--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাখী সাৱন্তে তেওঁৰ স্বামীৰ বিৰুদ্ধে ঘৰুৱা হিংসাৰ অভিযোগ তুলি এখন এজাহাৰ দাখিল কৰিছে। অভিযোগৰ ভিত্তিত ৰাখীৰ স্বামী আদিল খান দুৰানীক গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁ বৰ্তমান আৰক্ষীৰ জিম্মাত আছে। ইয়াৰ মাজতে, ৰাখীৰ স্বামীৰ নামত আন এটা অভিযোগ উত্থাপন  হৈছিল। আদিলে বিবাহৰ প্ৰতিশ্ৰুতিৰে এগৰাকী ইৰানী মহিলাৰ সৈতে যৌন সম্ভোগ কৰি আছে। কেৱল সেয়াই নহয়। তেওঁ আনকি মহিলাগৰাকীক ধৰ্ষণো কৰিছিল। আদিলৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩৭৬ ধাৰাৰ অধীনত মহীশূৰৰ ভিভি পুৰম আৰক্ষী থানাত এখন এজাহাৰ পঞ্জীয়ন কৰা হৈছে।

অভিযোগকাৰীয়ে দাবী কৰিছিল যে তেওঁৰ  আদিলৰ সৈতে সম্পৰ্ক আছিল। আদিলেও তেওঁৰ সৈতে দীৰ্ঘদিন ধৰি যৌন সম্ভোগ কৰিছিল। কিন্তু বিয়াৰ ক্ষেত্ৰত ৰাখীয়েহে স্থান পাইছিল৷ 

তদুপৰি  আদিলে মহিলাগৰাকীক ব্লেকমেইলো কৰিছিল বুলি জানিব পৰা গৈছিল৷ মহিলাগৰাকীক আদিল  ব্যক্তিগত ছবিবোৰ লিক কৰাৰ ভাবুকি দিবলৈ আৰম্ভ কৰিছিল। আদিলৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩৭৬, ৪১৭, ৪২০, ৫০৪ আৰু ৫০৬ ধাৰাৰ অধীনত এখন এজাহাৰ দাখিল কৰা হৈছিল।

আনকি তেওঁৰ স্বামী কাৰাগাৰত থকাৰ পাছতো, ৰাখীয়ে তেওঁৰ বিৰুদ্ধে কেইবাটাও অভিযোগ দাখিল কৰিছে। ৰাখীয়ে দাবী কৰিছে যে তেওঁ আদিলৰ আগৰ বিবাহৰ বিষয়ে জানিব পাৰিছে। শেহতীয়াকৈ সংবাদ মাধ্যমৰ সন্মুখত কান্দোনত ভাগি পৰা ৰাখীয়ে কয়, "১৪ ফেব্ৰুৱাৰী আহি আছে, কিন্তু মোৰ হৃদয় ভাঙি পৰিছে।” ৰাখীয়ে জনায় যে তেওঁৰ দেশৰ আইনৰ ওপৰত বিশ্বাস আছে। আদিলক প্ৰতাৰণা কৰাৰ বাবে নিশ্চিতভাৱে শাস্তি দিয়া হ'ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক