--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃমানুহজনৰ  পত্নীৰ ২৪ বছৰ আগতে মৃত্যু হৈছিল। দুয়োজন পুত্ৰৰ কোনোৱেই তেওঁক গুৰুত্ব নিদিয়ে। সেয়েহে তামিলনাডুৰ বাসিন্দা পুলপাণ্ডিয়ানে দিনটো ভিক্ষা কৰি কটায়।৭২ বছৰীয়া পুলপাণ্ডিয়ানে ভিক্ষা কৰি পোৱা ধন  বাঢ়ি গৈ গৈ এটা সময়ত ৫০ লাখ টকা হ’ল৷  বহুতে হয়তো ইমান বেছি ধনেৰে লোকজনে সুন্দৰভাবে জীৱন আৰম্ভ কৰিব বুলি ভাবিব পাৰে৷ কিন্তু লোকজনে নিজৰ বাবে সেই ধন খৰচ কৰাৰ সলনি সমুদায় ধন  মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ দান কৰিছে৷ 

সাংবাদিকৰ আগত  পুলপাণ্ডিয়ানে কয় যে তেওঁ পাঁচ বছৰ ভিক্ষা কৰি ৫০ লাখ টকা উপাৰ্জন কৰিছে।  তেওঁ তামিলনাডুৰ বিভিন্ন জিলা ভ্ৰমণ কৰিছিল আৰু চৰকাৰী কাৰ্যালয়লৈ গৈ ভিক্ষা কৰিছিল৷

এক সাক্ষাৎকাৰত তেওঁ কয়, "মোৰ পৰিয়ালত কোনো নাই। ইমান টকাৰে মই কি কৰিম? মোৰ পত্নীয়ে বহু দিনৰ আগতে মৃত্যুবৰণ কৰিছে। ল'ৰা দুটাও  বিবাহিত। এতিয়া তেওঁলোকৰ এটা নিজা নিজা  পৰিয়াল আছে। ল'ৰা দুজনে  মোৰ যত্ন নলয়। গতিকে মই অকলে ঘূৰি ফুৰো, ভিক্ষা কৰোঁ আৰু মোৰ নিজৰ খৰচ উলিয়াও "। পুলপাণ্ডিয়ানে লগতে কয়  যে তেওঁ প্ৰথমে ২০২০ চনৰ মে’ মাহত কোভিড মহামাৰীৰ সময়ত সাহায্য পুঁজিলৈ ধন দান কৰিছিল।

 তেওঁ প্ৰথমবাৰৰ বাবে ১০,০০০ টকা দান কৰিছিল। তাৰ পিছত তেওঁ তামিলনাডুৰ বিভিন্ন জিলাৰ জিলা কালেক্টৰেটৰ কাৰ্যালয়লৈ যায় আৰু ধন দান কৰে।৭২ বছৰীয়া বৃদ্ধজনে কয়  যে তেওঁ পাঁচ বছৰৰ ভিতৰত  প্ৰায় ৫০ লাখ টকা ৰাহি কৰিছে। সেই ধন তেওঁ নিজৰ বাবে  খৰচ নকৰাকৈ, তেওঁ সমগ্ৰ ধনৰাশি  মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ দান কৰাৰ সিদ্ধান্ত লয়। 

কেৱল সাহায্য পুঁজিয়েই  নহয় তেওঁ শ্ৰীলংকাৰ তামিলসকলকো সহায় কৰিবলৈ আৰু বিভিন্ন বিদ্যালয়ৰ উন্নয়নৰ বাবে   ধন দান কৰিছে। ১৯৮০ চনত পুলপাণ্ডিয়ানে তেওঁৰ পত্নী আৰু দুই পুত্ৰৰ সৈতে তামিলনাডুৰ পৰা মুম্বাইলৈ গৈছিল। তাত তেওঁৰ এটা সৰু চাকৰিও আছিল। ২০২০ চনত তেওঁক তেওঁৰ সমাজ সেৱাৰ বাবে মাদুৰাই জিলা প্ৰশাসনে  বঁটাৰে সন্মানিতও কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু