--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাইফ আজমীয়ে লিখিছিল 'তুম ইতনা জ' মুস্কুৰাৰেহে হ', ক্যা গম হে জিচকৌ চুপা ৰেহে হ'...। কোনেও ভবা নাছিল যে যেতিয়া ইয়াক গীতত উপস্থাপন কৰা হ’ব, তেতিয়া ই হৃদয়ভঙা প্ৰেমিক-প্ৰেমিকা আৰু নিসংগতাত জীয়াই থকা মানুহৰ গীত হৈ পৰিব। 

জগজিৎ সিঙে গজলবোৰক অমিয়া কণ্ঠৰে সামৰি ৰাইজৰ মাজলৈ লৈ গৈছিল। আজি জগজিৎ সিঙৰ জন্মদিন। ১৯৪১ চনৰ ৮ ফেব্ৰুৱাৰীত তেওঁ জন্মগ্ৰহণ কৰিছিল। জগজিৎ সিং এতিয়া আমাৰ মাজত নাই যদিও তেওঁ গোৱা গজলবোৰে এতিয়াও তেওঁক আমাৰ মাজত জীয়াই ৰাখিছে। ২০১১ চনৰ ১০ অক্টোবৰত ইহলীলা সম্বৰণ কৰে জগজিৎ সিঙে। 

জগজিত সিঙৰ পিতৃ-মাতৃয়ে তেওঁক অফিচাৰ হোৱাটো বিচাৰিছিল যদিও ভাগ্যই তেওঁক গানৰ ফালে লৈ গ’ল। জগজিৎ সিঙৰ প্ৰেম কাহিনীও অতি বিখ্যাত। জগজিৎ সিঙৰ হৃদয় চিত্ৰা সিঙৰ হৃদয়ৰ লগত বান্ধ খাইছিল। মুম্বাইত য’ত চিত্ৰা বাস কৰিছিল, তাৰ বিপৰীতে থকা ঘৰত জগজিতে বাস কৰিছিল। 

চিত্ৰা নিজেও এগৰাকী গায়িকা আছিল। ১৯৬৭ চনত দুয়োজনে একেটা ষ্টুডিঅ’তে গান ৰেকৰ্ডিং কৰি আছিল। ৰেকৰ্ডিঙৰ পাছত চিত্ৰাই জগজিতক ড্ৰপ কৰাৰ ইচ্ছা প্ৰকাশ কৰে। তাৰ পিছত চাহ খাবলৈও মাতিলে। জগজিতে চাহ খাই চিত্ৰাক গজল গাই শুনালে, চিত্ৰা যথেষ্ট আপ্লুত হ'ল। দুয়ো দুয়োৰে কাষ চাপি আহিবলৈ ধৰিলে আৰু লাহে লাহে চিত্ৰা স্বামী দেবু প্ৰসাদ দত্তৰ পৰা আঁতৰি গৈ থাকিল। চিত্ৰাৰ স্বামীৰ দেবু প্ৰসাদ দত্তও আন নাৰীৰ প্ৰেমত পৰিছিল। 

দেবু প্ৰসাদ দত্ত দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হয়। তেনেতে জগজিতে তেওঁৰ ওচৰলৈ গৈ চিত্ৰাক বিয়ো কৰোৱাৰ প্ৰস্তাৱ দিয়ে। চিত্ৰাৰ স্বামীয়ে বিয়াৰ অনুমতি দিলে। ১৯৬৯ চনত জগজিত আৰু চিত্ৰাৰ বিয়া হয়। ১৯৯০ চনত জগজিত আৰু চিত্ৰাৰ জীৱনত এক ভয়ানক ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত মৃত্যু হয় পুত্ৰ বিবেকৰ। এই ঘটনাত জগজিৎ সিঙে ছমাহ সম্পূৰ্ণ নিমাত হৈ পৰিল আৰু চিত্ৰায়েও গানৰ জগত বাদ দিলে। পুত্ৰ আৰু স্বামীক সুঁৱৰি এতিয়া অকলশৰে দিন কটাইছে চিত্ৰা সিঙে। 
















FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক