--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেক্ষাপটত দেশৰ সৰ্বোচ্চ ন্যায়ালয়৷শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে উল্লেখ কৰিছে যে বিবাহিত মহিলাৰ সৈতে সন্মতিসূচক সম্পৰ্কৰ ক্ষেত্ৰত ধৰ্ষণৰ অভিযোগ গণ্য কৰা নহয়। শেহতীয়াকৈ ন্যায়াধীশ চিটি ৰবিকুমাৰ আৰু ন্যায়াধীশ ৰাজেশ বিন্দালৰ বিচাৰপীঠে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ ৰায় বাতিল কৰি এজন ব্যক্তিক মুকলি কৰি দিয়ে। উচ্চতম ন্যায়ালয়ে কয় যে এই সম্পৰ্কৰ সময়ত মহিলাগৰাকীয়ে বিবাহ বিচ্ছেদ হোৱা বুলি প্ৰমাণ কৰিব নোৱাৰিলে। সেই ক্ষেত্ৰত বিবাহৰ মিছা প্ৰতিশ্ৰুতিৰ প্ৰশ্নটো উত্থাপন নহয়।

ঘটনাটো ২০২০ চনৰ। মধ্যপ্ৰদেশৰ সতনা মহিলা আৰক্ষী থানাত এগৰাকী মহিলাই অভিযুক্তৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ ৰুজু কৰে।মহিলাগৰাকী অভিযুক্ততকৈ দহ বছৰ ডাঙৰ। অভিযুক্তই পূৰ্বতে মহিলাগৰাকীৰ ঘৰতে থাকিছিল। কন্যা আৰু পিতৃ-মাতৃয়ে মহিলাগৰাকীৰ লগত থাকিছিল। ২০১৭ চনৰ পৰা দুয়োজনৰ মাজত সম্পৰ্কৰ আৰম্ভণি হৈছিল। ২০১৯ চনৰ জানুৱাৰী মাহত দুয়োজনে মন্দিৰলৈ গৈ ঘৰুৱা পদ্ধতিৰে বিবাহপাশত আবদ্ধ হয়। তেতিয়াৰ পৰাই দুয়ো একেলগে থাকিছিল। ২০২০ চনৰ পৰা আৰম্ভ হৈছিল এই বিবাদ। অভিযোগ অনুসৰি মহিলাগৰাকীয়ে আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ হ’ব বিচৰাৰ সময়তে মহিলাগৰাকীয়ে ধৰ্ষণৰ এজাহাৰ দাখিল কৰে।


এফআইআৰত মহিলাগৰাকীয়ে ২০১৮ চনৰ ডিচেম্বৰ মাহত বিবাহ বিচ্ছেদ হোৱা বুলি দাবী কৰিছিল বুলি উচ্চতম ন্যায়ালয়ে প্ৰকাশ কৰিছে। কিন্তু নথি-পত্ৰত দেখা গৈছে যে ২০২১ চনৰ জানুৱাৰী মাহত তেওঁৰ বিবাহ বিচ্ছেদ হৈছিল। অৰ্থাৎ বিয়া হৈ থকাৰ সময়ত তেওঁৰ প্ৰেমৰ সম্পৰ্ক আছিল। ন্যায়াধীশ বিন্দালে ৰায়দানত লিখিছে, “এগৰাকী মহিলা নাবালক নহয়, যাৰ নিজৰ উচিত-অনুচিত বুজিব পৰা ক্ষমতা নাথাকে আৰু কোনো কামৰ পৰিণতি নাজানে। জানি-বুজি যি কৰিছে,দৰাচলতে স্বামীক প্ৰতাৰণা কৰিছে।'' আনহাতে আদালতে কয় যে অভিযুক্তই সম্পৰ্কৰ আৰম্ভণিতে বিবাহৰ প্ৰতিশ্ৰুতি দিয়াৰ কোনো প্ৰমাণ পোৱা নাই। বৰঞ্চ ২০১৮ চনত কৰ্মসূত্ৰে মহাৰাষ্ট্ৰলৈ ব্যক্তিজন গুচি যায়। তেতিয়াৰ পৰাই তেওঁ মাজে মাজে আহি পতি-পত্নীৰ দৰে জীয়াই আছিল।মহিলাগৰাকীৰ বাবে বীমা লৈ মহিলাগৰাকীক মনোনীত কৰিছিল, আৰু এবাৰ এক লাখ টকাৰ ঋণ দিছিল, যিটো তেওঁ ঘূৰাই নাপালে। সকলো দিশ বিবেচনা কৰি উচ্চ ন্যায়ালয়ে উচ্চ ন্যায়ালয়ৰ ৰায় বাতিল কৰাৰ লগতে অভিযুক্তৰ বিৰুদ্ধে থকা গোচৰো খাৰিজ কৰে। যোৱা বছৰো একেধৰণৰ গোচৰত — নৈম আহমেদ বনাম দিল্লী চৰকাৰৰ গোচৰত উচ্চতম ন্যায়ালয়েও একেই ৰায় দিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ