--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিয়াৰ সময়তে   হঠাতে হৃদৰোগত আক্ৰান্ত হৈ কইনাৰ  মৃত্যু হোৱাৰ এক কৰুণ ঘটনা ঘটিছে গুজৰাটত। কিন্তু কইনাৰ মৃত্যু ঘটাৰ পিছতো বিয়াখন ৰৈ যোৱা নাছিল। পৰিয়ালৰ সদস্যসকলে কইনাৰ ভনীয়েকক দৰাৰ সৈতে বিয়া কৰোৱাই দিয়ে। 

ঘটনাটো সংঘটিত হৈছে  গুজৰাটৰ ভাৱনগৰ অঞ্চলত। মৃতকৰ নাম হেতাল। হেতাল নামৰ যুৱতীগৰাকীৰ  সৈতে বিশালৰ বিবাহ অনুষ্ঠান ভগৱানেশ্বৰ মহাদেৱ মন্দিৰত অনুষ্ঠিত কৰা  হৈছিল। দুয়োটা পৰিয়ালৰ সকলোৱে পুৱাৰে পৰা বিয়াখনত উপস্থিত আছিল।

 কইনাগৰাকীয়েও এটা এটাকৈ নিয়ম অনুসৰণ কৰি  গৈছিল। কিন্তু হঠাতে ছন্দ পতন ঘটে। সংগীত আৰু আনন্দৰ  মাজতে যুৱতীগৰাকীয়ে হঠাতে মূৰ ঘূৰাই অজ্ঞান হৈ পৰে। বিয়া খন সম্পূৰ্ণ হোৱাৰ আগতেই তেওঁৰ মৃত্যু হয়। চিকিৎসকে  কইনাৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটা বুলি প্ৰকাশ কৰে৷ কইনাৰ এনে আকস্মিক মৃত্যুত  বিবাহস্থলীত  শোকৰ ছাঁ পেলায়।

 কিন্তু বিয়াৰ অনুষ্ঠান বন্ধ হোৱা নাছিল। কান্দোনৰ মাজতে আত্মীয়সকলে কইনাৰ ভনীয়েকক দৰাৰ সৈতে বিয়া দিয়ে৷  কইনাৰ ভনীয়েকক বিয়া কৰোৱাৰ সময়ত কইনাৰ মৃতদেহ এটা শীতলীগৃহত ৰখা হৈছিল৷  বিবাহ সম্পূৰ্ণ হোৱাৰ পিছত পৰিয়ালৰ সদস্যসকলে মৃতকৰ অন্তিম সংস্কাৰ সম্পন্ন কৰে।স্থানীয় প্ৰশাসনে ঘটনাটোক "অতি দুখজনক" বুলি বৰ্ণনা কৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু