--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাইফ আজমীয়ে লিখিছিল 'তুম ইতনা জ' মুস্কুৰাৰেহে হ', ক্যা গম হে জিচকৌ চুপা ৰেহে হ'...। কোনেও ভবা নাছিল যে যেতিয়া ইয়াক গীতত উপস্থাপন কৰা হ’ব, তেতিয়া ই হৃদয়ভঙা প্ৰেমিক-প্ৰেমিকা আৰু নিসংগতাত জীয়াই থকা মানুহৰ গীত হৈ পৰিব। 

জগজিৎ সিঙে গজলবোৰক অমিয়া কণ্ঠৰে সামৰি ৰাইজৰ মাজলৈ লৈ গৈছিল। আজি জগজিৎ সিঙৰ জন্মদিন। ১৯৪১ চনৰ ৮ ফেব্ৰুৱাৰীত তেওঁ জন্মগ্ৰহণ কৰিছিল। জগজিৎ সিং এতিয়া আমাৰ মাজত নাই যদিও তেওঁ গোৱা গজলবোৰে এতিয়াও তেওঁক আমাৰ মাজত জীয়াই ৰাখিছে। ২০১১ চনৰ ১০ অক্টোবৰত ইহলীলা সম্বৰণ কৰে জগজিৎ সিঙে। 

জগজিত সিঙৰ পিতৃ-মাতৃয়ে তেওঁক অফিচাৰ হোৱাটো বিচাৰিছিল যদিও ভাগ্যই তেওঁক গানৰ ফালে লৈ গ’ল। জগজিৎ সিঙৰ প্ৰেম কাহিনীও অতি বিখ্যাত। জগজিৎ সিঙৰ হৃদয় চিত্ৰা সিঙৰ হৃদয়ৰ লগত বান্ধ খাইছিল। মুম্বাইত য’ত চিত্ৰা বাস কৰিছিল, তাৰ বিপৰীতে থকা ঘৰত জগজিতে বাস কৰিছিল। 

চিত্ৰা নিজেও এগৰাকী গায়িকা আছিল। ১৯৬৭ চনত দুয়োজনে একেটা ষ্টুডিঅ’তে গান ৰেকৰ্ডিং কৰি আছিল। ৰেকৰ্ডিঙৰ পাছত চিত্ৰাই জগজিতক ড্ৰপ কৰাৰ ইচ্ছা প্ৰকাশ কৰে। তাৰ পিছত চাহ খাবলৈও মাতিলে। জগজিতে চাহ খাই চিত্ৰাক গজল গাই শুনালে, চিত্ৰা যথেষ্ট আপ্লুত হ'ল। দুয়ো দুয়োৰে কাষ চাপি আহিবলৈ ধৰিলে আৰু লাহে লাহে চিত্ৰা স্বামী দেবু প্ৰসাদ দত্তৰ পৰা আঁতৰি গৈ থাকিল। চিত্ৰাৰ স্বামীৰ দেবু প্ৰসাদ দত্তও আন নাৰীৰ প্ৰেমত পৰিছিল। 

দেবু প্ৰসাদ দত্ত দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হয়। তেনেতে জগজিতে তেওঁৰ ওচৰলৈ গৈ চিত্ৰাক বিয়ো কৰোৱাৰ প্ৰস্তাৱ দিয়ে। চিত্ৰাৰ স্বামীয়ে বিয়াৰ অনুমতি দিলে। ১৯৬৯ চনত জগজিত আৰু চিত্ৰাৰ বিয়া হয়। ১৯৯০ চনত জগজিত আৰু চিত্ৰাৰ জীৱনত এক ভয়ানক ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত মৃত্যু হয় পুত্ৰ বিবেকৰ। এই ঘটনাত জগজিৎ সিঙে ছমাহ সম্পূৰ্ণ নিমাত হৈ পৰিল আৰু চিত্ৰায়েও গানৰ জগত বাদ দিলে। পুত্ৰ আৰু স্বামীক সুঁৱৰি এতিয়া অকলশৰে দিন কটাইছে চিত্ৰা সিঙে। 
















FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু