--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অব্যাহত আছে ডক্তৰ বেজবৰুৱা ২ৰ জয়যাত্ৰা। অসমৰ লগতে দেশৰ ভিন্ন ৰাজ্যৰ ছবিগৃহত বৃদ্ধি কৰা হ'ল প্ৰদৰ্শনী। 

দিল্লীত দুটা ছবিগৃহৰ পৰিৱৰ্তে পাঁচটা ছবিগৃহত প্ৰদৰ্শনৰ ব্যৱস্থা৷ চেন্নাইত এটাৰ পৰা দুটা ছবিগৃহত প্ৰদৰ্শন কৰা হৈছে ডক্তৰ বেজবৰুৱা ২। ইয়াৰ লগতে নয়ডা,হাইদৰাবাদতো প্ৰদৰ্শনী বৃদ্ধি৷

শুকুৰবাৰৰ পৰা মুম্বাই, গোৱা, পুনে, কলকাতা, আহমেদাবাদত প্ৰদৰ্শিত হ'ব ডক্তৰ বেজবৰুৱা ২৷

আমেৰিকা,অষ্ট্ৰেলিয়া, ডুবাই, লণ্ডন আৰু ওমানৰ পৰাও আহিছে অনুৰোধ৷ এই সন্দৰ্ভত মুম্বাইৰ ডিষ্ট্ৰিবিউটাৰৰ লগত যোগাযোগ হৈ আছে। সোনকালে বিদেশতো এই ছবিখনৰ প্ৰদৰ্শনীৰ চিন্তা কৰা হৈছে৷

উল্লেখ্য যে মুক্তিৰ বহু পূৰ্বৰ পৰা এইখন অসমীয়া ছবিক লৈ ৰাইজৰ মাজত ব্যাপক উছাহ দেখিবলৈ পোৱা গৈছে। ছবিখনৰ মুক্তিৰ দিনটোৰ বাবে অধীৰ আগ্ৰহেৰে ৰৈ আছিল ছবিপ্ৰেমীসকল। ৩ ফেব্ৰুৱাৰীত মুক্তি লভিলে ডক্তৰ বেজবৰুৱা ২য়ে। 

ডক্তৰ বেজবৰুৱা ২ পৰিচালনা অসমৰ জ্যেষ্ঠ অভিনেতা প্ৰয়াত নিপন গোস্বামীৰ। চিনেমাখনত এক গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে নিপন গোস্বামীয়ে। তেওঁৰ পুত্ৰ-বোৱাৰী সিদ্ধাৰ্থ গোস্বামী আৰু কিংকিনী ভট্টাচাৰ্যই ৰূপায়ন কৰিছে নায়ক-নায়িকাৰ চৰিত্ৰ। জুবিন গাৰ্গক দেখা যাব এটা অন্যতম গুৰুত্বপূৰ্ণ চৰিত্ৰত। সংগীত পৰিচালনা জুবিন গাৰ্গৰ। আদিল হুছেইনে ৰূপায়ন কৰিছে এক শক্তিশালী চৰিত্ৰ।

অসমৰ চিত্ৰনাট্যকাৰ-নাট্যকাৰ-গীতিকাৰ ৰাজদ্বীপে ছবিখনৰ চিত্ৰনাট্য লিখিছে। এ এম টেলিভিছনৰ বেনাৰত ডঃ সঞ্জীৱ নাৰায়ণ আৰু ডাঃ অক্ষতা নাৰায়ণে প্ৰযোজনা কৰিছে এই ছবিখন।

ছাচপেঞ্চ থ্ৰিলাৰ হিচাপে 'ডক্টৰ বেজবৰুৱা ২'য়ে অসমীয়া চলচ্চিত্ৰ জগতক প্ৰদান কৰিছে এক নতুন মাত্ৰা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু