--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টেনিছ জগতৰ পৰা ছানিয়া মিৰ্জাৰ প্ৰস্থান সুখকৰ হৈ নাথাকিল৷ ছানিয়া ডুবাই ডিউটি ফ্ৰী টেনিছ টুৰ্ণামেণ্টৰ প্ৰথম ৰাউণ্ডতে পৰাজিত হৈছে। তেওঁ  মেডিচন কীজ ভাৰ্নকিয়া কুডাৰমেটোভা-লিউডমিলা চেমচোভাৰ হাতত ৪-৬ ০-৬ৰ ব্যৱধানত পৰাজিত হৈছে৷ ইয়াৰ লগে লগে ইতি পৰিল ছানিয়াৰ দুটা দশকৰ বৰ্ণিল চেনিছ কেৰিয়াৰৰ৷ ছয়টা গ্ৰেণ্ড শ্লেম জয় কৰা ছানিয়াই পূৰ্বে ঘোষণা কৰিছিল যে তেওঁ ডুবাইত প্ৰতিদ্বন্দিতাকৰাৰ পিছতেই  টেনিছ জগতৰ পৰা বিদায় ল’ব৷ ছানিয়াই জানুৱাৰী মাহত  তেওঁৰ জীৱনৰ অন্তিমখন গ্ৰেণ্ড শ্লেম খেলিছিল।

ডুবাইতো ভাৰতৰ সৰ্বকালৰ শ্ৰেষ্ঠ মহিলা টেনিছ খেলুৱৈগৰাকীয়ে অৱশ্যে  অনুৰাগীসকলৰ আশা পূৰণ কৰিব নোৱাৰিলে। তেওঁলোকৰ যুটিটোৱে প্ৰথম ছেটত অলপ যুঁজ দিছিল ,  কিন্তু দ্বিতীয় ছেটত আশা কৰা অনুসৰি যুঁজিব নোৱাৰিলে।

মঙলবাৰে টেনিছ কোৰ্টত খেলা ছানিয়া বুধবাৰৰ পৰা এগৰাকী প্ৰাক্তন টেনিছ খেলুৱৈ হৈ পৰিল! ছানিয়া নিঃসন্দেহে ভাৰতৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ টেনিছ খেলুৱৈ। ভাৰতীয় ছোৱালীয়ে বিশ্ব পৰ্যায়ত টেনিছ খেলিব পাৰে বুলি প্ৰমাণ কৰা খেলুৱৈ  ছানিয়াই  প্ৰথম আছিল। লিয়েণ্ডাৰ পেছ, মহেশ ভূপতিয়ে পৰৱৰ্তী পৰ্যায়ত বিশ্ব দৰবাৰত ভাৰতীয় টেনিছক আগুৱাই লৈ গৈছিল। 

২০০৩ চনত পেছাদাৰী টেনিছত ভৰি দিয়াৰ পিছত ছানিয়া কেৱল ভাৰততে নহয়, এছিয়াতো মহিলা টেনিছৰ পৰিচিত  মুখ হৈ পৰিছিল। ছানিয়াৰ নাম  চেৰেনা উইলিয়ামছ আৰু মাৰিয়া ছাৰাপোভাৰ সৈতে একেলগে  উচ্চাৰণ হ’বলৈ আৰম্ভ কৰিছিল। কিন্তু বাৰে বাৰে আঘাতপ্ৰাপ্ত হোৱাৰ ফলতে  তেওঁ একক মেছ খেলিবলৈ এৰিছিল এআৰু প্ৰতিযোগিতামূলক টেনিছৰ বাবে ডাবলছ বাছনি কৰিছিল।

ছানিয়া যোৱা কেইবছৰমান ধৰি বিশ্ব টেনিছৰ ক্ষেত্ৰত ভাৰতৰ একমাত্ৰ প্ৰতিনিধি আছিল।  ৩৬ বছৰীয়া ছানিয়াই নিজৰ ইচ্ছা অনুসৰিয়েই অৱসৰৰ সময় বাছনি কৰিছে। তেওঁ কঠোৰ পৰিশ্ৰম, অধ্যৱসায়, একাগ্ৰতাৰ জড়িয়তে ইতিমধ্যে টেনিছৰ জগতত নিজৰ বাবে এখন ঠাই কৰি লৈছে৷ ।অনুৰাগীসকলে ছানিয়াৰ  অৱসৰৰ কথাটো সহজে মানি ল’ব পৰা নাই৷   তথাপি তেওঁলোকে তেওঁৰ সিদ্ধান্তক সন্মান কৰাৰ বাহিৰে আৰু কি কৰিব পাৰে! ছানিয়াই দুটা দশক ধৰি দেশক গৌৰৱান্বিত কৰিছে, সেয়াই যথেষ্ট৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু