--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে  পশ্চিম বংগৰ শিলিগুৰিত 'বিকশিত ভাৰত বিকশিত পশ্চিম বংগ' কাৰ্যসূচী সম্বোধন কৰে। তেওঁ পশ্চিম বংগত ৪৫০০ কোটি টকাৰো অধিক মূল্যৰ ৰে'ল আৰু পথ খণ্ডৰ একাধিক প্ৰকল্প উদ্বোধন কৰাৰ লগতে দেশবাসীৰ প্ৰতি উৎসৰ্গা কৰে।

 এই উপলক্ষে ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে চাহৰ সুন্দৰ ভূমিত উপস্থিত থাকিবলৈ পাই আনন্দ প্ৰকাশ কৰে। তেওঁ  প্ৰকল্পসমূহক বিকশিত পশ্চিম বংগৰ দিশত আন এক পদক্ষেপ বুলি অভিহিত কৰে।

 প্ৰধানমন্ত্ৰীয়ে কয় যে পশ্চিম বংগৰ উত্তৰ অংশ উত্তৰ-পূবৰ প্ৰৱেশদ্বাৰ আৰু ই চুবুৰীয়া দেশসমূহৰ সৈতে বাণিজ্যৰ যোগসূত্ৰও স্থাপন কৰে। সেয়েহে, প্ৰধানমন্ত্ৰীয়ে কয়, ৰাজ্যখনৰ উত্তৰ অংশৰ সৈতে পশ্চিম বংগৰ উন্নয়নেই চৰকাৰৰ অগ্ৰাধিকাৰৰ বিযয়। তেওঁ ৰে'ল আৰু পথ আন্তঃগাঁথনিৰ আধুনিকীকৰণ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু একলাখী-বালুৰঘাট, ৰাণীনগৰ জলপাইগুৰি-হলদিবাৰী আৰু শিলিগুৰি-আলুৱাবাৰী শাখা ৰে'ল লাইনৰ বৈদ্যুতিকৰণৰ কাম সম্পূৰ্ণ হোৱাৰ কথা উল্লেখ কৰে, যিয়ে উত্তৰ আৰু দক্ষিণ দিনাজপুৰ, কোচবিহাৰ আৰু জলপাইগুৰি অঞ্চলত ৰেলৰ গতি বৃদ্ধি কৰিব, আনহাতে শিলিগুৰি-শামুকতলা পথটোৱে ওচৰৰ বনাঞ্চলত প্ৰদূষণ হ্ৰাস কৰিব। বৰছোই-ৰাধিকাপুৰ শাখাৰ বৈদ্যুতিকীকৰণে বিহাৰ আৰু পশ্চিম বংগ দুয়োকে লাভান্বিত কৰিব, তেওঁ কয়। ৰাধিকাপুৰ আৰু শিলিগুৰিৰ মাজত নতুন ৰে'ল সেৱা আৰম্ভ কৰাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে পশ্চিম বংগত ৰে'লপথ শক্তিশালী হোৱাৰ ফলত উন্নয়নৰ নতুন সম্ভাৱনা বৃদ্ধি পাব আৰু সাধাৰণ লোকসকলৰ জীৱন সহজ হ'ব।

 প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে ভাৰতৰ অন্য প্ৰান্তৰ দৰে এই অঞ্চলতো ৰে'লৰ গতিবেগ বজাই ৰখাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ আৰু আধুনিক দ্ৰুতবেগী ৰে'ল আৰম্ভ কৰা হৈছে। তেওঁ নিউ জলপাইগুৰিৰ পৰা ঢাকা কেণ্ট পৰ্যন্ত মিতালী এক্সপ্ৰেছ চলাচল কৰাই বাংলাদেশৰ সৈতে ৰে'ল সংযোগৰ কথা উল্লেখ কৰে আৰু বাংলাদেশ চৰকাৰৰ সহযোগত ৰাধিকাপুৰ ষ্টেচনলৈ সংযোগ সম্প্ৰসাৰিত কৰা হৈছে।

স্বাধীনতাৰ পিছৰ দশকসমূহত পূৱ ভাৰতৰ স্বাৰ্থৰ প্ৰতি অৱহেলা কৰাৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বৰ্তমানৰ চৰকাৰে পূৱ ভাৰতক ৰাষ্ট্ৰৰ বিকাশৰ ইঞ্জিন বুলি গণ্য কৰে। সেইকাৰণে অঞ্চলটোত যোগাযোগ ব্যৱস্থা উন্নত কৰিবলৈ অভূতপূৰ্ব বিনিয়োগ কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে পশ্চিম বংগৰ বাৰ্ষিক গড় ৰে'ল বাজেট যি আছিল মাত্ৰ ৪,০০০ কোটি টকা, সেয়া এতিয়া ১৪,০০০ কোটি টকালৈ বৃদ্ধি পাইছে। প্ৰধানমন্ত্ৰীয়ে উত্তৰ বংগৰ পৰা গুৱাহাটী আৰু হাওৰালৈ অৰ্ধ উচ্চ গতিৰ বন্দে ভাৰত ৰে'ল আৰু ৫০০টা অমৃত ভাৰত ষ্টেচনৰ উন্নীতকৰণৰ বাবে শিলিগুৰি ষ্টেচনক অন্তৰ্ভুক্ত কৰাৰ কথা উল্লেখ কৰে। "এই ১০ বছৰত আমি ৰে'লৰ উন্নয়নক পেছেঞ্জাৰৰ পৰা এক্সপ্ৰেছ স্পীডলৈ লৈ গৈছোঁ আমাৰ তৃতীয় কাৰ্যকালত, ই চুপাৰফাষ্ট গতিত আগবাঢ়িব", প্ৰধানমন্ত্ৰী মোদীয়ে কয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ