--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শেহতীয়াকৈ তুংগত উঠিছে বিচিচিআই আৰু পিচিবিৰ মাজত সৃষ্টি হোৱা বিবাদ। অহা বৰ্ষত পাকিস্তানত অনুষ্ঠিত হ'বলগীয়া এছিয়া কাপ টুৰ্ণামেণ্টত ভাৰতে অংশ নলয় বুলি স্পষ্ট কৰি প্ৰতিযোগিতাখন আন নিৰপেক্ষ স্থানত অনুষ্ঠিত কৰাৰ বিষয়ে চিন্তা কৰা হ'ব বুলি বিচিচিআইৰ সচিব জয় শ্বাহে কৰা মন্তব্যৰ পিছতে দুই দেশৰ ক্ৰিকেট ব’ৰ্ডৰ মাজত বিবাদৰ সূত্ৰপাত হৈছে। জয় শ্বাহৰ এই ভাষ্যৰ পিছতে পাকিস্তান ক্ৰিকেট ব’ৰ্ডেও অহা বৰ্ষত ভাৰতত অনুষ্ঠিত হ’বলগীয়া ক্ৰিকেট বিশ্বকাপ বৰ্জনৰ ভাবুকি দিছে। 

ৰাজনৈতিক কাৰকৰ প্ৰভাৱৰ ফলশ্ৰুতিত দেশ দুখনৰ মাজত ক্ৰীড়াক্ষেত্ৰত পৰা এনে প্ৰভাৱৰ মাজতে এই বিতৰ্ক সন্দৰ্ভত প্ৰথমবাৰৰ বাবে মুখ খুলিছে বিচিচিআইৰ নৱনিৰ্বাচিত সভাপতি ৰ’জাৰ বিন্নীয়ে। আগন্তুক এছিয়া কাপৰ বাবে ভাৰতীয় দলৰ পাকিস্তান ভ্ৰমণ সন্দৰ্ভত মন্তব্য কৰি বিন্নীয়ে এই বিষয়ত বিচিচিআই- এ কোনো স্বতন্ত্ৰ সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰে বুলি আঙুলিয়াই দিছে।

বাংগালুৰুত কৰ্ণাটক ৰাজ্যিক ক্ৰিকেট সংস্থাই আয়োজিত এক অনুষ্ঠানত ভাষণ দি বিন্নীয়ে কয় যে ভাৰতীয় ক্ৰিকেট দলে পাকিস্তান ভ্ৰমণ  কৰিব নে নকৰে সেই সন্দৰ্ভত বিচিচিআই- এ নিজাববীয়াকৈ সিদ্ধান্ত ল'ব নোৱাৰে। ব’ৰ্ডে এনে সিদ্ধান্ত লোৱাৰ বাবে চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰে। বিচিচিআইয়ে পাকিস্তান ভ্ৰমণৰ ক্ষেত্ৰত এতিয়ালৈকে চৰকাৰৰ কাষ চাপিব পৰা নাই, কিন্তু কেন্দ্ৰীয় চৰকাৰেই বিষয়টোৰ ওপৰত চূড়ান্ত সিদ্ধান্ত ল'ব বুলি বিন্নীয়ে কয়।

উল্লেখ্য যে, শেহতীয়াকৈ বিচিচিআইৰ এক সূত্ৰই অহা বৰ্ষত পাকিস্তানত অনুষ্ঠিত হ’বলগীয়া এছিয়া কাপ প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে ভাৰতীয় দল প্ৰেৰণৰ বাবে ইচ্ছুক বুলি মন্তব্য কৰাৰ পিছতে এই লৈ ব্যাপক চৰ্চা আৰম্ভ হৈছিল। কিন্তু ইয়াৰ কেইদিনমান পাছতে বিচিচিআইৰ সচিব জয় শ্বাহে এই সম্ভাৱনা নাকচ কৰিছিল।

পাকিস্তানলৈ ভাৰতীয় দল প্ৰেৰণ কৰা নহয় বুলি স্পষ্ট ঘোষণা কৰাৰ লগতে বিচিচিআইৰ সচিব তথা এছিয়ান ক্ৰিকেট কাউন্সিলৰ মুৰব্বী জয় শ্বাহে ২০২৩ চনৰ এছিয়া কাপ নিৰপেক্ষ স্থানত অনুষ্ঠিত হ'ব বুলি উল্লেখ কৰাৰ পিছতে ক্ৰমশ: চুবুৰীয়া দেশ দুখনৰ ক্ৰিকেট ব'ৰ্ডৰ মাজত সংঘাতৰ লক্ষণে গা কৰি উঠিছিল। এই সংঘাতৰ প্ৰাথমিক লক্ষণ হিচাপে এইবাৰ অহা বৰ্ষত ভাৰতত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপ বৰ্জনৰ ভাবুকি দিছিল পাকিস্তান ক্ৰিকেট ব’ৰ্ডে। 

উল্লেখ্য যে আইচিচিৰ প্ৰধান প্ৰধান টুৰ্ণামেণ্ট সমূহ তথা এছিয়া কাপৰ বাদে দুয়োখন দেশৰ মাজত ক্ৰিকেট মেচ উপভোগ কৰাৰ পৰা দীৰ্ঘদিন ধৰি বঞ্চিত হৈ আহিছে ক্ৰিকেট অনুৰাগীসকল। ভাৰত আৰু পাকিস্তানে ২০১২-১৩ বৰ্ষৰ পৰা কোনো দ্বিপাক্ষিক ক্ৰিকেট শৃংখলাত অৱতীৰ্ণ হোৱা নাই। ২০১২ চনত পাকিস্তানে তিনিখনকৈ টি-২০ আৰু এদিনীয়া মেচৰ শৃংখলাৰ বাবে ভাৰত ভ্ৰমণ কৰিছিল। ইফালে ৰাহুল দ্ৰাবিড়ৰ নেতৃত্বত ভাৰতে ২০০৫-০৬ বৰ্ষত দ্বিপাক্ষিক শৃংখলাৰ বাবে পাকিস্তান ভ্ৰমণ কৰিছিল। অৱশ্যে, ২০০৮ চনত এছিয়া কাপৰ বাবে ভাৰতে শেষবাৰৰ বাবে পাকিস্তান ভ্ৰমণ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু