--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিবাহস্থলীতে বিহপান কৰি আত্মহত্যাৰ চেষ্টা কৰে এহাল দৰা-কইনাই। বিহপান কৰাৰ কেই ঘণ্টাৰ ভিতৰতে দৰাজনৰ মৃত্যু হয়। আনহাতে, কইনাজনী হস্পিতালত মৃত্যুৰ সৈতে যুঁজি আছে।

মঙলবাৰে মধ্যপ্ৰদেশৰ ইন্দোৰত সংঘটিত হয় এই ঘটনা। পৰিয়ালৰ সূত্ৰৰ পৰা জানিব পৰা মতে ২০ বছৰীয়া যুৱতীগৰাকীয়ে যোৱা কেইসপ্তাহমানৰ পৰা যুৱকজনক বিয়াৰ বাবে হাৰাশাস্তি কৰি ফুৰিছিল।

ইপিনে, ২১ বছৰীয়া যুৱকজনে বিবাহৰ বাবে আৰু দুবছৰ সময় বিচাৰিছিল। কিন্তু যুৱতীগৰাকীয়ে মান্তি নহ’ল। অৱশেষত তেওঁলোকৰ বিয়াৰ তাৰিখ নিৰ্ধাৰণ কৰা হয়। কিন্তু বিয়াৰ দিনতো দুয়োৰে মাজত সংঘাতৰ অন্ত নপৰিল।

কানাৰিয়া অঞ্চলৰ আৰ্য সমাজ মন্দিৰত তেওঁলোকৰ বিবাহৰ আয়োজন কৰা হৈছিল। বিবাহ অনুষ্ঠানত বিষ সেৱন কৰাৰ পিছত যুৱকজনে নিজেই যুৱতীগৰাকীক এই কথা কয় । তাৰ পিছত ছোৱালীজনীয়ে নিজেও বিষ পান কৰে।

বিবাহ অনুষ্ঠানতে যুৱকজনৰ মৃত্যু হয়। আত্মীয়ই ততাতৈয়াকৈ নৱবিবাহিত দুগৰাকীক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে যুৱকজনক মৃত বুলি ঘোষণা কৰে।

আনহাতে, যুৱতীগৰাকী সংকটজনক অৱস্থাত এতিয়াও চিকিৎসাধীন হৈ আছে। তেওঁক লাইফ চাপৰ্টত ৰখা হৈছে।














FOLLOW US F
POPULAR
FEATURE
TRENDY
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ