--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হায়দাবাদৰ জিএমচি বালাযোগী ক্রীড়া প্ৰকল্পত সামৰণি পৰা পঞ্চম কেডেট ৰাষ্ট্ৰীয় টাইকোৱাণ্ডোত কিউৰোগী আৰু পুমছে চেম্পিয়নশ্বিপত অসম দলে সামগ্রিকভাৱে ৰাণাৰ আপৰ খিতাপ দখল কৰাৰ লগতে ল’ৰা আৰু ছোৱালীৰ শাখাত দ্বিতীয় শ্ৰেষ্ঠ দলৰ খিতাপ লাভ কৰিছে। সদৌ অসম টাইকোৱাণ্ডো সন্থাৰ সাধাৰণ সম্পাদক হিৰণ্য শইকীয়াই এই কথা সদৰী কৰিছে।

পিহু কুমাৰীয়ে টুর্ণামেন্ট শ্রেষ্ঠ মহিলা এথলিটৰ সন্মান লাভ কৰিছে। পুমছেত অসম দলটোৱে শ্রেষ্ঠত্ব অর্জন কৰি গৌৰৱ কঢ়িয়াইছে। মহিলাৰ ব্যক্তিগত পুমছেত মৈত্ৰী শৰ্মা, মহিলাৰ ৫৯ কিঃগ্ৰাঃ শাখাত পিহু কুমাৰী, মহিলাৰ অনূৰ্ধ্বৰ ৪৭ কিঃ গ্ৰাঃ শাখাত ৱাৰিটি স্বৰ্গীয়াৰী (Bwrwiti Swargiari), পুৰুষৰ অনূৰ্ধ্বৰ ৫৩ কিঃ গ্ৰাঃ শাখাত নিতেশ আগৰৱালা, পুৰুষৰ ৬৫ কিঃ গ্ৰাঃ শাখাত শিখৰ ৰঞ্জন চেতিয়াই সোণৰ পদক লাভ কৰাৰ বিপৰীতে ছোৱালীৰ গ্ৰুপ পুমছেত ডেছডিমনা পাঠক, আকাশলীনা শৰ্মা আৰু প্ৰাচী সৰকাৰে আৰু ল'ৰাৰ গ্ৰুপ পুমছেত সীমান্ত দাস নৈতিক সুমন কলিতা আৰু দেৱাশিস দাসে সোণৰ পদক জিনিবলৈ সক্ষম হয়। আনহাতে মহিলাৰ অনূৰ্ধ্বৰ ৫৯ কিঃ গ্ৰাঃ শাখাত ইন্দুশ্ৰী সোণোৱালে ৰূপ, পুৰুষৰ ব্যক্তিগত পুমছেত সীমান্ত দাসে ব্ৰঞ্জ, পেয়াৰ পুমতে দেবাশিস দাস আৰু ভায়লীনা এন বি ভূঞাই ব্রঞ্জ, মহিলাৰ অনূৰ্ধ্বৰ ২৯ কিঃ গ্ৰাঃ শাখাত দৃষ্টি শইকীয়াই ব্ৰঞ্জ আৰু পুৰুষৰ অনূৰ্ধ্বৰ ৩৭ কিঃ গ্ৰাঃ শাখাত অংকুৰ ফুকনে ব্ৰঞ্জৰ পদক লাভ কৰে। সন্থাৰ সভাপতি বলীন চেতিয়া আৰু হিৰণ্য শইকীয়াই অসম দলৰ খেলুৱৈ, প্ৰশিক্ষক, কর্মকর্তা সকলোকে অভিনন্দন জনাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক