--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিমান গভীৰলৈ প্ৰৱেশ কৰিলে ‘গেহৰাইয়া’ ই? প্ৰত্যাশা অনুসৰি অনুৰাগীৰ হৃদয় জিনিব পাৰিছেনে ছবিখনে? পোৱা-নোপোৱাৰ অংকত যেন ব্যস্ত এতিয়া সকলো! মন কৰিবলগীয়া যে, মুক্তিৰ পাছৰেপৰা শকুন বাত্ৰাৰ পৰিচালিত ‘গেহৰাইয়া’ বিশেষ চৰ্চাত আছে। ত্ৰিকোণীয় প্ৰেমৰ কাহিনীৰে নিৰ্মিত ছবিখনক লৈ সমালোচনাৰ আঙুলি টোঁৱাইছে সুধীজনে। অৱশ্যে, কাহিনীটোৰ চৰিত্ৰৰ উপৰি শ্বুটিং স্থলীয়েও অনুৰাগীৰ দৃষ্টি আকৰ্ষণ কৰিছে। বিশেষকৈ, সাগৰৰ পাৰত থকা বাংলোটোক লৈ চৰ্চা আৰম্ভ হৈছে। গোটেই বাংলোটো ‘গেহৰাইয়া’ৰ বাবে ভাৰাত লোৱা হৈছিল। আপুনি জানেনে সেই বাংলোটোত এটা নিশাৰ ভাৰা কিমান? এই কথা জনাৰ পাছত আপোনাৰ চকু কপালত উঠিব। গোৱাৰ সেই বিলাসী ৰিজ’ৰ্টত, ৯টা ঘৰ, ৩টা সমুদ্ৰ তীৰমুখী বাংলো, কেইবাখনো ডাঙৰ পুল, বাগিচা, স্পা… কি নাই এই ৰিজ’ৰ্টখনত! গোৱাৰ নেৰুলত অৱস্থিত ৰিজ’ৰ্টখনৰ নাম আহিলিয়া। প্ৰতিটো কোঠাৰ ভাৰা বেলেগ বেলেগ। থাকিবলৈ হ’লে প্ৰতিনিশা পৰিশোধ কৰিব লাগিব ২১,০০০ৰ পৰা ৩৩ হাজাৰ টকা। প্ৰসংগক্ৰমে, এই বিলাসী বাংলোটোত ছবিখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ দৃশ্যৰ দৃশ্যগ্ৰহণ কৰা হৈছে। আলিছা, জেনৰ প্ৰথম সাক্ষাৎ, তেওঁলোকৰ ঘনিষ্ঠ প্ৰেমৰ পৰা আৰম্ভ কৰি জেন-টিয়াৰ প্ৰথম মুখামুখী হোৱাৰ দৰে কেইবাটাও ঘটনাৰ দৃশ্যগ্ৰহণ কৰা হৈছে এই বিলাসবহুল বাংলোটোত। এমাজ’ন প্ৰাইমত মুক্তি পোৱা ‘গেহৰাইয়া’ ছবিখনৰ ভিডিঅ’ক লৈ ইতিমধ্যে শ্ৰোতা-দৰ্শকৰ মিশ্ৰিত প্ৰতিক্ৰিয়া প্ৰকাশ পাইছে। ছবিখনত দীপিকা পাডুকনৰ লগতে অনন্যা পাণ্ডে, সিদ্ধান্ত চতুৰ্বেদী, ধৈৰ্য্য কাৰৱাৰ দৰে অভিনেতা-অভিনেত্ৰীয়ে কৰিছে অভিনয়। এটা সম্পৰ্কৰ মাজত তৃতীয় ব্যক্তি এজনৰ প্ৰৱেশ আৰু নতুন এটা সম্পৰ্ক গঢ়ি তোলাটো নিত্য নতুন ঘটনা হৈ পৰিছে। দীপিকা পাডুকন অভিনীত এই ছবিখনে ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ এটা নতুন সম্পৰ্কত জড়িত হোৱাৰ কাহিনীকে কৈ গৈছে। সেয়া যি কি নহওক, ছবিখনক লৈ তীব্ৰ বাদানুবাদেও ক্ৰিয়া কৰা দেখিবলৈ পোৱা গৈছে। দীপিকাৰ পৰা অনুৰাগীয়ে এনে ছবি আশা কৰা নাছিল বুলিও অনুৰাগীৰ আক্ষেপ সামাজিক মাধ্যমত। ইফালে, স্বঘোষিত চলচ্চিত্ৰ সমালোচক কামাল খানেও তিক্ত সমালোচনা কৰিছে ছবিখনক লৈ। কৰণ জোহৰক ‘যৌনতাৰ দেৱতা’ আৰু দীপিকা পাডুকনক ‘যৌনতাৰ ৰাণী’ নামেৰেও থকা-সৰকা কৰিছে সমালোচকগৰাকীয়ে। শুনিবলৈ পোৱামতে, দীপিকাৰ এই চু্ম্বনৰ দৃশ্যবোৰে ব্যক্তিগত সংসাৰতো প্ৰভাৱ পেলাব বুলিও নানা কথা ওলাইছে। ইয়াৰ মাজতে চলি আছে ‘গেহৰাইয়া’। অনুৰাগীৰ হৃদয়ৰ মণিকূটত ‘গেহৰাইয়া’ৰ গভীৰতাই স্পৰ্শ কৰিব নোৱাৰিলেও কিন্তু দীপিকা-সিদ্ধান্তই চুম্বনেৰে মানসিক সন্তুষ্টি লভিছে সেয়া ধূৰূপ!

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু