--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শেহতীয়াকৈ তুংগত উঠিছে বিচিচিআই আৰু পিচিবিৰ মাজত সৃষ্টি হোৱা বিবাদ। অহা বৰ্ষত পাকিস্তানত অনুষ্ঠিত হ'বলগীয়া এছিয়া কাপ টুৰ্ণামেণ্টত ভাৰতে অংশ নলয় বুলি স্পষ্ট কৰি প্ৰতিযোগিতাখন আন নিৰপেক্ষ স্থানত অনুষ্ঠিত কৰাৰ বিষয়ে চিন্তা কৰা হ'ব বুলি বিচিচিআইৰ সচিব জয় শ্বাহে কৰা মন্তব্যৰ পিছতে দুই দেশৰ ক্ৰিকেট ব’ৰ্ডৰ মাজত বিবাদৰ সূত্ৰপাত হৈছে। জয় শ্বাহৰ এই ভাষ্যৰ পিছতে পাকিস্তান ক্ৰিকেট ব’ৰ্ডেও অহা বৰ্ষত ভাৰতত অনুষ্ঠিত হ’বলগীয়া ক্ৰিকেট বিশ্বকাপ বৰ্জনৰ ভাবুকি দিছে। 

ৰাজনৈতিক কাৰকৰ প্ৰভাৱৰ ফলশ্ৰুতিত দেশ দুখনৰ মাজত ক্ৰীড়াক্ষেত্ৰত পৰা এনে প্ৰভাৱৰ মাজতে এই বিতৰ্ক সন্দৰ্ভত প্ৰথমবাৰৰ বাবে মুখ খুলিছে বিচিচিআইৰ নৱনিৰ্বাচিত সভাপতি ৰ’জাৰ বিন্নীয়ে। আগন্তুক এছিয়া কাপৰ বাবে ভাৰতীয় দলৰ পাকিস্তান ভ্ৰমণ সন্দৰ্ভত মন্তব্য কৰি বিন্নীয়ে এই বিষয়ত বিচিচিআই- এ কোনো স্বতন্ত্ৰ সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰে বুলি আঙুলিয়াই দিছে।

বাংগালুৰুত কৰ্ণাটক ৰাজ্যিক ক্ৰিকেট সংস্থাই আয়োজিত এক অনুষ্ঠানত ভাষণ দি বিন্নীয়ে কয় যে ভাৰতীয় ক্ৰিকেট দলে পাকিস্তান ভ্ৰমণ  কৰিব নে নকৰে সেই সন্দৰ্ভত বিচিচিআই- এ নিজাববীয়াকৈ সিদ্ধান্ত ল'ব নোৱাৰে। ব’ৰ্ডে এনে সিদ্ধান্ত লোৱাৰ বাবে চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰে। বিচিচিআইয়ে পাকিস্তান ভ্ৰমণৰ ক্ষেত্ৰত এতিয়ালৈকে চৰকাৰৰ কাষ চাপিব পৰা নাই, কিন্তু কেন্দ্ৰীয় চৰকাৰেই বিষয়টোৰ ওপৰত চূড়ান্ত সিদ্ধান্ত ল'ব বুলি বিন্নীয়ে কয়।

উল্লেখ্য যে, শেহতীয়াকৈ বিচিচিআইৰ এক সূত্ৰই অহা বৰ্ষত পাকিস্তানত অনুষ্ঠিত হ’বলগীয়া এছিয়া কাপ প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে ভাৰতীয় দল প্ৰেৰণৰ বাবে ইচ্ছুক বুলি মন্তব্য কৰাৰ পিছতে এই লৈ ব্যাপক চৰ্চা আৰম্ভ হৈছিল। কিন্তু ইয়াৰ কেইদিনমান পাছতে বিচিচিআইৰ সচিব জয় শ্বাহে এই সম্ভাৱনা নাকচ কৰিছিল।

পাকিস্তানলৈ ভাৰতীয় দল প্ৰেৰণ কৰা নহয় বুলি স্পষ্ট ঘোষণা কৰাৰ লগতে বিচিচিআইৰ সচিব তথা এছিয়ান ক্ৰিকেট কাউন্সিলৰ মুৰব্বী জয় শ্বাহে ২০২৩ চনৰ এছিয়া কাপ নিৰপেক্ষ স্থানত অনুষ্ঠিত হ'ব বুলি উল্লেখ কৰাৰ পিছতে ক্ৰমশ: চুবুৰীয়া দেশ দুখনৰ ক্ৰিকেট ব'ৰ্ডৰ মাজত সংঘাতৰ লক্ষণে গা কৰি উঠিছিল। এই সংঘাতৰ প্ৰাথমিক লক্ষণ হিচাপে এইবাৰ অহা বৰ্ষত ভাৰতত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপ বৰ্জনৰ ভাবুকি দিছিল পাকিস্তান ক্ৰিকেট ব’ৰ্ডে। 

উল্লেখ্য যে আইচিচিৰ প্ৰধান প্ৰধান টুৰ্ণামেণ্ট সমূহ তথা এছিয়া কাপৰ বাদে দুয়োখন দেশৰ মাজত ক্ৰিকেট মেচ উপভোগ কৰাৰ পৰা দীৰ্ঘদিন ধৰি বঞ্চিত হৈ আহিছে ক্ৰিকেট অনুৰাগীসকল। ভাৰত আৰু পাকিস্তানে ২০১২-১৩ বৰ্ষৰ পৰা কোনো দ্বিপাক্ষিক ক্ৰিকেট শৃংখলাত অৱতীৰ্ণ হোৱা নাই। ২০১২ চনত পাকিস্তানে তিনিখনকৈ টি-২০ আৰু এদিনীয়া মেচৰ শৃংখলাৰ বাবে ভাৰত ভ্ৰমণ কৰিছিল। ইফালে ৰাহুল দ্ৰাবিড়ৰ নেতৃত্বত ভাৰতে ২০০৫-০৬ বৰ্ষত দ্বিপাক্ষিক শৃংখলাৰ বাবে পাকিস্তান ভ্ৰমণ কৰিছিল। অৱশ্যে, ২০০৮ চনত এছিয়া কাপৰ বাবে ভাৰতে শেষবাৰৰ বাবে পাকিস্তান ভ্ৰমণ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
টী-২০ মহিলা বিশ্বকাপ ২০২৬ ; বিচিচিআইএ ঘোষণা কৰিলে ভাৰতীয় দল
গংগা এক্সপ্ৰেছৱেত হাই-টেক সুৰক্ষা ব্যৱস্থা: এতিয়াৰ পৰা গাড়ী চলাওতে টোপনি আহিলে চালকক কৰিব সতৰ্ক
অসম মেঘালয় সীমান্তৰ ফুলবাৰীৰ গোমাইঝোৰাত ভয়ংকৰ পথ দূৰ্ঘটনা: থিতাতে মৃত্যু এজন বৃদ্ধাৰ
"Women Who Rally" লিডাৰশ্বিপ কোহৰ্টত স্থান লাভ গুৱাহাটীৰ নাজনীন ৰহমানৰ
ৰোহিত জৈনক ৰিজাৰ্ভ বেংকৰ নতুন ডেপুটি গভৰ্ণৰ হিচাপে নিযুক্তি
পৰিয়ালত প্ৰেমিকৰ সৈতে বিয়াৰ দাবী; মোবাইল টাৱাৰত উঠিল কিশোৰী
খুতুৰা শাকৰ আছে বহু উপকাৰী গুণ; সুস্বাস্থ্য গঢ়াত কৰে সহায়
ভাৰতক ‘নৰকৰ দুৱাৰ’ আখ্যা ট্রাম্পৰ
মহানগৰীত দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা; ৩যুৱতীৰ নিহত, ৩যুৱক আহত
আমেৰিকা অভিমুখে যাত্রা ড° হেমচন্দ্র গোস্বামীৰ, মাজুলীৰ চামগুৰি সত্ৰৰ মুখালৈ আন্তঃৰাষ্ট্ৰীয় সমাদৰ
ইনষ্টাগ্ৰামত লাখে লাখে কমিল ৰাঘৱ চাদ্ধাৰ অনুৰাগী
ড° অশোক কুমাৰ লাহিড়ীক নিটি আয়োগৰ উপাধ্যক্ষৰূপে নিয়োগ
AIয়ে দিব বানপানীৰ আগজাননী
দিল্লীত ভয়ংকৰ পথ দুৰ্ঘটনা: তীব্ৰবেগী বাহনৰ খুন্দাত ৪ যুৱকৰ কৰুণ মৃত্যু