--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় চৰকাৰে বুধবাৰে ন্যায়াধীশ উজ্জ্বল ভূঞা আৰু এছ ভি ভাট্টিক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তিৰ অনুমতি প্ৰদান কৰে।আইন আৰু ন্যায় বিভাগৰ ৰাজ্যিক মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে টুইটযোগে এই সন্দৰ্ভত  তথ্য প্ৰকাশ কৰে।

উল্লেখ্য যে, ৫ জুলাইত উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে দুয়োজন ন্যায়াধীশক শীৰ্ষ আদালতলৈ উন্নীত কৰাৰ পৰামৰ্শ দিছিল।বৰ্তমান ন্যায়াধীশ ভূঞাই তেলেংগানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ বিপৰীতে ন্যায়াধীশ ভাট্টি কেৰালা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

ন্যায়াধীশ ভূঞাৰ অভিভাৱক উচ্চ ন্যায়ালয় হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়।২০১১ চনৰ ১৭ অক্টোবৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল৷তাৰ পাছত তেখেতে ২০২২ চনৰ ২৮ জুনৰ পৰা তেলেংগানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে।

ইপিনে ন্যায়াধীশ ভাট্টি ২০১৩ চনৰ ১২ এপ্ৰিলত অন্ধ্ৰ প্ৰদেশৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল৷২০১৯ চনৰ মাৰ্চ মাহত কেৰালা উচ্চ ন্যায়ালয়লৈ বদলি হোৱা তেখেতে বৰ্তমান ২০২৩ চনৰ ১ জুনৰ পৰা তাত মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।কলেজিয়ামৰ প্ৰস্তাৱটোত উল্লেখ কৰা হৈছে যে ২০২২ চনৰ আগষ্ট মাহৰ পৰা অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়ৰ উচ্চতম ন্যায়ালয়ত কোনো প্ৰতিনিধিত্ব নাই।

সৰ্বোচ্চ ন্যায়ালয়ৰ অনুমোদিত শক্তি ৩৪ৰ বিপৰীতে বৰ্তমান ৩০ জন ন্যায়াধীশৰ শক্তিৰে কাম কৰি আছে।দুজন নতুন ন্যায়াধীশ নিযুক্তিৰ লগে লগে উচ্চতম ন্যায়ালয়ৰ শক্তি ৩২ লৈ বৃদ্ধি পাব।






FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস