--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টি২০ বিশ্বকাপৰ বাবে নিজৰ পচন্দৰ ভাৰতীয় স্কোৱাডটোৰ বিষয়ে জনালে গৌতম গম্ভীৰে। দুবাৰকৈ বিশ্বকাপ বিজয়ী বেটাৰজনে টীম ইণ্ডিয়া বলিং বিভাগত মহম্মদ ছামীক অত্যধিক গুৰুত্ব আৰোপ কৰে।

টীম ইণ্ডিয়াৰ খেলুৱৈসকলক লৈ গম্ভীৰে কেইবাটাও লক্ষ্যণীয় ভাষ্য আগবঢ়াইছে। বলিং বিভাগত ভূৱনেশ্বৰ কুমাৰতকৈ তেওঁ মহম্মদ ছামীক অধিক গুৰুত্ব প্ৰদান কৰিছে। তদুপৰি দিনেশ কাৰ্তিকতকৈ তেওঁৰ পচন্দৰ উইকেটকীপাৰ-বেটাৰজন হৈছে ঋষভ পণ্ট।

জি নিউজৰ আগত দিয়া এটা বাৰ্তালাপত গম্ভীৰে কয় যে ভাৰতে তিনিজন পেচাৰ লৈ খেলা উচিত। ভূৱনেশ্বৰৰ সলনি ছামীক খেলোৱা উচিত। অৰ্ষদ্বীপ সিং আৰু হৰ্ষল পেটেল আন তিনিজন পেচাৰ হোৱা উচিত বুলি গম্ভীৰে মত আগবঢ়ায়।

''চাহাল আৰু অক্ষৰ পেটেলক লৈ দুজন স্পীনাৰ খেলোৱা উচিত। হাৰ্ডিক পেটেলক ফ’ৰ্থ পেচাৰ হিচাপে খেলোৱা উচিত।’’- গম্ভীৰে কয়।

টি২০ ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তন ঘটায়েই সুন্দৰ প্ৰদৰ্শন আগবঢ়োৱা মহম্মদ ছামীক লৈ প্ৰশংসাত পঞ্চমুখ হৈ পৰে গম্ভীৰ। কয়  যে ডে’থ অভাৰত ছামীয়ে সুন্দৰ প্ৰদৰ্শন আগবঢ়ায়।

আনহাতে পণ্টক কা্‌তিকতকৈ কিয় অগ্ৰাধিকাৰ দিয়া হৈছে, সেইবিষয়েও তেওঁ ব্যাখ্যা আগবঢ়ায়। কয় যে কাৰ্তিকক শেষৰ তিনি-চাৰি অভাৰ খেলিবলৈ পঠোৱা হয়। দীঘলিয়া ইনিংছ খেলিবলৈ কাৰ্তিকক পঠোৱা নহয়। কিন্তু যদি দলে সোনকালেই উইকেট হেৰুৱায়, তেতিয়া কি হ’ব? তেতিয়া পণ্টক প্ৰয়োজন হয় বুলি তেওঁ কয়।

উল্লেখযোগ্য যে এইবাৰৰ বিশ্বকাপত ভাৰতে দেওবাৰে পাকিস্তানৰ বিৰুদ্ধে প্ৰথমখন মেচ খেলিব। মেচখনক লৈ এতিয়া সৰ্বত্ৰে ক্ৰিকেটানুৰাগীৰ মাজত উৎকণ্ঠা দেখা পোৱা গৈছে। তেনে সময়তে গম্ভীৰৰ মতামত চৰ্চিত হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু