--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চণ্ডীগড়ত মেয়ৰ নিৰ্বাচনক লৈ উত্তেজনাৰ সৃষ্টি হৈছিল। বিষয়টো গৈ  উচ্চতম ন্যায়ালয়ৰ মজিয়া পাইছিল। আপ-কংগ্ৰেছে মেয়ৰ নিৰ্বাচনত ৰিগিঙৰ অভিযোগ উত্থাপন কৰিছিল। আপৰ কুলদীপ সিঙে 'পৰাজিত'  হৈছিল। জয়ী হৈছিল বিজেপিৰ প্ৰাৰ্থী। কিন্তু পৰৱৰ্তী সময়ত আদালতৰ নিৰ্দেশত পুনৰ আপৰ প্ৰাৰ্থীকেই বিজয়ী ঘোষণা কৰা হয়। এনে ঘটনাক্ৰমৰ মাজতে   তিনিজন আপ কাউঞ্চিলৰে বিজেপিত যোগদান কৰিছিল । এমাহৰ ভিতৰত তিনিগৰাকী কাউঞ্চিলৰৰ ভিতৰৰে  দুজনে বিজেপি ত্যাগ কৰি পুনৰ  আপলৈ উভতি আহিছে।

১৮ ফেব্ৰুৱাৰীত পুনম দেৱী, নেহা মুচাৱাত আৰু গুৰুচৰণ কলা নামৰ তিনিগৰাকী  কাউঞ্চিলৰে হঠাতে আপ ত্যাগ কৰিছিল আৰু বিজেপিত যোগদান কৰিছিল। অৰবিন্দ কেজৰিৱালৰ দলে চণ্ডীগড়ৰ মেয়ৰ নিৰ্বাচনত সেয়ে  চাপৰ সন্মুখীন হৈছিল। কিন্তু এইবাৰ, পুনম আৰু নেহাই পুনৰ আপত যোগদান কৰাত আপৰ শক্তি অধিক মজবুত হৈছে। 

৩৫ জনীয়া চণ্ডীগড় পৌৰ নিগমত বিজেপিৰ ১৪ জন কাউঞ্চিলৰ আছিল। অৱশ্যে, তিনিজন আপ সদস্যই বিজেপিত  যোগদান কৰাৰ পিছত সংখ্যাটো ১৭ লৈ বৃদ্ধি হৈছিল। শিৰোমণি আকালি দলৰ একমাত্ৰ কাউন্সিলাৰগৰাকীয়ে   বিজেপিক সমৰ্থন জনাইছে। 
 
চণ্ডীগড়ত মেয়ৰ নিৰ্বাচন ৩০ জানুৱাৰীত অনুষ্ঠিত হৈছিল। আপ-কংগ্ৰেছ মিত্ৰজোঁটৰ প্ৰাৰ্থী কুলদীপ প্ৰথমে আগবাঢ়ি আছিল। মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীয়ে  ৩৬ টা  ভোটৰ ভিতৰত ২০ টা লাভ কৰিছিল। আনহাতে, বিজেপিৰ মেয়ৰ প্ৰাৰ্থী মনোজ সোনকাৰে ১৬ টা ভোট লাভ কৰে। অৱশ্যে, প্ৰিজাইডিং অফিচাৰ অনিল মাছিহে পিছত মিত্ৰজোঁটৰ প্ৰাৰ্থী কুলদীপৰ আঠটা ভোট অবৈধ বুলি ঘোষণা কৰে। ফলত তেওঁ পৰাজিত হৈছিল। 

ইয়াৰ পিছতে আপে নিৰ্বাচনৰ এটা ভিডিঅ' মুকলি কৰিছিল আৰু দাবী কৰিছিল যে প্ৰিজাইডিং বিষয়া অনিলে বেলট পেপাৰ গণনাত হেৰফেৰ কৰিছে। উচ্চতম ন্যায়ালয়ত 'ৰিগিং'ৰ অভিযোগতআবেদন দাখিল কৰা হৈছিল। ২০ ফেব্ৰুৱাৰীত উচ্চতম ন্যায়ালয়ে গোচৰটোত কুলদীপক 'বিজয়ী' হিচাপে ঘোষণা কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু