--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনিৰ বিৰুদ্ধে বিচিচিআইত দাখিল কৰা হৈছে এজাহাৰ । বিচিচিআইৰ নৈতিকতা সমিতিত মহেন্দ্ৰ সিং ধোনিৰ বিৰুদ্ধে অভিযোগ পত্ৰ দাখিল কৰিছে ইউ পিৰ আমেথি নিৱাসী ৰাজেশ কুমাৰ মৌৰ্যই। বিচিচিআইৰ ৩৯নং নিয়মৰ অধীনত মহেন্দ্ৰ সিং ধোনিৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে।

উল্লেখ্য যে বিচিচিআইত কৰা এই অভিযোগ ৰাঁচী অসামৰিক আদালতত মহেন্দ্ৰ সিং ধোনিয়ে মিহিৰ দিৱাকাৰৰ বিৰুদ্ধে ১৫ কোটি টকাৰ জালিয়াতিৰ গোচৰৰ সৈতে জড়িত। বিচিচিআইৰ নৈতিকতা সমিতিয়ে এই বিষয়ত মহেন্দ্ৰ সিং ধোনিৰ পৰা অহা ৩০ আগষ্টৰ ভিতৰত উত্তৰ বিচাৰিছে। আনহাতে, ৰাজেশ কুমাৰ মৌৰ্যক এই বিষয়ত ১৬ ছেপ্টেম্বৰৰ ভিতৰত উত্তৰ দিবলৈ কোৱা হৈছে।

এই গোচৰটো মহেন্দ্ৰ সিং ধোনীৰ সৈতে থকা প্ৰাক্তন ক্ৰিকেটাৰ মিহিৰ দিৱাকাৰ, সৌম্য দাস আৰু আৰ্কা স্প’ৰ্টছ মেনেজমেণ্ট প্ৰাইভেট লিমিটেডৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ উত্থাপন হয়। এই বিষয়ত ২০২৪ চনৰ ২০ মাৰ্চত আদালতে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছিল।এই সিদ্ধান্তত ৰাঁচী আদালতে গোচৰটোক স্বতঃস্ফূৰ্তভাৱে শুদ্ধ বুলি বিবেচনা কৰে। ইয়াৰ পিছতে আদালতে এই গোচৰত মিহিৰ দিৱাকাৰ, সৌম্য দাস আৰু আৰ্কা স্প’ৰ্টছ মেনেজমেণ্ট প্ৰাইভেট লিমিটেডৰ বিৰুদ্ধে চমন জাৰি কৰাৰ নিৰ্দেশনা দিয়ে। দৰাচলতে ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনিৰ হৈ ৰাঁচী অসামৰিক আদালতত তেওঁৰ প্ৰাক্তন ব্যৱসায়িক সহযোগী মিহিৰ দিৱাকাৰৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ৰুজু কৰা হৈছে। য’ত ধোনিৰ হৈ কোৱা হৈছে যে মিহিৰ দিৱাকাৰে চুক্তিৰ চৰ্ত উলংঘা কৰিছে। লগতে ২০২১ চনত চুক্তি বাতিল হোৱাৰ পিছতো ধোনিৰ নাম ব্যৱহাৰ কৰি আহিছে মিহিৰ দিৱাকাৰৰ কোম্পানী আৰ্কা স্প’ৰ্টছ মেনেজমেণ্ট লিমিটেডে। ধোনিৰ অধিবক্তা দয়ানন্দ সিঙে কয় যে এই কোম্পানীয়ে দেশৰ বিভিন্ন ঠাইত একাডেমী খুলিছে। কিন্তু চৰ্ত অনুসৰি ধোনিৰ সৈতে কোনো ধৰণৰ লাভ ভাগ কৰা হোৱা নাই।

এই সমগ্ৰ চুক্তিৰ চৰ্ত উলংঘাৰ বাবে ধোনিৰ প্ৰায় ১৫ কোটি টকাৰ লোকচান হয়। ধোনীৰ অধিবক্তাই পূর্বে ছ’চিয়েল মিডিয়াত মিহিৰ দিৱাকাৰে শ্বেয়াৰ কৰা মতামতৰো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷ আপোনালোকক জনাওঁ যে আনটো পক্ষ মিহিৰ দিৱাকাৰৰ হৈ মহেন্দ্ৰ সিং ধোনিৰ বিৰুদ্ধেও ১ ফেব্ৰুৱাৰীত কানপুৰ আদালতত গোচৰ ৰুজু কৰা হৈছে। এতিয়া মহেন্দ্ৰ সিং ধোনীয়ে ৩০ আগষ্টৰ পূৰ্বে এই সন্দৰ্ভত বিচিচিআইক উত্তৰ দিব লাগিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ