু সহযোগিতা একত্ৰিত কৰাতো গুৰুত্ব আৰোপ কৰে।

বছৰ বছৰ ধৰি এই কাৰ্যসূচীয়ে ২০০ৰো অধিক হাতী আৰু আন সহস্ৰাধিক জীৱ-জন্তু, সৰীসৃপ আৰু চৰাইক অসুৰক্ষিত পৰিস্থিতিৰ পৰা উদ্ধাৰ কৰিছে। ইয়াৰ ভিতৰত গঁড়, নাহৰফুটুকী আৰু কুমিৰ প্ৰজাতিৰ বাবে পদক্ষেপো অন্তৰ্ভুক্ত।

শেহতীয়াকৈ ভান্টাৰাই মেক্সিকো, ভেনিজুৱেলা আদি দেশত বহিঃৰাজ্যৰ উদ্ধাৰ অভিযানতো অংশ লৈছে। মধ্য আমেৰিকাৰ চিৰিয়াখানাৰ বিষয়াসকলৰ ফোনত সঁহাৰি জনাই শেহতীয়াকৈ কেইবাটাও বৃহৎ জীৱ-জন্তু অনা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী