--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টি২০ বিশ্বকাপৰ বাবে নিজৰ পচন্দৰ ভাৰতীয় স্কোৱাডটোৰ বিষয়ে জনালে গৌতম গম্ভীৰে। দুবাৰকৈ বিশ্বকাপ বিজয়ী বেটাৰজনে টীম ইণ্ডিয়া বলিং বিভাগত মহম্মদ ছামীক অত্যধিক গুৰুত্ব আৰোপ কৰে।

টীম ইণ্ডিয়াৰ খেলুৱৈসকলক লৈ গম্ভীৰে কেইবাটাও লক্ষ্যণীয় ভাষ্য আগবঢ়াইছে। বলিং বিভাগত ভূৱনেশ্বৰ কুমাৰতকৈ তেওঁ মহম্মদ ছামীক অধিক গুৰুত্ব প্ৰদান কৰিছে। তদুপৰি দিনেশ কাৰ্তিকতকৈ তেওঁৰ পচন্দৰ উইকেটকীপাৰ-বেটাৰজন হৈছে ঋষভ পণ্ট।

জি নিউজৰ আগত দিয়া এটা বাৰ্তালাপত গম্ভীৰে কয় যে ভাৰতে তিনিজন পেচাৰ লৈ খেলা উচিত। ভূৱনেশ্বৰৰ সলনি ছামীক খেলোৱা উচিত। অৰ্ষদ্বীপ সিং আৰু হৰ্ষল পেটেল আন তিনিজন পেচাৰ হোৱা উচিত বুলি গম্ভীৰে মত আগবঢ়ায়।

''চাহাল আৰু অক্ষৰ পেটেলক লৈ দুজন স্পীনাৰ খেলোৱা উচিত। হাৰ্ডিক পেটেলক ফ’ৰ্থ পেচাৰ হিচাপে খেলোৱা উচিত।’’- গম্ভীৰে কয়।

টি২০ ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তন ঘটায়েই সুন্দৰ প্ৰদৰ্শন আগবঢ়োৱা মহম্মদ ছামীক লৈ প্ৰশংসাত পঞ্চমুখ হৈ পৰে গম্ভীৰ। কয়  যে ডে’থ অভাৰত ছামীয়ে সুন্দৰ প্ৰদৰ্শন আগবঢ়ায়।

আনহাতে পণ্টক কা্‌তিকতকৈ কিয় অগ্ৰাধিকাৰ দিয়া হৈছে, সেইবিষয়েও তেওঁ ব্যাখ্যা আগবঢ়ায়। কয় যে কাৰ্তিকক শেষৰ তিনি-চাৰি অভাৰ খেলিবলৈ পঠোৱা হয়। দীঘলিয়া ইনিংছ খেলিবলৈ কাৰ্তিকক পঠোৱা নহয়। কিন্তু যদি দলে সোনকালেই উইকেট হেৰুৱায়, তেতিয়া কি হ’ব? তেতিয়া পণ্টক প্ৰয়োজন হয় বুলি তেওঁ কয়।

উল্লেখযোগ্য যে এইবাৰৰ বিশ্বকাপত ভাৰতে দেওবাৰে পাকিস্তানৰ বিৰুদ্ধে প্ৰথমখন মেচ খেলিব। মেচখনক লৈ এতিয়া সৰ্বত্ৰে ক্ৰিকেটানুৰাগীৰ মাজত উৎকণ্ঠা দেখা পোৱা গৈছে। তেনে সময়তে গম্ভীৰৰ মতামত চৰ্চিত হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক