--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টেনিছ জগতৰ পৰা ছানিয়া মিৰ্জাৰ প্ৰস্থান সুখকৰ হৈ নাথাকিল৷ ছানিয়া ডুবাই ডিউটি ফ্ৰী টেনিছ টুৰ্ণামেণ্টৰ প্ৰথম ৰাউণ্ডতে পৰাজিত হৈছে। তেওঁ  মেডিচন কীজ ভাৰ্নকিয়া কুডাৰমেটোভা-লিউডমিলা চেমচোভাৰ হাতত ৪-৬ ০-৬ৰ ব্যৱধানত পৰাজিত হৈছে৷ ইয়াৰ লগে লগে ইতি পৰিল ছানিয়াৰ দুটা দশকৰ বৰ্ণিল চেনিছ কেৰিয়াৰৰ৷ ছয়টা গ্ৰেণ্ড শ্লেম জয় কৰা ছানিয়াই পূৰ্বে ঘোষণা কৰিছিল যে তেওঁ ডুবাইত প্ৰতিদ্বন্দিতাকৰাৰ পিছতেই  টেনিছ জগতৰ পৰা বিদায় ল’ব৷ ছানিয়াই জানুৱাৰী মাহত  তেওঁৰ জীৱনৰ অন্তিমখন গ্ৰেণ্ড শ্লেম খেলিছিল।

ডুবাইতো ভাৰতৰ সৰ্বকালৰ শ্ৰেষ্ঠ মহিলা টেনিছ খেলুৱৈগৰাকীয়ে অৱশ্যে  অনুৰাগীসকলৰ আশা পূৰণ কৰিব নোৱাৰিলে। তেওঁলোকৰ যুটিটোৱে প্ৰথম ছেটত অলপ যুঁজ দিছিল ,  কিন্তু দ্বিতীয় ছেটত আশা কৰা অনুসৰি যুঁজিব নোৱাৰিলে।

মঙলবাৰে টেনিছ কোৰ্টত খেলা ছানিয়া বুধবাৰৰ পৰা এগৰাকী প্ৰাক্তন টেনিছ খেলুৱৈ হৈ পৰিল! ছানিয়া নিঃসন্দেহে ভাৰতৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ টেনিছ খেলুৱৈ। ভাৰতীয় ছোৱালীয়ে বিশ্ব পৰ্যায়ত টেনিছ খেলিব পাৰে বুলি প্ৰমাণ কৰা খেলুৱৈ  ছানিয়াই  প্ৰথম আছিল। লিয়েণ্ডাৰ পেছ, মহেশ ভূপতিয়ে পৰৱৰ্তী পৰ্যায়ত বিশ্ব দৰবাৰত ভাৰতীয় টেনিছক আগুৱাই লৈ গৈছিল। 

২০০৩ চনত পেছাদাৰী টেনিছত ভৰি দিয়াৰ পিছত ছানিয়া কেৱল ভাৰততে নহয়, এছিয়াতো মহিলা টেনিছৰ পৰিচিত  মুখ হৈ পৰিছিল। ছানিয়াৰ নাম  চেৰেনা উইলিয়ামছ আৰু মাৰিয়া ছাৰাপোভাৰ সৈতে একেলগে  উচ্চাৰণ হ’বলৈ আৰম্ভ কৰিছিল। কিন্তু বাৰে বাৰে আঘাতপ্ৰাপ্ত হোৱাৰ ফলতে  তেওঁ একক মেছ খেলিবলৈ এৰিছিল এআৰু প্ৰতিযোগিতামূলক টেনিছৰ বাবে ডাবলছ বাছনি কৰিছিল।

ছানিয়া যোৱা কেইবছৰমান ধৰি বিশ্ব টেনিছৰ ক্ষেত্ৰত ভাৰতৰ একমাত্ৰ প্ৰতিনিধি আছিল।  ৩৬ বছৰীয়া ছানিয়াই নিজৰ ইচ্ছা অনুসৰিয়েই অৱসৰৰ সময় বাছনি কৰিছে। তেওঁ কঠোৰ পৰিশ্ৰম, অধ্যৱসায়, একাগ্ৰতাৰ জড়িয়তে ইতিমধ্যে টেনিছৰ জগতত নিজৰ বাবে এখন ঠাই কৰি লৈছে৷ ।অনুৰাগীসকলে ছানিয়াৰ  অৱসৰৰ কথাটো সহজে মানি ল’ব পৰা নাই৷   তথাপি তেওঁলোকে তেওঁৰ সিদ্ধান্তক সন্মান কৰাৰ বাহিৰে আৰু কি কৰিব পাৰে! ছানিয়াই দুটা দশক ধৰি দেশক গৌৰৱান্বিত কৰিছে, সেয়াই যথেষ্ট৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
‘সংসদ চল’ সমদলত আৰক্ষীৰ কাৰ্যকলাপ সন্দৰ্ভত জৰুৰী শুনানি অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ
Advertisement