--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  মুকেশ আম্বানীৰ ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজে আমেৰিকান প্ৰসাধন কোম্পানী ৰেভলন ক্ৰয় কৰাৰ সম্ভাৱনা আছে। খবৰ অনুসৰি ৰেভলন কোম্পানীটো বৰ্তমান ব্যপক লোকচানৰ সন্মুখীন হৈছে, যাৰ বাবে এতিয়া কোম্পানীটো ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ কাষ চাপিছে। শেহতীয়াকৈ, ৰেভলন ইঙ্কে ঋণৰ জালত আৱদ্ধ হৈ আৰু ইয়াক পৰিশোধ কৰিবলৈ অক্ষম হোৱাৰ পিছত দেউলিয়া হোৱা বুলি খবৰ পোৱা গৈছে। অৱশ্যে, ৰিলায়েন্সে এতিয়ালৈকে এই বিষয়ে মুকলিকৈ মুখ খোলা নাই। 

যদি ৰিলায়েন্সে সঁচাকৈয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোম্পানী ৰেভলন ইনক ক্ৰয় কৰে, তেন্তে খুচুৰা আৰু টেলিকম খণ্ডৰ পাছত, মুকেশ আম্বানীৰ ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজেও প্ৰসাধনৰ নাম অন্তভুক্ত হব। একাধিক প্ৰতিবেদনে দাবী কৰিছে যে ৰিলায়েন্সে এতিয়া ফেশ্বন আৰু ব্যক্তিগত যত্ন খণ্ডৰ ওপৰত দৃষ্টি ৰাখিছে। এনে পৰিস্থিতিত, ৰিলায়েন্সে ৰেভলন ইনক ক্ৰয় কৰিব পৰাৰ পূৰ্ণ সম্ভৱনা আছে। উল্লেখ্য যে, পৃথিৱীৰ বহুতো দেশত ৰেভলন সামগ্ৰীৰ চাহিদা আছে। 

ৰেভলনৰ এলিজাবেথ আৰ্ডেন আৰু এলিজাবেথ টেইলৰৰ দৰে ১৫ টাতকৈও অধিক ব্ৰেণ্ড আছে। ৰেভলনৰ সামগ্ৰীৰ চাহিদা ১৫০ খনতকৈও অধিক দেশত আছে। বিশেষকৈ ৰেভলনৰ লিপষ্টিকৰ যথেষ্ট চাহিদা আছে। আন বহুতো খণ্ডৰ দৰে, কভিড ১৯-য়েও প্ৰসাধন কোম্পানীবোৰক প্ৰভাৱিত কৰিছে। ২০২০ চনত কভিডৰ প্ৰথম বছৰত কোম্পানীটোৰ বিক্ৰী ২১ শতাংশ হ্ৰাস পাইছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সৰ্থেবাৰী আৰক্ষীৰ বৃহৎ সফলতা; জালত পৰিল গভাইত চোৰৰ চক্ৰ, বুজন পৰিমাণৰ কাঁহৰ বাচন-বৰ্তন উদ্ধাৰ
কোনে তুলি ল’ব এইবাৰৰ বিশ্বকাপ? বিশ্বজুৰি অন্তহীন জল্পনা-কল্পনা
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement