--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নানা অভিনৱ মনোৰঞ্জনধৰ্মী দৃশ্যৰে সামাজিক মাধ্যমত একাংশ মিমাৰে সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকলৰ মাজত হাস্যৰসৰ সৃষ্টি কৰি আহিছে। বুদ্ধিদীপ্ত কৌশল প্ৰয়োগেৰে জনসাধাৰণক হাস্যৰসৰ সমল যোগান ধৰা এই মিমাৰসকলৰ প্ৰভাৱ শেহতীয়াকৈ দেশৰ ৰাজধানী অঞ্চল দিল্লীৰ আৰক্ষী বিভাগৰ ওপৰতো পৰিছে। শেহতীয়া কিছুদিনৰ পৰা পথ সুৰক্ষা আৰু যান-বাহন চলোৱাৰ সময়ত গ্ৰহণ কৰিবলগীয়া নিয়ম তথা ব্যৱস্থাৰ বিষয়ে সজাগতা সৃষ্টিৰ ক্ষেত্ৰত দিল্লীৰ ট্ৰেফিক পুলিচে ব্যৱহাৰ কৰা অভিনৱ কৌশলে যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছে। সামাজিক মাধ্যম যোগে প্ৰচাৰ কৰা এনে অভিনৱ মনোৰঞ্জনধৰ্মী বিজ্ঞাপনেৰে দিল্লী ট্ৰেফিক পুলিচে জনসাধাৰণৰ মাজত বাৰুকৈয়ে আমোদৰ সৃষ্টি কৰিছে।

মূলত: পথ সুৰক্ষাৰ দৰে এক গুৰুতৰ আৰু প্ৰয়োজনীয় বিষয়ক হাস্যকৰভাৱে উপস্থাপন কৰি জনসাধাৰণক বিশেষভাৱে আকৰ্ষিত কৰাৰ চেষ্টা চলোৱা দিল্লী ট্ৰেফিক পুলিচে শেহতীয়াকৈ টুইটাৰত পুনৰ এনে এক বিজ্ঞাপন পোষ্ট কৰি ব্যাপক চৰ্চা লাভ কৰিছে। নিত্য নতুন কৌশলী বিজ্ঞাপনেৰে চমক লগোৱা বিভাগটোৱে এইবাৰ পথ সুৰক্ষাৰ বিজ্ঞাপনত ব্যৱহাৰ কৰিছে শেহতীয়াকৈ ক্ৰিকেট বিশ্বত আলোড়নৰ সৃষ্টি কৰা এখন মেচৰ এক বিশেষ দৃশ্য।

তিনিখনীয়া দ্বিপাক্ষিক এদিনীয়া শৃংখলাৰ বাবে শেহতীয়াকৈ ইংলেণ্ড ভ্ৰমণ কৰিছিল ভাৰতীয় মহিলা ক্ৰিকেট দলে। যোৱা শনিবাৰে অন্ত পৰা এই শৃংখলাত ভাৰতে উজ্জীৱিত প্ৰদৰ্শন দাঙি ধৰি ইংলেণ্ডক ৩-০ ব্যৱধানত ক্লীন চুইপ কৰে। শনিবাৰে অনুষ্ঠিত হোৱা শৃংখলাৰ অন্তিমখন এদিনীয়াত মেচখন ৰোমাঞ্চকৰ পৰিস্থিতিৰ ফালে গতি কৰাৰ সময়তে ভাৰতীয় দলৰ খেলুৱৈ দীপ্তি শৰ্মাই গ্ৰহণ কৰা এক বিশেষ কৌশল ব্যাপকভাৱে চৰ্চিত হৈ পৰিছিল।

মেচখনত বলিং কৰি থকাৰ সময়ত দীপ্তি শৰ্মাই ইংলেণ্ডৰ চাৰ্লি ডিনক নন-ষ্ট্ৰাইকাৰ এণ্ডত মানকাড নিয়মৰ আধাৰত ৰান আউট কৰি ভাৰতক বিজয়ী কৰি তুলিছিল। কিন্তু এই কৌশলৰ বাবে ক্ৰিকেট বিশ্বত যথেষ্ট বিতৰ্কৰো সৃষ্টি হৈছিল। ভদ্ৰলোকৰ খেল হিচাপে জনাজাত ক্ৰিকেটত এই মানকাড উইকেটৰ কৌশল খেলুৱৈসুলভ মানসিকতাৰ নহয় বুলি পূৰ্বৰে পৰা চৰ্চা চলি আহিছিল।

দীপ্তি শৰ্মাই শনিবাৰৰ মেচখনত গ্ৰহণ কৰা এই মানকাড উইকেটৰ কৌশলৰ দৃশ্যকে এতিয়া দিল্লী ট্ৰেফিক পুলিচে নিজৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত প্ৰচাৰ কৰা পথ সুৰক্ষাৰ এটা দহ ছেকেণ্ডৰ ভিডিঅ’ত সন্নিৱিষ্ট কৰিছে। ভিডিঅ’টোৰ শিৰোনামত লিখা হৈছে, “গাড়ী চলোৱাৰ সময়ত সতৰ্কতা কিয় গুৰুত্বপূৰ্ণ…”। ভিডিঅ’ ক্লিপটোৰ শেষত কেনেকৈ এক মুহূৰ্তৰ অসাৱধানতাৰ ফলত দুৰ্ঘটনা হ’ব পাৰে সেই সন্দৰ্ভত হিন্দীত এটা সতৰ্কবাণী জাৰি কৰিছে দিল্লী ট্ৰেফিক পুলিচে।

পথ সুৰক্ষাৰ সজাগতা সৃষ্টিৰ বাবে ব্যৱহাৰ কৰা এই ভিডিঅ’টোত দৰ্শকসকলে খুবেই আমোদ পাইছে। যোৱা সপ্তাহতো দিল্লী আৰক্ষীয়ে পথ দুৰ্ঘটনা নিয়ন্ত্ৰণ কৰাত সজাগতা সৃষ্টিৰ বাবে টুইটাৰত আন এক ভিডিঅ’ টুইট কৰিছিল। ভিডিঅ’টোত এজন ব্যক্তিয়ে ট্ৰেফিকত আৱদ্ধ হৈ থকা অৱস্থাত গান গাই থকা দেখিবলৈ পোৱা গৈছিল। ভিডিঅ’টোৰ শিৰোনামত লিখা হৈছিল, “ট্ৰেফিক চিগনেলত কেনেকৈ শান্ত থাকিব লাগে…”।

সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকলে সজাগতা সৃষ্টিৰ বাবে দিল্লী ট্ৰেফিক পুলিচে অৱলম্বন কৰা এই আকৰ্ষণীয় আৰু জনসাধাৰণক আমোদ দিয়াৰ লগতে মূল লক্ষ্য পূৰণত সহায় কৰিব পৰা কৌশলী পন্থাক প্ৰশংসাৰে উপচাই পেলাইছে। এনে বুদ্ধিদীপ্ত পন্থা তথা মনোৰঞ্জনমূলক পদ্ধতিয়ে দিল্লী ট্ৰেফিক পুলিচৰ প্ৰতি জনসাধাৰণক বাৰুকৈয়ে আকৃষ্ট কৰিছে। ফলস্বৰূপে টুইটাৰত ১.৪ নিযুতৰো অধিক ব্যৱহাৰকাৰীয়ে বিভাগটোক অনুসৰণ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী