--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক নৃশংস হত্যাকাণ্ড। এজন ছাত্ৰৰ ঘৃণনীয় কাণ্ডত সমাজ লজ্জানত। মাৰ্কশ্বীটৰ বাবেই মহাবিদ্যালয়ৰ অধ্যক্ষৰ গাত পেট্ৰ’ল ঢালি জ্বলাই দিলেই ছাত্ৰই। সোমবাৰে ইন্দোৰৰ চিমৰোল অঞ্চলৰ ওচৰত এখন মাৰ্কশ্বীটক কেন্দ্ৰ কৰি ইন্দোৰৰ বি এম ফাৰ্মাচী মহাবিদ্যালয়ৰ ছাত্ৰই কৰিলে ঘৃণনীয় কাণ্ড। পৰীক্ষাৰ মাৰ্কশ্বীট পলমকৈ পোৱাৰ বাবেই ২৪ বছৰীয়া আশুতোষ শ্ৰীবাস্তৱ নামৰ ছাত্ৰজনে তেওঁৰ মহাবিদ্যালয়ৰ অধ্যক্ষৰ গাত পেট্ৰ’ল ঢালি জুই লগাই দিছিল। অৱশেষত মৃত্যুৰ সৈতে যুঁজি যুঁজি হাৰি গ'ল অধ্যক্ষ বিমুক্তা শৰ্মা।

বিমুক্তা শৰ্মাই সোমবাৰে মহাবিদ্যালয়ৰ পৰা ঘৰলৈ যাবলৈ তেওঁৰ গাড়ীৰ ফালে গৈ আছিল। সেই মুহূৰ্তত, আশুতোষে অধ্যক্ষগৰাকীৰ গাত পেট্ৰ’ল ঢালি জ্বলাই দিছিল। লগে লগে দপদপকৈ জ্বলি গৈছিল অধ্যক্ষ বিমুক্তা শৰ্মাৰ দেহ। গাড়ী আৰু পেট্ৰ’লৰ বাবে দ্ৰুতগতিত জুই লাগিছিল। উপস্থিত লোকসকলে জুই নুমুৱাবলৈ চেষ্টা কৰিছিল যদিও তেতিয়ালৈকে বহু পলম হৈ গৈছিল। অধ্যক্ষগৰাকীৰ শৰীৰৰ ৯০ শতাংশতকৈও অধিক জ্বলি গৈছিল। শৰীৰৰ ৯০ শতাংশ জ্বলি যোৱাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল বিমুক্তাক। অৱশেষত মৃত্যুৰ সৈতে যুঁজত হাৰ মানি শনিবাৰে পুৱা প্ৰায় ৪ বজাত চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু হয়। 

জানিব পৰা মতে আশুতোষ বি এম ফাৰ্মাচী মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ আছিল। কিছুদিনৰ পৰাই অধ্যক্ষ আৰু ছাত্ৰজনৰ মাজত বিবাদ চলি আছিল। সোমবাৰে দুয়োৰে মাজত বাক-বিতণ্ডা হৈছিল। অভিযুক্তজনে দাবী কৰিছিল যে তেওঁ মহাবিদ্যালয়ত বি ফাৰ্মত অধ্যয়ন কৰিছিল আৰু যোৱা বছৰ জুলাইত তেওঁৰ পৰীক্ষাত উত্তীৰ্ণ হৈছিল যদিও তেওঁৰ মাৰ্কশ্বীট দিয়া হোৱা নাছিল। তাৰোপৰি কৈছিল যে মাৰ্কশ্বীট দিয়াত পলম হোৱাৰ বাবে তেওঁ খঙত অধ্যক্ষক জ্বলাই হত্যা কৰিব বিচাৰিছিল।

পূৰ্বেও শ্ৰীবাস্তৱে একেটা বিবাদৰ বাবে চাৰি মাহ পূৰ্বে মহাবিদ্যালয়ৰ এগৰাকী অধ্যাপকক চুৰিৰে আক্ৰমণ কৰিছিল যাৰ ফলত অধ্যাপকগৰাকী সামান্য আঘাতপ্ৰাপ্ত হৈছিল। এই সমগ্ৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। অৱশেষত আৰক্ষীয়ে আন শিক্ষাৰ্থীৰ সহায়ত কৰায়ত্ত কৰে অভিযুক্ত শ্ৰী বাস্তৱক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু