--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃমানুহজনৰ  পত্নীৰ ২৪ বছৰ আগতে মৃত্যু হৈছিল। দুয়োজন পুত্ৰৰ কোনোৱেই তেওঁক গুৰুত্ব নিদিয়ে। সেয়েহে তামিলনাডুৰ বাসিন্দা পুলপাণ্ডিয়ানে দিনটো ভিক্ষা কৰি কটায়।৭২ বছৰীয়া পুলপাণ্ডিয়ানে ভিক্ষা কৰি পোৱা ধন  বাঢ়ি গৈ গৈ এটা সময়ত ৫০ লাখ টকা হ’ল৷  বহুতে হয়তো ইমান বেছি ধনেৰে লোকজনে সুন্দৰভাবে জীৱন আৰম্ভ কৰিব বুলি ভাবিব পাৰে৷ কিন্তু লোকজনে নিজৰ বাবে সেই ধন খৰচ কৰাৰ সলনি সমুদায় ধন  মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ দান কৰিছে৷ 

সাংবাদিকৰ আগত  পুলপাণ্ডিয়ানে কয় যে তেওঁ পাঁচ বছৰ ভিক্ষা কৰি ৫০ লাখ টকা উপাৰ্জন কৰিছে।  তেওঁ তামিলনাডুৰ বিভিন্ন জিলা ভ্ৰমণ কৰিছিল আৰু চৰকাৰী কাৰ্যালয়লৈ গৈ ভিক্ষা কৰিছিল৷

এক সাক্ষাৎকাৰত তেওঁ কয়, "মোৰ পৰিয়ালত কোনো নাই। ইমান টকাৰে মই কি কৰিম? মোৰ পত্নীয়ে বহু দিনৰ আগতে মৃত্যুবৰণ কৰিছে। ল'ৰা দুটাও  বিবাহিত। এতিয়া তেওঁলোকৰ এটা নিজা নিজা  পৰিয়াল আছে। ল'ৰা দুজনে  মোৰ যত্ন নলয়। গতিকে মই অকলে ঘূৰি ফুৰো, ভিক্ষা কৰোঁ আৰু মোৰ নিজৰ খৰচ উলিয়াও "। পুলপাণ্ডিয়ানে লগতে কয়  যে তেওঁ প্ৰথমে ২০২০ চনৰ মে’ মাহত কোভিড মহামাৰীৰ সময়ত সাহায্য পুঁজিলৈ ধন দান কৰিছিল।

 তেওঁ প্ৰথমবাৰৰ বাবে ১০,০০০ টকা দান কৰিছিল। তাৰ পিছত তেওঁ তামিলনাডুৰ বিভিন্ন জিলাৰ জিলা কালেক্টৰেটৰ কাৰ্যালয়লৈ যায় আৰু ধন দান কৰে।৭২ বছৰীয়া বৃদ্ধজনে কয়  যে তেওঁ পাঁচ বছৰৰ ভিতৰত  প্ৰায় ৫০ লাখ টকা ৰাহি কৰিছে। সেই ধন তেওঁ নিজৰ বাবে  খৰচ নকৰাকৈ, তেওঁ সমগ্ৰ ধনৰাশি  মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ দান কৰাৰ সিদ্ধান্ত লয়। 

কেৱল সাহায্য পুঁজিয়েই  নহয় তেওঁ শ্ৰীলংকাৰ তামিলসকলকো সহায় কৰিবলৈ আৰু বিভিন্ন বিদ্যালয়ৰ উন্নয়নৰ বাবে   ধন দান কৰিছে। ১৯৮০ চনত পুলপাণ্ডিয়ানে তেওঁৰ পত্নী আৰু দুই পুত্ৰৰ সৈতে তামিলনাডুৰ পৰা মুম্বাইলৈ গৈছিল। তাত তেওঁৰ এটা সৰু চাকৰিও আছিল। ২০২০ চনত তেওঁক তেওঁৰ সমাজ সেৱাৰ বাবে মাদুৰাই জিলা প্ৰশাসনে  বঁটাৰে সন্মানিতও কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক