--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সপোনৰ ছন্দত আছে বিৰাট কোহলী। নতুন বছৰটোত তেওঁ দ্বিতীয়টো শতৰাণ সম্পূৰ্ণ কৰিছে। শ্ৰীলংকাৰ বিৰুদ্ধে থিৰুৱন্তপুৰমৰ গ্ৰীনফিল্ড ষ্টেডিয়ামত তেওঁ তৃতীয়খন এদিনীয়াত পঁচাশীটা বলত শতৰাণটো সম্পূৰ্ণ কৰিছে।

ইয়াৰ পূৰ্বেও গুৱাহাটীত কোহলীয়ে চিৰিজটোৰ প্ৰথমখন এদিনীয়াত ৮৭টা বলতে ১১৩ ৰাণৰ এটা দূৰ্দান্ত ইনিংছ খেলিছিল। কোহলীৰ শতৰাণ, ৰোহিত শৰ্মা আৰু শুভমন গীলৰ অৰ্ধ শতকেৰে প্ৰথম ইনিংছত ৩৭৪ ৰাণৰ পৰ্বতসম লক্ষ্য বান্ধিবলৈ সক্ষম হৈছিল। প্ৰত্যুত্তৰত শ্ৰীলংকাই ৩০৬ ৰাণ ইনিংছ সামৰিছিল। ডাছুন ছানাকাই শতৰাণ আৰু পাথুম নিছাংকই অৰ্ধশতক কৰিলেও টীম ইণ্ডিয়াৰ লক্ষ্য অতিক্ৰম কৰিব পৰা নাছিল।

কিন্তু কলকাতাৰ ইডেন গাৰ্ডেনৰ দ্বিতীয়খন এদিনীয়াত ব্যৰ্থ হৈছিল কোহলী। কে এল ৰাহুলৰ বিস্ফোৰক অৰ্ধশতকেৰে খেলখনত টীম ইণ্ডিয়া জয়ী হ’লেও কোহলীয়ে মাত্ৰ চাৰি ৰাণতে পেভিলিঅ’নমুখী হৈছিল।

তৃতীয়খন এদিনীয়াত এটা দূৰ্দান্ত শতৰাণৰ ইনিংছ খেলা কোহলীৰ এইটো এদিনীয়া কেৰিয়াৰৰ ৭৪তম শতৰাণ। ইতিমধ্যে তেওঁ অলেখ অভিলেখৰ গৰাকী হৈছে। তাৰ মাজতে এই শতৰাণটোও থাকিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু