--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সপোনৰ ছন্দত আছে বিৰাট কোহলী। নতুন বছৰটোত তেওঁ দ্বিতীয়টো শতৰাণ সম্পূৰ্ণ কৰিছে। শ্ৰীলংকাৰ বিৰুদ্ধে থিৰুৱন্তপুৰমৰ গ্ৰীনফিল্ড ষ্টেডিয়ামত তেওঁ তৃতীয়খন এদিনীয়াত পঁচাশীটা বলত শতৰাণটো সম্পূৰ্ণ কৰিছে।

ইয়াৰ পূৰ্বেও গুৱাহাটীত কোহলীয়ে চিৰিজটোৰ প্ৰথমখন এদিনীয়াত ৮৭টা বলতে ১১৩ ৰাণৰ এটা দূৰ্দান্ত ইনিংছ খেলিছিল। কোহলীৰ শতৰাণ, ৰোহিত শৰ্মা আৰু শুভমন গীলৰ অৰ্ধ শতকেৰে প্ৰথম ইনিংছত ৩৭৪ ৰাণৰ পৰ্বতসম লক্ষ্য বান্ধিবলৈ সক্ষম হৈছিল। প্ৰত্যুত্তৰত শ্ৰীলংকাই ৩০৬ ৰাণ ইনিংছ সামৰিছিল। ডাছুন ছানাকাই শতৰাণ আৰু পাথুম নিছাংকই অৰ্ধশতক কৰিলেও টীম ইণ্ডিয়াৰ লক্ষ্য অতিক্ৰম কৰিব পৰা নাছিল।

কিন্তু কলকাতাৰ ইডেন গাৰ্ডেনৰ দ্বিতীয়খন এদিনীয়াত ব্যৰ্থ হৈছিল কোহলী। কে এল ৰাহুলৰ বিস্ফোৰক অৰ্ধশতকেৰে খেলখনত টীম ইণ্ডিয়া জয়ী হ’লেও কোহলীয়ে মাত্ৰ চাৰি ৰাণতে পেভিলিঅ’নমুখী হৈছিল।

তৃতীয়খন এদিনীয়াত এটা দূৰ্দান্ত শতৰাণৰ ইনিংছ খেলা কোহলীৰ এইটো এদিনীয়া কেৰিয়াৰৰ ৭৪তম শতৰাণ। ইতিমধ্যে তেওঁ অলেখ অভিলেখৰ গৰাকী হৈছে। তাৰ মাজতে এই শতৰাণটোও থাকিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
Advertisement