--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অব্যাহত আছে ডক্তৰ বেজবৰুৱা ২ৰ জয়যাত্ৰা। অসমৰ লগতে দেশৰ ভিন্ন ৰাজ্যৰ ছবিগৃহত বৃদ্ধি কৰা হ'ল প্ৰদৰ্শনী। 

দিল্লীত দুটা ছবিগৃহৰ পৰিৱৰ্তে পাঁচটা ছবিগৃহত প্ৰদৰ্শনৰ ব্যৱস্থা৷ চেন্নাইত এটাৰ পৰা দুটা ছবিগৃহত প্ৰদৰ্শন কৰা হৈছে ডক্তৰ বেজবৰুৱা ২। ইয়াৰ লগতে নয়ডা,হাইদৰাবাদতো প্ৰদৰ্শনী বৃদ্ধি৷

শুকুৰবাৰৰ পৰা মুম্বাই, গোৱা, পুনে, কলকাতা, আহমেদাবাদত প্ৰদৰ্শিত হ'ব ডক্তৰ বেজবৰুৱা ২৷

আমেৰিকা,অষ্ট্ৰেলিয়া, ডুবাই, লণ্ডন আৰু ওমানৰ পৰাও আহিছে অনুৰোধ৷ এই সন্দৰ্ভত মুম্বাইৰ ডিষ্ট্ৰিবিউটাৰৰ লগত যোগাযোগ হৈ আছে। সোনকালে বিদেশতো এই ছবিখনৰ প্ৰদৰ্শনীৰ চিন্তা কৰা হৈছে৷

উল্লেখ্য যে মুক্তিৰ বহু পূৰ্বৰ পৰা এইখন অসমীয়া ছবিক লৈ ৰাইজৰ মাজত ব্যাপক উছাহ দেখিবলৈ পোৱা গৈছে। ছবিখনৰ মুক্তিৰ দিনটোৰ বাবে অধীৰ আগ্ৰহেৰে ৰৈ আছিল ছবিপ্ৰেমীসকল। ৩ ফেব্ৰুৱাৰীত মুক্তি লভিলে ডক্তৰ বেজবৰুৱা ২য়ে। 

ডক্তৰ বেজবৰুৱা ২ পৰিচালনা অসমৰ জ্যেষ্ঠ অভিনেতা প্ৰয়াত নিপন গোস্বামীৰ। চিনেমাখনত এক গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে নিপন গোস্বামীয়ে। তেওঁৰ পুত্ৰ-বোৱাৰী সিদ্ধাৰ্থ গোস্বামী আৰু কিংকিনী ভট্টাচাৰ্যই ৰূপায়ন কৰিছে নায়ক-নায়িকাৰ চৰিত্ৰ। জুবিন গাৰ্গক দেখা যাব এটা অন্যতম গুৰুত্বপূৰ্ণ চৰিত্ৰত। সংগীত পৰিচালনা জুবিন গাৰ্গৰ। আদিল হুছেইনে ৰূপায়ন কৰিছে এক শক্তিশালী চৰিত্ৰ।

অসমৰ চিত্ৰনাট্যকাৰ-নাট্যকাৰ-গীতিকাৰ ৰাজদ্বীপে ছবিখনৰ চিত্ৰনাট্য লিখিছে। এ এম টেলিভিছনৰ বেনাৰত ডঃ সঞ্জীৱ নাৰায়ণ আৰু ডাঃ অক্ষতা নাৰায়ণে প্ৰযোজনা কৰিছে এই ছবিখন।

ছাচপেঞ্চ থ্ৰিলাৰ হিচাপে 'ডক্টৰ বেজবৰুৱা ২'য়ে অসমীয়া চলচ্চিত্ৰ জগতক প্ৰদান কৰিছে এক নতুন মাত্ৰা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক