--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বিজ্ঞানৰ যুগত ভূত-প্ৰেতৰ কথা অপ্ৰাসংগিক হৈ পৰিছে যদিও এতিয়াও দেশৰ বহু ঠাই আছে যিবোৰ ঠাই দিনতে পাণ্ডৱবৰ্জিত হৈ আহিছে৷ ৰাজস্থান, পশ্চিমবংগ আদি ৰাজ্যত এনে একাধিক ঠাই আছে যিবোৰলৈ যাবলৈ মানুহে ভয় কৰে৷ বিচিত্ৰ ভাৰতত থকা এখন বিচিত্ৰ গাওঁ হৈছে পশ্চিমবংগৰ বেনা গাওঁ৷ ভৌতিক গাওঁ হিচাবে জনাজাত এই গাওঁ খনত ঘৰ-দুৱাৰ, কুঁৱা, পুখুৰী, মন্দিৰ আদি সকলো আছে৷ কিন্তু গাওঁ খনত কোনো মানুহে বাস নকৰে৷ মাত্ৰ লক্ষ্মী পূৰ্ণিমাৰ দিনাহে গাওঁ খনলৈ উভতি আহে গাওঁখনৰ বাসিন্দাসকল৷

পশ্চিমবংগৰ আচানচোলৰ ভিতৰৱা গাঁও খনৰ নাম বেনা যদিও  বহুতে  বেনাগ্ৰাম বুলিও কয়৷কিন্তু বছৰৰ পিছত বছৰ ধৰি এই গাওঁ খনত কোনো লোকে বাস কৰা নাই।পৰিত্যক্ত হৈ থকাত গাওঁখনৰ ঘৰ বোৰ জহি খহি যাবলৈ ধৰিছে।

‘ভৌতিক’ গাওঁ হিচাবে জনাজাত এই গাওঁ খনত থকা নিজৰ ঘৰলৈ বছৰৰ মাত্ৰ এটা দিনতহে মানুহ আহে।

সেই দিনটো হৈছে লক্ষ্মী পূৰ্ণিমা। লক্ষ্মী পূৰ্ণিমাৰ দিনা গাওঁ খনৰ নিজৰ ঘৰলৈ অহা লোকসকলে ওৰে ৰাতি লক্ষ্মীক পূজা কৰাৰ পিছত সূৰ্য উদয়ৰ আগে আগেই   পুনৰ গাওঁখন ত্যাগ কৰি আন ঠাইলৈ উভতি যায়।

 বহু বছৰ আগতে গাওঁ খনত কমেওঁ এশ ঘৰ লোক আছিল।

কিন্তু এটা সময়ত গাওঁখনত আৰম্ভ হয় কেতবোৰ অলৌকিক কাৰ্য৷ বহুতৰে ঘৰৰ নিশা কোনোৱাই শিল-ইটা দলিওৱা, দুৱাৰত টোকৰ মৰা আদি কৰিবলৈ লয়। ফলত গাওঁবাসী শংকিত হৈ পৰে৷

গাওঁ খনৰ মাজতে থকা পুখুৰীৰ পাৰত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে গাওঁবাসীৰ নাজত নানান সঁচা-মিছা কাহিনী বিয়পি পৰিবলৈ ধৰে৷

 ‘ভূত’ৰ উপদ্ৰৱৰ পৰা  ৰক্ষা পোৱাৰ উদ্দেশ্যেই গাওঁ খনৰ বাসিন্দাসকলে গাঁও এৰি  এৰি আন ঠাইলৈ গুচি গ’ল। তেতিয়াৰে পৰা গাওঁ খন জনশূন্য হৈ ৰৈছে।

মাত্ৰ বছৰৰ লক্ষ্মী পূৰ্ণিমাৰ দিনটোতহে গাওঁবাসীয়ে গাওঁলৈ আহি লক্ষ্মী দেৱীক পূজাকৰে আৰু পিছদিনা পুৱাই পুনৰ গাওঁ এৰি আন ঠাইলৈ গুচি যায়।

পশ্চিমবংগৰ চৰকাৰে চৰকাৰে শেহতীয়াকৈ গাওঁ খনত বাট-পথ আদি নিৰ্মাণ কৰিছে যদিও কোনেও গাঁও খনত স্থায়ী ভাবে বাস কৰিবলৈ অহা নাই৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু