--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  মুকেশ আম্বানীৰ ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজে আমেৰিকান প্ৰসাধন কোম্পানী ৰেভলন ক্ৰয় কৰাৰ সম্ভাৱনা আছে। খবৰ অনুসৰি ৰেভলন কোম্পানীটো বৰ্তমান ব্যপক লোকচানৰ সন্মুখীন হৈছে, যাৰ বাবে এতিয়া কোম্পানীটো ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ কাষ চাপিছে। শেহতীয়াকৈ, ৰেভলন ইঙ্কে ঋণৰ জালত আৱদ্ধ হৈ আৰু ইয়াক পৰিশোধ কৰিবলৈ অক্ষম হোৱাৰ পিছত দেউলিয়া হোৱা বুলি খবৰ পোৱা গৈছে। অৱশ্যে, ৰিলায়েন্সে এতিয়ালৈকে এই বিষয়ে মুকলিকৈ মুখ খোলা নাই। 

যদি ৰিলায়েন্সে সঁচাকৈয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোম্পানী ৰেভলন ইনক ক্ৰয় কৰে, তেন্তে খুচুৰা আৰু টেলিকম খণ্ডৰ পাছত, মুকেশ আম্বানীৰ ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজেও প্ৰসাধনৰ নাম অন্তভুক্ত হব। একাধিক প্ৰতিবেদনে দাবী কৰিছে যে ৰিলায়েন্সে এতিয়া ফেশ্বন আৰু ব্যক্তিগত যত্ন খণ্ডৰ ওপৰত দৃষ্টি ৰাখিছে। এনে পৰিস্থিতিত, ৰিলায়েন্সে ৰেভলন ইনক ক্ৰয় কৰিব পৰাৰ পূৰ্ণ সম্ভৱনা আছে। উল্লেখ্য যে, পৃথিৱীৰ বহুতো দেশত ৰেভলন সামগ্ৰীৰ চাহিদা আছে। 

ৰেভলনৰ এলিজাবেথ আৰ্ডেন আৰু এলিজাবেথ টেইলৰৰ দৰে ১৫ টাতকৈও অধিক ব্ৰেণ্ড আছে। ৰেভলনৰ সামগ্ৰীৰ চাহিদা ১৫০ খনতকৈও অধিক দেশত আছে। বিশেষকৈ ৰেভলনৰ লিপষ্টিকৰ যথেষ্ট চাহিদা আছে। আন বহুতো খণ্ডৰ দৰে, কভিড ১৯-য়েও প্ৰসাধন কোম্পানীবোৰক প্ৰভাৱিত কৰিছে। ২০২০ চনত কভিডৰ প্ৰথম বছৰত কোম্পানীটোৰ বিক্ৰী ২১ শতাংশ হ্ৰাস পাইছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু