--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় চৰকাৰে বুধবাৰে ন্যায়াধীশ উজ্জ্বল ভূঞা আৰু এছ ভি ভাট্টিক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তিৰ অনুমতি প্ৰদান কৰে।আইন আৰু ন্যায় বিভাগৰ ৰাজ্যিক মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে টুইটযোগে এই সন্দৰ্ভত  তথ্য প্ৰকাশ কৰে।

উল্লেখ্য যে, ৫ জুলাইত উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে দুয়োজন ন্যায়াধীশক শীৰ্ষ আদালতলৈ উন্নীত কৰাৰ পৰামৰ্শ দিছিল।বৰ্তমান ন্যায়াধীশ ভূঞাই তেলেংগানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ বিপৰীতে ন্যায়াধীশ ভাট্টি কেৰালা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

ন্যায়াধীশ ভূঞাৰ অভিভাৱক উচ্চ ন্যায়ালয় হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়।২০১১ চনৰ ১৭ অক্টোবৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল৷তাৰ পাছত তেখেতে ২০২২ চনৰ ২৮ জুনৰ পৰা তেলেংগানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে।

ইপিনে ন্যায়াধীশ ভাট্টি ২০১৩ চনৰ ১২ এপ্ৰিলত অন্ধ্ৰ প্ৰদেশৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল৷২০১৯ চনৰ মাৰ্চ মাহত কেৰালা উচ্চ ন্যায়ালয়লৈ বদলি হোৱা তেখেতে বৰ্তমান ২০২৩ চনৰ ১ জুনৰ পৰা তাত মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।কলেজিয়ামৰ প্ৰস্তাৱটোত উল্লেখ কৰা হৈছে যে ২০২২ চনৰ আগষ্ট মাহৰ পৰা অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়ৰ উচ্চতম ন্যায়ালয়ত কোনো প্ৰতিনিধিত্ব নাই।

সৰ্বোচ্চ ন্যায়ালয়ৰ অনুমোদিত শক্তি ৩৪ৰ বিপৰীতে বৰ্তমান ৩০ জন ন্যায়াধীশৰ শক্তিৰে কাম কৰি আছে।দুজন নতুন ন্যায়াধীশ নিযুক্তিৰ লগে লগে উচ্চতম ন্যায়ালয়ৰ শক্তি ৩২ লৈ বৃদ্ধি পাব।






FOLLOW US F
POPULAR
FEATURE
TRENDY
আকাশীগংগাত নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছসহ আটক ২
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল