--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বিজ্ঞানৰ যুগত ভূত-প্ৰেতৰ কথা অপ্ৰাসংগিক হৈ পৰিছে যদিও এতিয়াও দেশৰ বহু ঠাই আছে যিবোৰ ঠাই দিনতে পাণ্ডৱবৰ্জিত হৈ আহিছে৷ ৰাজস্থান, পশ্চিমবংগ আদি ৰাজ্যত এনে একাধিক ঠাই আছে যিবোৰলৈ যাবলৈ মানুহে ভয় কৰে৷ বিচিত্ৰ ভাৰতত থকা এখন বিচিত্ৰ গাওঁ হৈছে পশ্চিমবংগৰ বেনা গাওঁ৷ ভৌতিক গাওঁ হিচাবে জনাজাত এই গাওঁ খনত ঘৰ-দুৱাৰ, কুঁৱা, পুখুৰী, মন্দিৰ আদি সকলো আছে৷ কিন্তু গাওঁ খনত কোনো মানুহে বাস নকৰে৷ মাত্ৰ লক্ষ্মী পূৰ্ণিমাৰ দিনাহে গাওঁ খনলৈ উভতি আহে গাওঁখনৰ বাসিন্দাসকল৷

পশ্চিমবংগৰ আচানচোলৰ ভিতৰৱা গাঁও খনৰ নাম বেনা যদিও  বহুতে  বেনাগ্ৰাম বুলিও কয়৷কিন্তু বছৰৰ পিছত বছৰ ধৰি এই গাওঁ খনত কোনো লোকে বাস কৰা নাই।পৰিত্যক্ত হৈ থকাত গাওঁখনৰ ঘৰ বোৰ জহি খহি যাবলৈ ধৰিছে।

‘ভৌতিক’ গাওঁ হিচাবে জনাজাত এই গাওঁ খনত থকা নিজৰ ঘৰলৈ বছৰৰ মাত্ৰ এটা দিনতহে মানুহ আহে।

সেই দিনটো হৈছে লক্ষ্মী পূৰ্ণিমা। লক্ষ্মী পূৰ্ণিমাৰ দিনা গাওঁ খনৰ নিজৰ ঘৰলৈ অহা লোকসকলে ওৰে ৰাতি লক্ষ্মীক পূজা কৰাৰ পিছত সূৰ্য উদয়ৰ আগে আগেই   পুনৰ গাওঁখন ত্যাগ কৰি আন ঠাইলৈ উভতি যায়।

 বহু বছৰ আগতে গাওঁ খনত কমেওঁ এশ ঘৰ লোক আছিল।

কিন্তু এটা সময়ত গাওঁখনত আৰম্ভ হয় কেতবোৰ অলৌকিক কাৰ্য৷ বহুতৰে ঘৰৰ নিশা কোনোৱাই শিল-ইটা দলিওৱা, দুৱাৰত টোকৰ মৰা আদি কৰিবলৈ লয়। ফলত গাওঁবাসী শংকিত হৈ পৰে৷

গাওঁ খনৰ মাজতে থকা পুখুৰীৰ পাৰত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে গাওঁবাসীৰ নাজত নানান সঁচা-মিছা কাহিনী বিয়পি পৰিবলৈ ধৰে৷

 ‘ভূত’ৰ উপদ্ৰৱৰ পৰা  ৰক্ষা পোৱাৰ উদ্দেশ্যেই গাওঁ খনৰ বাসিন্দাসকলে গাঁও এৰি  এৰি আন ঠাইলৈ গুচি গ’ল। তেতিয়াৰে পৰা গাওঁ খন জনশূন্য হৈ ৰৈছে।

মাত্ৰ বছৰৰ লক্ষ্মী পূৰ্ণিমাৰ দিনটোতহে গাওঁবাসীয়ে গাওঁলৈ আহি লক্ষ্মী দেৱীক পূজাকৰে আৰু পিছদিনা পুৱাই পুনৰ গাওঁ এৰি আন ঠাইলৈ গুচি যায়।

পশ্চিমবংগৰ চৰকাৰে চৰকাৰে শেহতীয়াকৈ গাওঁ খনত বাট-পথ আদি নিৰ্মাণ কৰিছে যদিও কোনেও গাঁও খনত স্থায়ী ভাবে বাস কৰিবলৈ অহা নাই৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ