--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভেকুলী ভক্ষণ কৰি কৰুণ মৃত্যুক সাৱটিলে এটি শিশুৱে৷  ওৰিশাৰ কেওনঝাৰ জিলাৰ জোদা খণ্ডত এজন লোকে তেওঁৰ ঘৰত প্ৰৱেশ কৰা এটা  ভেকুলী  হত্যা কৰি ভেকুলীটোৰ মাংস ৰান্ধিছিল। ভেকুলীৰ মাংস লোক জনে নিজে খোৱাৰ লগতে  তেওঁৰ দুগৰাকী সৰু ছোৱালীকো খুৱাইছিল। ভেকুলীৰ মাংস খোৱাৰ কিছু সময় পিছতে এটি কণমাণি অসুস্থ হৈ পৰে আৰু মৃত্যুক সাৱটি লয়৷ আনটি কন্যা শিশুৱে এতিয়া চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজি  আছে।

আৰক্ষীয়ে জনোৱা অনুসৰি এটা আদিবাসী পৰিয়ালৰ ঘৰত এই ঘটনা ঘটিছে৷  মুনা মুণ্ডা নামৰ ৪০ বছৰীয়া লোক জনে  ভেকুলীটো মাৰি ৰান্ধে আৰু ইয়াক ৰাতিৰ আহাৰ হিচাপে পৰিবেশন কৰে৷ । ৰাতি ছোৱালী দুজনীয়ে  বমি কৰিবলৈ আৰম্ভ কৰে। অলপ সময়ৰ পিছত তেওঁলোকে জ্ঞান হেৰুৱাই পেলায়। ছোৱালী দুজনীক  পুৱা কেওনঝাৰ জিলা চিকিৎসালয়লৈ লৈ যোৱা হয়।

কিন্তু চিকিৎসাৰ সময়তে  ছয় বছৰীয়া কন্যা সুমিত্ৰাৰ মৃত্যু হয়। চাৰি বছৰীয়া কন্যা মুনি চিকিৎসাধীন হৈ আছে। তেওঁৰ অৱস্থাও ভাল নহয়। লোক জন নিজে স্বাস্থ্যৱান হোৱা বাবে বিষক্ৰিয়াই তেওঁৰ বিশেষ একো ক্ষতি কৰিব পৰা নাই৷ 

উৰিষ্যাৰ সম্বলপুৰৰ ভিএছএছ চিকিৎসা বিজ্ঞান আৰু গৱেষণা প্ৰতিষ্ঠানৰ অধ্যাপক সঞ্জীৱ মিশ্ৰাই  সংবাদ মাধ্যমক কয় যে ভেকুলীৰ পেৰোটিড গ্ৰন্থিত বিষ থাকে। যদি কোনোবাই ইয়াক খায়, বিষৰ প্ৰভাৱ শৰীৰৰ ওপৰতো হ'ব পাৰে। ইয়াৰ ফলত  মৃত্যু পৰ্যন্ত  হ'ব পাৰে। ইয়াৰ বাহিৰেও কিছুমান ভেকুলীৰ ছালত বিষ থাকে বুলি তেওঁ কয়৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু