--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিচ্ছেদ হোৱা পত্নীৰ পোহনীয়া কুকুৰ ভৰণ-পোষণৰ বাবে স্বামীয়ে দিব লাগিব ভাট্টা৷শেহতীয়াকৈ মুম্বাইৰ এখন আদালতে এই নিৰ্দেশ প্ৰদান কৰিছে৷ আদালতে ঘৰুৱা হিংসাৰ গোচৰত পৰ্যবেক্ষণ কৰিছে যে পোহনীয়া জন্তুৱে মানুহক সুস্থ জীৱন যাপন কৰাত সহায় কৰে আৰু সম্পৰ্কত সংঘাতৰ ফলত সৃষ্টি হোৱা আৱেগিক ক্ষতি দূৰ কৰাত পোহনীয়া জন্তুৱে সহায় কৰে।উল্লেখ্য যে,আদলতত  এগৰাকী মহিলাই বিচ্ছিন্ন হোৱা স্বামীৰ পৰা জীৱিকা বিচাৰিছে আৰু উল্লেখ কৰিছে যে তেওঁৰ স্বাস্থ্যজনিত সমস্যা আছে আৰু তিনিটা পোহনীয়া কুকুৰো তেওঁৰ ওপৰত নিৰ্ভৰশীল।

বান্দ্ৰা আদালতৰ দণ্ডাধীশ কোমল সিংৰাজপুতে ২০ জুনত গৃহীত অন্তৱৰ্তীকালীন আদেশত ৫৫ বছৰীয়া বিচ্ছিন্ন পত্নীক ভৰণ-পোষণ হিচাপে প্ৰতিমাহে ৫০ হাজাৰ টকা দিবলৈ নিৰ্দেশ দিয়ে আৰু পোহনীয়া কুকুৰৰ ৰক্ষণাবেক্ষণ দিব নোৱাৰিব বুলি কৰা আবেদন নাকচ কৰে৷ 

দণ্ডাধীশজনে কয় যে, “এই যুক্তিবোৰৰ লগত মই একমত নহয়। পোহনীয়া জন্তুও সভ্য জীৱনশৈলীৰ এক অবিচ্ছেদ্য অংগ। মানুহৰ সুস্থ জীৱনৰ বাবে পোহনীয়া জন্তু প্ৰয়োজনীয় কাৰণ ই সম্পৰ্ক বিচ্ছেদৰ ফলত হোৱা আৱেগিক ক্ষতি দূৰ কৰে। আদালতে কয় যে সেয়েহে এইটোৱেই জীৱিকাৰ বাবে ভাট্টাৰ পৰিমাণ হ্ৰাস কৰাৰ ভিত্তি হ’ব নোৱাৰে।”

মহিলাগৰাকীয়ে আদালতৰ কাষ চাপি অহাৰ সময়ত কয় যে তেওঁৰ বিবাহ ১৯৮৬ চনৰ ছেপ্টেম্বৰ মাহত বাংগালুৰুৰ এজন ব্যৱসায়ীৰ সৈতে হৈছিল। বিয়াৰ কেইবাবছৰৰ পাছত তেওঁলোকৰ মাজত কিছু মতানৈক্যৰ সৃষ্টি হয় আৰু ২০২১ চনত স্বামীয়ে তেওঁক মুম্বাইলৈ পঠিয়াই দিয়ে।

আৱেদন অনুসৰি তেওঁ পত্নীক জীৱিকাৰ ধন দিবলৈ আৰু অন্যান্য মৌলিক প্ৰয়োজনীয়তা পূৰণৰ আশ্বাস দিছিল যদিও এই প্ৰতিশ্ৰুতি পূৰণ কৰা নাছিল। বিবাহিত জীৱনত কেইবাবাৰো ঘৰুৱা হিংসা সংঘটিত কৰিছিল। আৱেদনখনত কোৱা হৈছে যে মহিলাগৰাকীৰ উপাৰ্জনৰ কোনো উৎস নাই। তেওঁ অসুস্থ আৰু স্বাস্থ্যজনিত সমস্যাও আছে। ইয়াৰ উপৰিও তিনিটা কুকুৰৰ দায়িত্বও তেওঁৰ ওপৰত।সেয়ে বৰ্তমান আদালতে এই নিৰ্দেশ প্ৰদান কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস