--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিচ্ছেদ হোৱা পত্নীৰ পোহনীয়া কুকুৰ ভৰণ-পোষণৰ বাবে স্বামীয়ে দিব লাগিব ভাট্টা৷শেহতীয়াকৈ মুম্বাইৰ এখন আদালতে এই নিৰ্দেশ প্ৰদান কৰিছে৷ আদালতে ঘৰুৱা হিংসাৰ গোচৰত পৰ্যবেক্ষণ কৰিছে যে পোহনীয়া জন্তুৱে মানুহক সুস্থ জীৱন যাপন কৰাত সহায় কৰে আৰু সম্পৰ্কত সংঘাতৰ ফলত সৃষ্টি হোৱা আৱেগিক ক্ষতি দূৰ কৰাত পোহনীয়া জন্তুৱে সহায় কৰে।উল্লেখ্য যে,আদলতত  এগৰাকী মহিলাই বিচ্ছিন্ন হোৱা স্বামীৰ পৰা জীৱিকা বিচাৰিছে আৰু উল্লেখ কৰিছে যে তেওঁৰ স্বাস্থ্যজনিত সমস্যা আছে আৰু তিনিটা পোহনীয়া কুকুৰো তেওঁৰ ওপৰত নিৰ্ভৰশীল।

বান্দ্ৰা আদালতৰ দণ্ডাধীশ কোমল সিংৰাজপুতে ২০ জুনত গৃহীত অন্তৱৰ্তীকালীন আদেশত ৫৫ বছৰীয়া বিচ্ছিন্ন পত্নীক ভৰণ-পোষণ হিচাপে প্ৰতিমাহে ৫০ হাজাৰ টকা দিবলৈ নিৰ্দেশ দিয়ে আৰু পোহনীয়া কুকুৰৰ ৰক্ষণাবেক্ষণ দিব নোৱাৰিব বুলি কৰা আবেদন নাকচ কৰে৷ 

দণ্ডাধীশজনে কয় যে, “এই যুক্তিবোৰৰ লগত মই একমত নহয়। পোহনীয়া জন্তুও সভ্য জীৱনশৈলীৰ এক অবিচ্ছেদ্য অংগ। মানুহৰ সুস্থ জীৱনৰ বাবে পোহনীয়া জন্তু প্ৰয়োজনীয় কাৰণ ই সম্পৰ্ক বিচ্ছেদৰ ফলত হোৱা আৱেগিক ক্ষতি দূৰ কৰে। আদালতে কয় যে সেয়েহে এইটোৱেই জীৱিকাৰ বাবে ভাট্টাৰ পৰিমাণ হ্ৰাস কৰাৰ ভিত্তি হ’ব নোৱাৰে।”

মহিলাগৰাকীয়ে আদালতৰ কাষ চাপি অহাৰ সময়ত কয় যে তেওঁৰ বিবাহ ১৯৮৬ চনৰ ছেপ্টেম্বৰ মাহত বাংগালুৰুৰ এজন ব্যৱসায়ীৰ সৈতে হৈছিল। বিয়াৰ কেইবাবছৰৰ পাছত তেওঁলোকৰ মাজত কিছু মতানৈক্যৰ সৃষ্টি হয় আৰু ২০২১ চনত স্বামীয়ে তেওঁক মুম্বাইলৈ পঠিয়াই দিয়ে।

আৱেদন অনুসৰি তেওঁ পত্নীক জীৱিকাৰ ধন দিবলৈ আৰু অন্যান্য মৌলিক প্ৰয়োজনীয়তা পূৰণৰ আশ্বাস দিছিল যদিও এই প্ৰতিশ্ৰুতি পূৰণ কৰা নাছিল। বিবাহিত জীৱনত কেইবাবাৰো ঘৰুৱা হিংসা সংঘটিত কৰিছিল। আৱেদনখনত কোৱা হৈছে যে মহিলাগৰাকীৰ উপাৰ্জনৰ কোনো উৎস নাই। তেওঁ অসুস্থ আৰু স্বাস্থ্যজনিত সমস্যাও আছে। ইয়াৰ উপৰিও তিনিটা কুকুৰৰ দায়িত্বও তেওঁৰ ওপৰত।সেয়ে বৰ্তমান আদালতে এই নিৰ্দেশ প্ৰদান কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
আকাশীগংগাত নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছসহ আটক ২
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল