--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অগ্নিপথক কেন্দ্ৰ কৰি এতিয়া দেশৰ বিভিন্ন প্ৰান্তত উদগীৰণ হৈছে অগ্নিপিণ্ডৰ। কেন্দ্ৰীয় চৰকাৰে দেশৰ প্ৰতিৰক্ষা খণ্ডত নিয়োগৰ বাবে ঘোষণা কৰা এই অগ্নিপথ যোজনাৰ বিৰুদ্ধে সমগ্ৰ দেশতে ক্ষোভৰ উদগীৰণ ঘটিছে। আন্দোলনত নামি পৰিছে সামৰিক বিভাগত নিযুক্তি প্ৰত্যাশী যুৱ প্ৰজন্ম। অগ্নিপথ বিৰোধী এই আন্দোলনে ঠায়ে ঠায়ে হিংসাত্মক ৰূপো ধাৰণ কৰিছে। আন্দোলন দমনৰ বাবে নামি পৰিছে সামৰিক বাহিনী। এনে সময়তে অগ্নিপথ বিৰোধী প্ৰতিবাদলৈ মুকলি সমৰ্থন আগবঢ়াই এইবাৰ প্ৰতিবাদত নামি পৰিছে দেশৰ ঐতিহাসিক কৃষক আন্দোলনৰ অন্যতম এগৰাকী মূখ্য নেতা ৰাকেশ টিকাইট।

আজি অগ্নিপথ বিৰোধী আন্দোলনৰ অংশ হিচাপে হৰিদ্বাৰৰ ৰাজপথত নামি পৰে ভাৰতীয় কিষাণ ইউনিয়ন। কৃষক সংগঠনটোৰ নেতা ৰাকেশ টিকাইটৰ নেতৃত্বত সহস্ৰাধিক কৃষকে হাতত ক’লা ফিটা বান্ধি এক দীঘলীয়া সমদল বাহিৰ কৰে। ইয়াৰ পিছতে স্থানীয় বেলৱালা খেলপথাৰত সমবেত হয় প্ৰতিবাদী কৃষকসকল। 

অগ্নিপথ যোজনাৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে দেশৰ যুৱচামৰ ভৱিষ্যতৰ সৈতে খেলা কৰাৰ অভিযোগ তুলি টিকাইটে এই যোজনা বাতিল কৰিবলৈ দাবী জনায়। তেওঁ কয় যে এই যোজনাৰ অধীনত যুৱ চামক কেৱল মাত্ৰ চাৰি বছৰলৈ সেনা বাহিনীত নিযুক্তি দি তাৰ পিছত নিবনুৱা হিচাপে এৰি দিয়া হ’ব।  এই নিবনুৱা যুৱক-যুৱতী সকলে ভৱিষ্যতে জীৱিকাৰ সমস্যাত ভুগিব। 

চাৰি বছৰৰ নিযুক্তি দি পিছলৈ নিবনুৱা সৃষ্টিৰ এই পৰিকল্পনাক বাদ দি ১৮ বৰ্ষৰ উৰ্দ্ধৰ যুৱ চামটোক এবছৰীয়া সেনা প্ৰশিক্ষণ প্ৰদান কৰি তেওঁলোকক সক্ষম কৰি তোলা পৰিকল্পনা গ্ৰহণ কৰিবলৈ দাবী জনায় কৃষক নেতা গৰাকীয়ে। 

তদুপৰি কৃষক নেতাগৰাকীয়ে অহা ৩০ জুনৰ পৰা অগ্নিপথৰ বিৰুদ্ধে জোৰদাৰ প্ৰতিবাদ আৰম্ভ কৰাৰো ঈঙ্গিত দিয়ে। টিকাইটে কয়, "আমি অগ্নিপথ আঁচনিৰ বিৰুদ্ধে ৩০ জুনত জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ যাম। আমি তাত আমাৰ স্মাৰকপত্ৰ দিম। ইয়াৰ পিছতে আমি আমাৰ পৰৱৰ্তী সিদ্ধান্ত সম্পৰ্কে বিবেচনা কৰিম।আমি এই বিষয়টোত যুৱসকলক সম্পূৰ্ণৰূপে সমৰ্থন জনাইছো।"

উল্লেখ্য যে বৃহস্পতিবাৰে টিকাইটে অগ্নিপথৰ কাৰ্যকাৰিতা বাতিল কৰিবলৈ দেশজুৰি আন্দোলনৰ প্ৰয়োজন বুলি উল্লেখ কৰিছিল। টিকাইটে অভিযোগ কৰিছিল যে এই নতুন নিযুক্তি পৰিকল্পনা কৃষকসকলৰ সন্তানৰ স্বাৰ্থত নহয়। তেওঁ কয় যে মোদী চৰকাৰে প্ৰথমে দেশৰ কৃষক সকলৰ বিৰুদ্ধে অসফল প্ৰচেষ্টা চলাইছিল আৰু এতিয়া দেশৰ যুৱ প্ৰজন্মৰ বিৰুদ্ধে এই ষড়যন্ত্ৰত লিপ্ত হৈছে। 

কিন্তু তেতিয়া কৃষকে মূৰ তল নকৰাৰ দৰে যুৱ প্ৰজন্মইও হাৰি নিদিয়ে বুলি তেওঁ স্পষ্ট প্ৰত্যাহ্বান জনায়। কৃষকসকলে কেন্দ্ৰীয় চৰকাৰৰ এই আঁচনিৰ বিৰুদ্ধে দেশজুৰি আন্দোলন আৰম্ভ কৰিব বুলি তেওঁ ঘোষণা কৰিছিল। অৱশ্যে এই প্ৰতিবাদ হিংসাত্মক হ'ব নালাগে বুলি তেওঁ লগতে দোহাৰিছিল। কৃষক আন্দোলনৰ উদাহৰণ দি তেওঁ সমগ্ৰ দেশজুৰি হিংসাত্মক আন্দোলনৰ পৰিৱৰ্তে শান্তিপূৰ্ণ আন্দোলনৰ আহ্বান জনায়।  

টিকাইটে কয়, “বৰ্তমান যুৱকসকলে সশস্ত্ৰ বাহিনীত কমেও ১৫ বছৰৰ চাকৰি আৰু অৱসৰৰ পিছত পেঞ্চন লাভ কৰিছিল। কিন্তু এই আঁচনি ৰূপায়ণৰ পিছত যেতিয়া তেওঁলোকে সশস্ত্ৰ বাহিনীৰ সেৱাৰ পৰা অৱসৰ লয়, তেওঁলোকে পেঞ্চন অবিহনে ঘৰলৈ উভতি আহিব।” এই যুক্তি অনুসৰি নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা বিধায়ক আৰু সাংসদসকলৰ বাবেও একে ধৰণৰ আইন থাকিব লাগে বুলি টিকাইটে মন্তব্য কৰিছিল।

দেশৰ বিধায়ক আৰু সাংসদসকলৰ উদাহৰণ দি টিকাইটে কয় যে তেওঁলোকে ৯০ বছৰ বয়সলৈকে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব পাৰে আৰু পেঞ্চনো লাভ কৰে। কিন্তু চাৰি বছৰৰ চাকৰিৰ ঠিক পিছতে যুৱ প্ৰজন্মৰ ওপৰত অৱসৰ আৰোপ কৰাটো অনুচিত বুলি দাবী কৰি টিকাইটে এইয়া কোনো প্ৰকাৰে কাৰ্যকৰী হ’বলৈ নিদিয়ে বুলি ঘোষণা কৰিছিল। 

সম্প্ৰতি অগ্নিপথ বিৰোধী আন্দোলন যদিও সমগ্ৰ দেশলৈ বিয়পি পৰিছে, তথাপি এই আন্দোলন অসংগঠিত পৰ্যায়ত আছে। এনে অৱস্থাত ৰাকেশ টিকাইটৰ এই সহাঁৰিয়ে আন্দোলনটোক এক নতুন ৰূপ প্ৰদান কৰিছে। কৃষক আন্দোলনৰ দৰে এক শক্তিশালী আন্দোলনত নেতৃত্ব দি সফলতা লাভ কৰা টিকাইটৰ অগ্নিপথ আন্দোলনলৈ সমৰ্থন সম্প্ৰতি গুৰুত্বপূৰ্ণ বিবেচিত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ