--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক নৃশংস হত্যাকাণ্ড। এজন ছাত্ৰৰ ঘৃণনীয় কাণ্ডত সমাজ লজ্জানত। মাৰ্কশ্বীটৰ বাবেই মহাবিদ্যালয়ৰ অধ্যক্ষৰ গাত পেট্ৰ’ল ঢালি জ্বলাই দিলেই ছাত্ৰই। সোমবাৰে ইন্দোৰৰ চিমৰোল অঞ্চলৰ ওচৰত এখন মাৰ্কশ্বীটক কেন্দ্ৰ কৰি ইন্দোৰৰ বি এম ফাৰ্মাচী মহাবিদ্যালয়ৰ ছাত্ৰই কৰিলে ঘৃণনীয় কাণ্ড। পৰীক্ষাৰ মাৰ্কশ্বীট পলমকৈ পোৱাৰ বাবেই ২৪ বছৰীয়া আশুতোষ শ্ৰীবাস্তৱ নামৰ ছাত্ৰজনে তেওঁৰ মহাবিদ্যালয়ৰ অধ্যক্ষৰ গাত পেট্ৰ’ল ঢালি জুই লগাই দিছিল। অৱশেষত মৃত্যুৰ সৈতে যুঁজি যুঁজি হাৰি গ'ল অধ্যক্ষ বিমুক্তা শৰ্মা।

বিমুক্তা শৰ্মাই সোমবাৰে মহাবিদ্যালয়ৰ পৰা ঘৰলৈ যাবলৈ তেওঁৰ গাড়ীৰ ফালে গৈ আছিল। সেই মুহূৰ্তত, আশুতোষে অধ্যক্ষগৰাকীৰ গাত পেট্ৰ’ল ঢালি জ্বলাই দিছিল। লগে লগে দপদপকৈ জ্বলি গৈছিল অধ্যক্ষ বিমুক্তা শৰ্মাৰ দেহ। গাড়ী আৰু পেট্ৰ’লৰ বাবে দ্ৰুতগতিত জুই লাগিছিল। উপস্থিত লোকসকলে জুই নুমুৱাবলৈ চেষ্টা কৰিছিল যদিও তেতিয়ালৈকে বহু পলম হৈ গৈছিল। অধ্যক্ষগৰাকীৰ শৰীৰৰ ৯০ শতাংশতকৈও অধিক জ্বলি গৈছিল। শৰীৰৰ ৯০ শতাংশ জ্বলি যোৱাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল বিমুক্তাক। অৱশেষত মৃত্যুৰ সৈতে যুঁজত হাৰ মানি শনিবাৰে পুৱা প্ৰায় ৪ বজাত চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু হয়। 

জানিব পৰা মতে আশুতোষ বি এম ফাৰ্মাচী মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ আছিল। কিছুদিনৰ পৰাই অধ্যক্ষ আৰু ছাত্ৰজনৰ মাজত বিবাদ চলি আছিল। সোমবাৰে দুয়োৰে মাজত বাক-বিতণ্ডা হৈছিল। অভিযুক্তজনে দাবী কৰিছিল যে তেওঁ মহাবিদ্যালয়ত বি ফাৰ্মত অধ্যয়ন কৰিছিল আৰু যোৱা বছৰ জুলাইত তেওঁৰ পৰীক্ষাত উত্তীৰ্ণ হৈছিল যদিও তেওঁৰ মাৰ্কশ্বীট দিয়া হোৱা নাছিল। তাৰোপৰি কৈছিল যে মাৰ্কশ্বীট দিয়াত পলম হোৱাৰ বাবে তেওঁ খঙত অধ্যক্ষক জ্বলাই হত্যা কৰিব বিচাৰিছিল।

পূৰ্বেও শ্ৰীবাস্তৱে একেটা বিবাদৰ বাবে চাৰি মাহ পূৰ্বে মহাবিদ্যালয়ৰ এগৰাকী অধ্যাপকক চুৰিৰে আক্ৰমণ কৰিছিল যাৰ ফলত অধ্যাপকগৰাকী সামান্য আঘাতপ্ৰাপ্ত হৈছিল। এই সমগ্ৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। অৱশেষত আৰক্ষীয়ে আন শিক্ষাৰ্থীৰ সহায়ত কৰায়ত্ত কৰে অভিযুক্ত শ্ৰী বাস্তৱক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক