--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিয়াৰ সময়তে   হঠাতে হৃদৰোগত আক্ৰান্ত হৈ কইনাৰ  মৃত্যু হোৱাৰ এক কৰুণ ঘটনা ঘটিছে গুজৰাটত। কিন্তু কইনাৰ মৃত্যু ঘটাৰ পিছতো বিয়াখন ৰৈ যোৱা নাছিল। পৰিয়ালৰ সদস্যসকলে কইনাৰ ভনীয়েকক দৰাৰ সৈতে বিয়া কৰোৱাই দিয়ে। 

ঘটনাটো সংঘটিত হৈছে  গুজৰাটৰ ভাৱনগৰ অঞ্চলত। মৃতকৰ নাম হেতাল। হেতাল নামৰ যুৱতীগৰাকীৰ  সৈতে বিশালৰ বিবাহ অনুষ্ঠান ভগৱানেশ্বৰ মহাদেৱ মন্দিৰত অনুষ্ঠিত কৰা  হৈছিল। দুয়োটা পৰিয়ালৰ সকলোৱে পুৱাৰে পৰা বিয়াখনত উপস্থিত আছিল।

 কইনাগৰাকীয়েও এটা এটাকৈ নিয়ম অনুসৰণ কৰি  গৈছিল। কিন্তু হঠাতে ছন্দ পতন ঘটে। সংগীত আৰু আনন্দৰ  মাজতে যুৱতীগৰাকীয়ে হঠাতে মূৰ ঘূৰাই অজ্ঞান হৈ পৰে। বিয়া খন সম্পূৰ্ণ হোৱাৰ আগতেই তেওঁৰ মৃত্যু হয়। চিকিৎসকে  কইনাৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটা বুলি প্ৰকাশ কৰে৷ কইনাৰ এনে আকস্মিক মৃত্যুত  বিবাহস্থলীত  শোকৰ ছাঁ পেলায়।

 কিন্তু বিয়াৰ অনুষ্ঠান বন্ধ হোৱা নাছিল। কান্দোনৰ মাজতে আত্মীয়সকলে কইনাৰ ভনীয়েকক দৰাৰ সৈতে বিয়া দিয়ে৷  কইনাৰ ভনীয়েকক বিয়া কৰোৱাৰ সময়ত কইনাৰ মৃতদেহ এটা শীতলীগৃহত ৰখা হৈছিল৷  বিবাহ সম্পূৰ্ণ হোৱাৰ পিছত পৰিয়ালৰ সদস্যসকলে মৃতকৰ অন্তিম সংস্কাৰ সম্পন্ন কৰে।স্থানীয় প্ৰশাসনে ঘটনাটোক "অতি দুখজনক" বুলি বৰ্ণনা কৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
‘সংসদ চল’ সমদলত আৰক্ষীৰ কাৰ্যকলাপ সন্দৰ্ভত জৰুৰী শুনানি অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ
Advertisement