--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভেকুলী ভক্ষণ কৰি কৰুণ মৃত্যুক সাৱটিলে এটি শিশুৱে৷  ওৰিশাৰ কেওনঝাৰ জিলাৰ জোদা খণ্ডত এজন লোকে তেওঁৰ ঘৰত প্ৰৱেশ কৰা এটা  ভেকুলী  হত্যা কৰি ভেকুলীটোৰ মাংস ৰান্ধিছিল। ভেকুলীৰ মাংস লোক জনে নিজে খোৱাৰ লগতে  তেওঁৰ দুগৰাকী সৰু ছোৱালীকো খুৱাইছিল। ভেকুলীৰ মাংস খোৱাৰ কিছু সময় পিছতে এটি কণমাণি অসুস্থ হৈ পৰে আৰু মৃত্যুক সাৱটি লয়৷ আনটি কন্যা শিশুৱে এতিয়া চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজি  আছে।

আৰক্ষীয়ে জনোৱা অনুসৰি এটা আদিবাসী পৰিয়ালৰ ঘৰত এই ঘটনা ঘটিছে৷  মুনা মুণ্ডা নামৰ ৪০ বছৰীয়া লোক জনে  ভেকুলীটো মাৰি ৰান্ধে আৰু ইয়াক ৰাতিৰ আহাৰ হিচাপে পৰিবেশন কৰে৷ । ৰাতি ছোৱালী দুজনীয়ে  বমি কৰিবলৈ আৰম্ভ কৰে। অলপ সময়ৰ পিছত তেওঁলোকে জ্ঞান হেৰুৱাই পেলায়। ছোৱালী দুজনীক  পুৱা কেওনঝাৰ জিলা চিকিৎসালয়লৈ লৈ যোৱা হয়।

কিন্তু চিকিৎসাৰ সময়তে  ছয় বছৰীয়া কন্যা সুমিত্ৰাৰ মৃত্যু হয়। চাৰি বছৰীয়া কন্যা মুনি চিকিৎসাধীন হৈ আছে। তেওঁৰ অৱস্থাও ভাল নহয়। লোক জন নিজে স্বাস্থ্যৱান হোৱা বাবে বিষক্ৰিয়াই তেওঁৰ বিশেষ একো ক্ষতি কৰিব পৰা নাই৷ 

উৰিষ্যাৰ সম্বলপুৰৰ ভিএছএছ চিকিৎসা বিজ্ঞান আৰু গৱেষণা প্ৰতিষ্ঠানৰ অধ্যাপক সঞ্জীৱ মিশ্ৰাই  সংবাদ মাধ্যমক কয় যে ভেকুলীৰ পেৰোটিড গ্ৰন্থিত বিষ থাকে। যদি কোনোবাই ইয়াক খায়, বিষৰ প্ৰভাৱ শৰীৰৰ ওপৰতো হ'ব পাৰে। ইয়াৰ ফলত  মৃত্যু পৰ্যন্ত  হ'ব পাৰে। ইয়াৰ বাহিৰেও কিছুমান ভেকুলীৰ ছালত বিষ থাকে বুলি তেওঁ কয়৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক