--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চণ্ডীগড়ত মেয়ৰ নিৰ্বাচনক লৈ উত্তেজনাৰ সৃষ্টি হৈছিল। বিষয়টো গৈ  উচ্চতম ন্যায়ালয়ৰ মজিয়া পাইছিল। আপ-কংগ্ৰেছে মেয়ৰ নিৰ্বাচনত ৰিগিঙৰ অভিযোগ উত্থাপন কৰিছিল। আপৰ কুলদীপ সিঙে 'পৰাজিত'  হৈছিল। জয়ী হৈছিল বিজেপিৰ প্ৰাৰ্থী। কিন্তু পৰৱৰ্তী সময়ত আদালতৰ নিৰ্দেশত পুনৰ আপৰ প্ৰাৰ্থীকেই বিজয়ী ঘোষণা কৰা হয়। এনে ঘটনাক্ৰমৰ মাজতে   তিনিজন আপ কাউঞ্চিলৰে বিজেপিত যোগদান কৰিছিল । এমাহৰ ভিতৰত তিনিগৰাকী কাউঞ্চিলৰৰ ভিতৰৰে  দুজনে বিজেপি ত্যাগ কৰি পুনৰ  আপলৈ উভতি আহিছে।

১৮ ফেব্ৰুৱাৰীত পুনম দেৱী, নেহা মুচাৱাত আৰু গুৰুচৰণ কলা নামৰ তিনিগৰাকী  কাউঞ্চিলৰে হঠাতে আপ ত্যাগ কৰিছিল আৰু বিজেপিত যোগদান কৰিছিল। অৰবিন্দ কেজৰিৱালৰ দলে চণ্ডীগড়ৰ মেয়ৰ নিৰ্বাচনত সেয়ে  চাপৰ সন্মুখীন হৈছিল। কিন্তু এইবাৰ, পুনম আৰু নেহাই পুনৰ আপত যোগদান কৰাত আপৰ শক্তি অধিক মজবুত হৈছে। 

৩৫ জনীয়া চণ্ডীগড় পৌৰ নিগমত বিজেপিৰ ১৪ জন কাউঞ্চিলৰ আছিল। অৱশ্যে, তিনিজন আপ সদস্যই বিজেপিত  যোগদান কৰাৰ পিছত সংখ্যাটো ১৭ লৈ বৃদ্ধি হৈছিল। শিৰোমণি আকালি দলৰ একমাত্ৰ কাউন্সিলাৰগৰাকীয়ে   বিজেপিক সমৰ্থন জনাইছে। 
 
চণ্ডীগড়ত মেয়ৰ নিৰ্বাচন ৩০ জানুৱাৰীত অনুষ্ঠিত হৈছিল। আপ-কংগ্ৰেছ মিত্ৰজোঁটৰ প্ৰাৰ্থী কুলদীপ প্ৰথমে আগবাঢ়ি আছিল। মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীয়ে  ৩৬ টা  ভোটৰ ভিতৰত ২০ টা লাভ কৰিছিল। আনহাতে, বিজেপিৰ মেয়ৰ প্ৰাৰ্থী মনোজ সোনকাৰে ১৬ টা ভোট লাভ কৰে। অৱশ্যে, প্ৰিজাইডিং অফিচাৰ অনিল মাছিহে পিছত মিত্ৰজোঁটৰ প্ৰাৰ্থী কুলদীপৰ আঠটা ভোট অবৈধ বুলি ঘোষণা কৰে। ফলত তেওঁ পৰাজিত হৈছিল। 

ইয়াৰ পিছতে আপে নিৰ্বাচনৰ এটা ভিডিঅ' মুকলি কৰিছিল আৰু দাবী কৰিছিল যে প্ৰিজাইডিং বিষয়া অনিলে বেলট পেপাৰ গণনাত হেৰফেৰ কৰিছে। উচ্চতম ন্যায়ালয়ত 'ৰিগিং'ৰ অভিযোগতআবেদন দাখিল কৰা হৈছিল। ২০ ফেব্ৰুৱাৰীত উচ্চতম ন্যায়ালয়ে গোচৰটোত কুলদীপক 'বিজয়ী' হিচাপে ঘোষণা কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ