--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হায়দাবাদৰ জিএমচি বালাযোগী ক্রীড়া প্ৰকল্পত সামৰণি পৰা পঞ্চম কেডেট ৰাষ্ট্ৰীয় টাইকোৱাণ্ডোত কিউৰোগী আৰু পুমছে চেম্পিয়নশ্বিপত অসম দলে সামগ্রিকভাৱে ৰাণাৰ আপৰ খিতাপ দখল কৰাৰ লগতে ল’ৰা আৰু ছোৱালীৰ শাখাত দ্বিতীয় শ্ৰেষ্ঠ দলৰ খিতাপ লাভ কৰিছে। সদৌ অসম টাইকোৱাণ্ডো সন্থাৰ সাধাৰণ সম্পাদক হিৰণ্য শইকীয়াই এই কথা সদৰী কৰিছে।

পিহু কুমাৰীয়ে টুর্ণামেন্ট শ্রেষ্ঠ মহিলা এথলিটৰ সন্মান লাভ কৰিছে। পুমছেত অসম দলটোৱে শ্রেষ্ঠত্ব অর্জন কৰি গৌৰৱ কঢ়িয়াইছে। মহিলাৰ ব্যক্তিগত পুমছেত মৈত্ৰী শৰ্মা, মহিলাৰ ৫৯ কিঃগ্ৰাঃ শাখাত পিহু কুমাৰী, মহিলাৰ অনূৰ্ধ্বৰ ৪৭ কিঃ গ্ৰাঃ শাখাত ৱাৰিটি স্বৰ্গীয়াৰী (Bwrwiti Swargiari), পুৰুষৰ অনূৰ্ধ্বৰ ৫৩ কিঃ গ্ৰাঃ শাখাত নিতেশ আগৰৱালা, পুৰুষৰ ৬৫ কিঃ গ্ৰাঃ শাখাত শিখৰ ৰঞ্জন চেতিয়াই সোণৰ পদক লাভ কৰাৰ বিপৰীতে ছোৱালীৰ গ্ৰুপ পুমছেত ডেছডিমনা পাঠক, আকাশলীনা শৰ্মা আৰু প্ৰাচী সৰকাৰে আৰু ল'ৰাৰ গ্ৰুপ পুমছেত সীমান্ত দাস নৈতিক সুমন কলিতা আৰু দেৱাশিস দাসে সোণৰ পদক জিনিবলৈ সক্ষম হয়। আনহাতে মহিলাৰ অনূৰ্ধ্বৰ ৫৯ কিঃ গ্ৰাঃ শাখাত ইন্দুশ্ৰী সোণোৱালে ৰূপ, পুৰুষৰ ব্যক্তিগত পুমছেত সীমান্ত দাসে ব্ৰঞ্জ, পেয়াৰ পুমতে দেবাশিস দাস আৰু ভায়লীনা এন বি ভূঞাই ব্রঞ্জ, মহিলাৰ অনূৰ্ধ্বৰ ২৯ কিঃ গ্ৰাঃ শাখাত দৃষ্টি শইকীয়াই ব্ৰঞ্জ আৰু পুৰুষৰ অনূৰ্ধ্বৰ ৩৭ কিঃ গ্ৰাঃ শাখাত অংকুৰ ফুকনে ব্ৰঞ্জৰ পদক লাভ কৰে। সন্থাৰ সভাপতি বলীন চেতিয়া আৰু হিৰণ্য শইকীয়াই অসম দলৰ খেলুৱৈ, প্ৰশিক্ষক, কর্মকর্তা সকলোকে অভিনন্দন জনাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু